
ধেমাজিৰ প্ৰান্তে প্ৰান্তে ঐনিতমৰ সুৰীয়া সুৰ
'আমাৰ অসম'ৰ ধেমাজিৰ প্ৰতিবেদক, ১৯ ফেব্ৰুৱাৰীঃ আজি অসমৰ অন্যতম ভূমিপুত্ৰ তথা দ্বিতীয় জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। সমগ্ৰ মিচিং জনসাধাৰণে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই কৃষি উৎসৱটো পালন কৰি আহিছে। আজিও তাৰ ব্যতিক্ৰম নহয়৷ ধেমাজি জিলাৰ বিভিন্ন মিচিং অধ্যুষিত ঠাই বা গাঁৱৰ লগতে দক্ষিণ ধেমাজি অঞ্চলৰ কাইটং কয়েম চাপৰি অঞ্চলৰ ৰাইজ সমবেত হৈ লৃগাঙৰ কাৰ্যসূচীত ব্যস্ত হৈ পৰে৷ স্থানীয় এখন নৈৰ পাৰত পুৱাৰ পৰাই ঐনিতমৰ সুৰে জীপাল কৰি ৰখা প্ৰতিগৰাকী মিচিং যুৱক-যুৱতী তথা স্থানীয় ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰেই লৃগাঙৰ কাৰ্যসূচী আগবঢ়াই নিয়ে৷ তেওঁলোকে শইচ ৰোপণৰ বাবে মাংগলিক নীতি-নিয়মৰ লগতে লোক খাদ্যৰ সম্ভাৰ প্ৰস্তুত কৰে৷ কোনোৱে যদি আপং চাকিছে কোনোৱে আকৌ ৰন্ধনত ব্যস্ত হৈ পৰিছে৷ খৰিকাত দিয়া মাছ আৰু গাহৰি মাংসৰ উপৰি মেচাকি পাত, বনধনীয়া, ডিমৰু পাত আৰু গাহৰি মঙহৰ ভজা, তৰা পাতত বন্ধা পুৰাঙৰ ফুৰফুৰীয়া গোন্ধ৷ পকা ঔটেঙা দি মাটিমাহ আৰু গাহৰি মাংসৰ আঞ্জাই বাটৰ বাটৰুৱাক হাত বাউলি মাতিছে৷
উৎসৱমুখৰ হৈ পৰিছে মিচিং অধ্যুষিত অঞ্চলসমূহৰ ৰাইজ৷ ধেমাজিৰ কাইটাং কয়েম চাপৰিত ঐনিতমৰ তালে তালে মিচিং মৃমবৰ য়ামে সকল গুমৰাগ চ’মানত ব্যস্ত হৈ পৰিছে৷ কাইলৈয়ো তেওঁলোকে বিভিন্ন কাৰ্যসূচী হাতত লোৱা বুলি জানিবলৈ দিয়ে ৷ ইফালে ধেমাজি নগৰৰ নলনিপামৰ ৰুৱাড দলুং মুৰং উকুমা দিনযোৰা কাৰ্যসূচীৰে আলি আঃয়ে লৃগাং পালন কৰে৷ লৃগাঙৰ পৰম্পৰা সামৰাৰ পাছতে স্থানীয় আগশাৰীৰ ব্যক্তি দেৱীৰাম পেগুৰ সঞ্চালনাত এখনি সভা অনুষ্ঠিত হয়৷ স্থানীয় সৰবৰহী ব্যক্তি ধৰণীধৰ দলেয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ধেমাজি পৌৰসভাৰ পৌৰপতি দীপৰেখা দাশ বাঘ্ৰী, বলিন গগৈ আৰু বিপুল বৰদলৈয়ে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰি ভাষণ প্ৰদান কৰে৷ সভাত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক মণিকান্ত কুলি আৰু জ্যেষ্ঠ নাগৰিক হিৰণ্য দলেয়ে সাম্প্ৰতিক সময়ৰ লৃগাঙৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়৷ অনুৰূপধৰণে জিলাখনৰ প্ৰায়বোৰ মিচিং অধ্যুষিত এলেকাত আলি আঃয়ে লৃগাং পালন কৰা হয়৷