Logo
image

মেধাৱী ছাত্ৰৰে সম্পৰ্কত কি ভুল হ’ল? APSC কেলেংকাৰি সন্দৰ্ভত আছুৰ প্ৰশ্ন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ফেব্ৰুৱাৰীঃ এপিএছচি কেলেংকাৰি সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই৷ শৰ্মা আয়োগৰ প্ৰতিবেদনত জন দাস নামৰ এজন প্ৰাৰ্থী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যৰ ঘনিষ্ঠ বুলি কৰা অভিযোগ সন্দৰ্ভত শৰ্মাই কয়– জন দাস নামৰ এগৰাকী প্ৰাৰ্থীৰ বিষয়টো আহিছে৷ প্ৰতিবেদনত ক’তোৱেই উল্লেখ নাই যে তেওঁক আছুৰ কোনোবা নেতাই চাকৰি দিয়াইছে বুলি  বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত  তেওঁ আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ঘনিষ্ঠ বুলি অভিযোগ আছে বুলিহে এটা বাক্য উল্লেখ আছে৷ সমুজ্জ্বল ভট্টাচাৰ্যই তেওঁক চাকৰি দিয়াইছে বুলি তাত ক’তো উল্লেখ নাই৷ জন দাস নামৰ ব্যক্তিজনৰ সৈতে সমুজ্জ্বল ভট্টাচাৰ্যৰ চিনাকি কিধৰণৰ সেয়া অসমৰ ৰাইজে জনাটো দৰকাৰ৷ জন দাস পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰীত ষ্টেণ্ড কৰা এগৰাকী ছাত্ৰ৷ তেওঁ ২০০৮ বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত কলা শাখাত নৱম স্থান লাভ কৰিছিল৷ তেওঁ আৰ্থিকভাবে অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ আছিল৷ তেওঁৰ কাৰণে নিজৰ উচ্ছ শিক্ষাৰ খৰচ বহন কৰিবলৈ অপাৰগ আছিল৷


তেখেতৰ কোনো শুভাকাংক্ষীয়ে ড॰ সমুজ্জ্বল ভট্টাচাৰ্যক তেওঁৰ আৰ্থিক অৱস্থাৰ কথা অৱগত কৰাত তেওঁৰ উচ্ছ শিক্ষাৰ দায়িত্ব বহন কৰিছিল৷ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি, সাঃ সম্পাদক, জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থাসমূহে অলেখ দৰিদ্ৰ মেধাবী শিক্ষাৰ্থীৰ খৰচ বহন কৰি আছে৷ তাত নতুনত্ব একো নাই৷ এগৰাকী মেধাবী ছাত্ৰৰ উচ্ছ শিক্ষাৰ খৰচ বহন কৰাটো কোনো কাৰণত অপৰাধ হ’ব নোৱাৰে৷ এই খৰচ বহন কৰোঁতে তেওঁৰ সৈতে চিনাকি থকাটো কোনো অপৰাধ হ’ব নোৱাৰে৷ প্ৰতিবেদনৰ ক’তোৱেই উল্লেখ নাই যে ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই চাকৰি দিয়াইছে বা চাকৰিৰ বাবে যোগাযোগ কৰিছে৷ কেৱল জন দাস নামৰ এজন ব্যক্তি সমুজ্জ্বল ভট্টাচাৰ্যৰ ঘনিষ্ঠ বুলি অভিযোগ আছে বুলি মাত্ৰ এটা বাক্যহে আছে৷ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন চৰকাৰৰ হাতত আছে, যিসকলে বক্ৰপথেৰে চাকৰি লৈছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক৷ চৰকাৰক কোনে বাধা দিছে? এপিএছচি পৰীক্ষাত জন দাসে কেনেধৰণে পাছ কৰিছে সেই সন্দৰ্ভত আয়োগৰ প্ৰতিবেদন আছে৷ চৰকাৰৰ হাতত যদি তথ্যপাতি আছে, জন দাসেই হওক বা আন কোনোবাই হওক, তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ হাতত সম্পূৰ্ণ সুযোগ আছে৷ আমি বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰাতো বিচাৰোঁ৷