Logo
image

ৰবটে পৰীক্ষা কৰি আছে, আৰু নহয় জলবিস্ফোৰণ- মন্ত্ৰী জয়ন্তমল্ল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ফেব্ৰুৱাৰীঃ ‘গুৱাহাটীৰ মধ্য পানী যোগান আঁচনিত আগৰ ঠিকাদাৰে কৰি যোৱা কামৰ ভুল সংশোধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ গুৱাহাটী আই আই টিৰ সহযোগত ৰবটিক ছাৰ্ভেৰ কাম চলি আছে৷ কৰবাত ৱেল্ডিঙৰ খেলি-মেলি আছে নেকি তন্নতন্নকৈ চোৱা হৈছে৷’– এই ঘোষণা নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ৷ মঙলবাৰে বিধানসভাত পানী যোগানৰ সন্দৰ্ভত অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰ দি বৰুৱা কয়– ‘প্ৰথম পৰ্যায়ত ৰবটিক ছাৰ্ভে হৈ গৈছে৷ এতিয়ালেকে ১২টা তেনে ফাটিব পৰা জইণ্ট ধৰা পৰিছে৷ সেই জইণ্টসমূহ মেৰামতিৰ কাম চলি আছে৷ ভৱিষ্যতে এনে পাইপসমূহ ফাটি জল বিস্ফোৰণ নহয়৷


দক্ষিণ-পূব পানী যোগান আঁচনিতো ৬৭,৩২৫ গৰাকী লোকক পানী দিয়াৰ বাবে কাম আৰম্ভ হৈছে৷ ঠিকা লাভ কৰা প্ৰতিষ্ঠান শিৱম প্ৰাইভেট লিমিটেডে জ্যোতিনগৰ, গোপাল নগৰকে ধৰি তিনি স্থানত তিনিটা ৰিজাৰ্ভাৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে৷ একেদৰে দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান আঁচনিৰ কাম নতুনকৈ এলএনটি আৰু পি কে এছোচিয়েটক দিয়া হৈছে৷ এলএনটিয়ে ২৪,০০০ পৰিয়ালক আৰু পি কে এছোচিয়েটে ৬০০০ পৰিয়ালক পানী যোগান ধৰিব৷ ইতিমধ্যে এই আঁচনিৰ অধীনত কামাখ্যাৰ ১৫০০ মানুহে পানী লাভ কৰি আছে৷ চলিত বৰ্ষৰ ডিচেম্বৰ বা ২০২৬ৰ ভিতৰত বাকী সকলকো পানী দিয়াৰ ব্যৱস্থা সম্পূৰ্ণ হ’ব৷