Logo
image

ৰকিবুলৰ নিৰাপত্তা বঢ়োৱা হ’ব ! মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ফেব্ৰুৱাৰীঃ  দিন দুপৰতে দেহৰক্ষীসহ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক ৰূপহীত প্ৰহাৰ কৰা সন্দৰ্ভত আজি সদনত বিবৃতি দিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ সদনত বিবৃতি দি মুখ্যমন্ত্ৰীয়ে কয়– ‘আজি দিনৰ ২.৩০ বজাত মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰূপহী থানাৰ অন্তৰ্গত গুণামৰি গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক  বাধা প্ৰদান কৰে৷ তেতিয়া তেওঁৰ লগত থকা পিএছঅ’ এজনে চাৰিজাঁই ব্লেং ফায়াৰ কৰে৷ আক্ৰমণকাৰীসকলে মুখত ক’লা কাপোৰ পিন্ধিছিল নে বগা কাপোৰ পিন্ধিছিল মই নাজানো৷ আক্ৰমণকাৰীয়োতো ক’লা কাপোৰেই পিন্ধিব৷ কোনেনো চিচি টিভিত আহিবলৈ বগা কাপোৰ পিন্ধি ল’ব৷ ৰূপহীহাট আমাৰ জেগাই নহয়৷


ৰূপহী, চামগুৰি তেখেতৰে জেগা৷ তেখেতৰ জেগাত কোনোবাই আক্ৰমণ কৰিলে ক’লা কাপোৰেই পিন্ধি ল’ব লাগিব৷ বৰ্তমান সাংসদগৰাকীয়ে গুণামাৰি গাঁৱত মিটিং কৰি আছে৷ এছ পি তাত নিজে উপস্থিত আছে৷ তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা এছপিয়ে নিজে থাকি কৰিছে৷ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰকিবুল হুছেইন নগাঁও, চামগুৰি, ৰূপহীত গ’লে তেওঁক আমি সুৰক্ষাটো আৰু অলপ বঢ়াই দিম৷ মই দেখা পাইছোঁ যে যোৱা এবছৰত কেইবাটাও এনেকুৱা ঘটনা ঘটিছে৷ চামগুৰি, ৰূপহীত গ’লেই কিবা নহয় কিবা এটা খেলিমেলি হয়৷ মই কাৰণটো ক’ব নাজাও৷ কিন্তু গৃহমন্ত্ৰী হিচাপে মই নিশ্চিত কৰিছোঁ যে তেওঁ অতিৰিক্ত নিৰাপত্তা লাভ কৰিব যেতিয়া চামগুৰি, ৰূপহী অঞ্চল ভ্ৰমণ কৰে৷