Logo
image

ঋণ প্ৰসংগত পীয়ূষ, ভূতৰ মুখত ৰাম নাম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ফেব্ৰুৱাৰীঃ ‘অখিল গগৈয়ে বিধানসভাত ঋণ লৈ উন্নয়নৰ কাম কৰিবলৈ কয়, বাহিৰত গৈ ওলোটা খৰ মাৰে৷ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ লৈ অসমখন ধবংস কৰিলে বুলি বদনাম কৰে৷’– আজি বিধানসভাত অখিল গগৈ তথা বিৰোধীক এনেদৰে কটাক্ষ কৰে জলসম্পক মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ উল্লেখ্য, আজি বিধানসভাত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং, দৰিকা আৰু জাজী নদীৰ বান সন্দৰ্ভত এক প্ৰশ্ন উত্থাপন কৰি জলসম্পদ বিভাগে কৰি দিয়া কামৰ বাবে মন্ত্ৰী পীয়ূষ হাজৰিকাক ভুৰি ভুৰি প্ৰশংসা কৰে৷ বিধায়কজনে কয় যে জলসম্পদ বিভাগে সমষ্টিটোৰ কেইবাটাও কাম কৰি দিছে৷ তেওঁ লগতে কয় যে শিৱসাগৰ চহৰখনক বচাবলৈ হ’লে ব্ৰহ্মপুত্ৰৰ ২৬ কিলোমিটাৰ অংশৰ ১১ কিলোমিটাৰ খহনীয়া প্ৰৱণ অঞ্চলত মথাউৰি নিৰ্মাণ জৰুৰী হৈ পৰিছে৷ ইয়াৰ বাবে এডিবি তথা বিশ্ববেংকত এটা প্ৰকল্প দাখিল কৰি থোৱাৰ কথা উল্লেখ কৰি অখিল গগৈয়ে এই প্ৰজেক্টটোৰ বৰ্তমান কি পৰ্যায়ত আছে সেই সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ পৰা জানিবলৈ বিচাৰে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই সদস্যগৰাকীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কয় যে সদনত আজি ভূতৰ মুখত ৰাম নাম হৈছে৷ সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই সংবাদমেলই হওঁক বা ছ’চিয়েল মিডিয়াতেই হওঁক প্ৰকাশ কৰে যে চৰকাৰখনে লোন লৈ অসমখন ধবংস কৰিলে৷ কিন্তু তেওঁ আজি লোন ল’বলৈ পৰামৰ্শ দিলে৷ তেওঁক এডিবিৰ পইচা লাগে৷


এছিয়ান ডেভেলপমেণ্টৰ টকাৰে তেওঁৰ সমষ্টিত উন্নয়ন লাগে, গতিকে তেওঁ আমাৰ লোন লোৱাৰ যি প্ৰক্ৰিয়া তাক ন্যায্যতা প্ৰদান কৰিলে৷ লোনৰ কথাত বিধায়ক অখিল গগৈয়ে ন্যায্যতা প্ৰদান কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰে৷ আজিৰ পৰা ঋণৰ বিষয়ত মানুহক যাতে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা নকৰে তাৰ বাবে বিধায়ক অখিল গগৈক বিধানসভাৰ অধ্যক্ষৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায়৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই বিধায়কজনৰ সমষ্টিত যথেষ্ট কাম কৰাৰ কথা উল্লেখ কৰে৷ যাৰ বাবে অখিল গগৈয়ে মন্ত্ৰীগৰাকীক ধন্যবাদ দিয়া বুলিও কয়৷ আজিৰ সদনত মন্ত্ৰীগৰাকীয়েও বিধায়কগৰাকীৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে৷ সদনত উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰত এডিবিৰ ৩৪৮ কোটি টকাৰ কাম কৰিবলৈ প্ৰচেষ্টা চলাই থকা হৈছে৷ ঠিক সেইদৰে বিশ্ববেংকৰ পৰাও ৫০০ কোটি পাম৷ অহা বছৰ বিশ্ববেংক আৰু এডিবিৰ প্ৰায় ২২শ কোটি টকাৰ কাম কৰিবলৈ আমি সক্ষম হ’ম৷ সমগ্ৰ ৰাজ্যতে এই আঁচনিসমূহ ৰূপায়ণ হ’ব৷ ইফালে, অখিল গগৈয়ে সদনত আমগুৰি সমষ্টিৰ একাংশ অঞ্চল এতিয়া তেওঁৰ সমষ্টিত পৰা বুলি সদনত মন্তব্য কৰি আঁচনিৰ দাবী জনোৱাত তীব্ৰ আপত্তি কৰে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই৷