Logo
image

দুশখন স্কুলত পঞ্চম শ্ৰেণীলৈ মিচিং ভাষাত শিক্ষাদান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ফেব্ৰুৱাৰীঃ মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ আলি-আঃয়ে লৃগাঙৰ দিনটোত মিচিং জনগোষ্ঠীৰ ৰাইজলৈ আজি ৰাজ্য চৰকাৰে আগবঢ়ালে বিশেষ উপহাৰ৷ মিচিং অধ্যুষিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা বিদ্যালয় পৰ্যায়ত প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ মিচিং ভাষাতে অধ্যয়নৰ সুবিধা পাব৷ এনে বিদ্যালয়ত মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলন কৰিব ৰাজ্য চৰকাৰে৷ ইয়াৰ বাবে ২০০খন স্কুলক বাচনি কৰা হৈছে৷ এনে বিদ্যালয় সমূহৰ শিক্ষাদানত মিচিং, অসমীয়া আৰু ইংৰাজী ভাষাৰ ব্যৱহাৰ কৰা হ’ব৷ তদুপৰি উচ্ছ প্ৰাথমিক আৰু হাইস্কুল পৰ্যায়তো মিচিং ভাষাৰ অধ্যয়নৰ সুবিধা থাকিব৷ মিচিং ভাষা ছাত্ৰ-ছাত্ৰীসকলে ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব৷ ৰাভা, তিৱা, দেউৰী, কাৰ্বি আৰু চাওতাল ভাষাতো থাকিব অধ্যয়নৰ সুবিধা৷


এই সন্দৰ্ভত ৰূপৰেখা যুগুত কৰি থকা হৈছে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি পৱিত্ৰ আলি-আঃয়ে-লৃগাং উপলক্ষে মিচিং ৰাইজলৈ শুভেচ্ছা জনাই এক টুইট কৰাৰ লগতে দুশ স্কুলত পঞ্চম শ্ৰেণীলৈকে মিচিং ভাষাত শিক্ষাদানৰ জাননীখন সদৰি কৰে৷ মন্ত্ৰীগৰাকীয়ে আজি পাঞ্জাবাৰীৰ শিল্পগ্ৰামত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত আলি আঃয়ে লৃগাঙৰ কেন্দ্ৰীয় কাৰ্যসূচীতো অংশগ্ৰহণ কৰে৷ বিদ্যালয় শিক্ষা বিভাগৰ সচিব নৱাজ চৌধুৰীয়ে স্বাক্ষৰ কৰা জাননীখনত উল্লেখ কৰা হৈছে যে মিচিং ভাষা প্ৰৱৰ্তন কৰা সংশ্লিষ্ট ২০০ খন প্ৰাথমিক বিদ্যালয়ক এতিয়াৰে পৰা মিচিং মাধ্যমৰ প্ৰাথমিক বিদ্যালয় বুলি জনা যাব৷ ২০২৫-২৬ শিক্ষা বৰ্ষক পৰাই এই জাননী কাৰ্যকৰী হ’ব৷