Logo
image

মঙল গ্ৰহত উদ্ধাৰ সেউজীয়া শিলাখণ্ড, ৰ’ভাৰে পঠিয়ালে ছবি

আমাৰ অসম, ৮ এপ্ৰিলঃ মঙলগ্ৰহকলৈ ৰহস্যৰ শেষ নাই৷ এই গ্ৰহৰ মাটি ৰঙা কাৰণেই মঙলগ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়৷ ইয়াৰ শিলো ৰঙা৷ কিন্তু আচৰিত যে এই ৰঙা গ্ৰহত আৱিষ্কাৰ হৈছে এটা সেউজীয়া বৰণৰ শিলাখণ্ড৷ সেউজীয়া শিলাখণ্ড উদ্ধাৰৰ ঘটনাই বিজ্ঞানী মহলক আচৰিত কৰি তুলিছে৷ উল্লেখ্য যে নাছাই প্ৰেৰণ কৰা ৰভাৰ পাৰ্চিভেৰেন্সে  প্ৰেৰণ কৰিছে শিলাখণ্ডটোৰ আলোকচিত্ৰ৷  নাছাই প্ৰকাশ কৰা মতে পাৰ্চিভেৰেন্সে কঢ়িয়াই নিয়া ক্ষুদ্ৰ হেলিকপ্টাৰখন মঙলত অৱতৰণ কৰাৰ পাছতে এই ৰহস্যৰে ভৰা শিলাখণ্ডটো প্ৰত্যক্ষ হয়৷ এই শিলাখণ্ডত কি উপাদান নিহিত হৈ আছে তাকে লৈ এতিয়া ব্যস্ত নাছাৰ বিজ্ঞানীসকল৷ নাছাৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে ৬ ইঞ্চি দৈৰ্ঘ্যৰ শিলাখণ্ডটোত সেউজীয়া স্ফটিক কিছুমান প্ৰত্যক্ষ হৈছে৷ য’ত পোহৰ পৰাৰ লগে লগে প্ৰতিফলিত হয় সেউজীয়া ৰশ্মি৷