Logo
image

৬ মন্ত্ৰীসহ শপত ল’লে ৰেখা গুপ্তাই

নতুন দিল্লী, ২০ ফেব্ৰুৱাৰীঃ   ২৭ বছৰৰ মূৰত দিল্লীত বিজেপি চৰকাৰ গঠন হ’ল৷ নতুন চৰকাৰখনৰ মুখ্যমন্ত্ৰীৰূপে আজি শপত গ্ৰহণ কৰে শালিমাৰ বাগ সমষ্টিৰ বিধায়িকা ৰেখা গুপ্তাই৷ এই উপলক্ষে দিল্লীৰ  ৰামলীলা ময়দানত আয়োজিত ৰাজকীয় অনুষ্ঠানত ৰেখাৰ সৈতে নতুন চৰকাৰখনৰ আন ছজন মন্ত্ৰীক শপতগ্ৰহণ কৰায় উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই৷ শপতগ্ৰহণ কৰা ছজন মন্ত্ৰীৰ ভিতৰত আছে নতুন দিল্লী সমষ্টিত আম আদমী পাৰ্টীৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পৰাজিত কৰা জাঠ সম্প্ৰদায়ৰ নেতা প্ৰৱেশ সাহিব বাৰ্মা, জনকপুৰী সমষ্টিৰ বিধায়ক তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠৰূপে পৰিচিত আশীষ চুড, প্ৰভাৱশালী শিখ নেতা তথা ৰাজৌৰি গাৰ্ডেন সমষ্টিৰ বিধায়ক মনজিন্দৰ সিং ছিৰছা, দলিত সম্প্ৰদায়ৰ নেতা তথা বিধায়ক ৰবিন্দৰ ইন্দ্ৰৰাজ সিং, প্ৰাক্তন আপ মন্ত্ৰী তথা কৰাওল নগৰ সমষ্টিৰ বিধায়ক কপিল মিশ্ৰ আৰু পূৰ্বাঞ্চলীয় ৰাজপুত জনগোষ্ঠীৰ নেতা পংকজ কুমাৰ সিং৷ ইয়াৰ ভিতৰত প্ৰৱেশ সাহিব বাৰ্মাক উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হয়৷ আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা বিজেন্দ্ৰ গুপ্তাক দিল্লী বিধানসভাৰ অধ্যক্ষ ৰূপে শপত বাক্য পাঠ কৰোৱা হয়৷ উল্লেখ্য যে আজি শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ একাধিক ৰাষ্ট্ৰীয় নেতা তথা বিজেপি শাসিত ৰাজ্যসমূহৰ প্ৰায়ভাগ মুখ্যমন্ত্ৰী উপস্থিত থাকে৷


শপতগ্ৰহণ অনুষ্ঠানলৈ প্ৰায় ৩০ হাজাৰ অতিথিক আমন্ত্ৰণ জনোৱা হৈছিল৷ ইয়াৰ ভিতৰত প্ৰথম শাৰীৰ উদ্যোগপতি, বিভিন্ন চেলিব্ৰেটী তথা চলচ্ছিত্ৰ তাৰকা আৰু অটোৰিক্সা চালক, কৃষক তথা বস্তি অঞ্চলৰ বাসিন্দাসকল আছিল৷ উল্লেখ্য যে ২৭ বছৰৰ মূৰত দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা হেতুকে আজি ৰামলীলা ময়দানত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানটোক গেৰুৱা দলটোৱে একপ্ৰকাৰ বিজয় উৎসৱৰূপে পালন কৰা পৰিলক্ষিত হয়৷ আজি মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰা ৰেখা গুপ্তা হৈছে দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী৷ ইয়াৰ পূৰ্বে দিল্লীৰ মহিলা মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰিছিল বিজেপিৰ সুষমা স্বৰাজ, কংগ্ৰেছৰ শিলা দীক্ষিত আৰু আম আদমি পাৰ্টীৰ আতিশী৷ উল্লেখ্য যে আজি মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰা ৫০ বছৰীয়া ৰেখা গুপ্তা এটা সময়ত ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিল৷ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰীৰ দায়িত্ব চম্ভালিছিল৷ তদুপৰি দিল্লী পৌৰসভাৰ এগৰাকী কাউন্সিলাৰো আছিল ৰেখা৷ ১৯৭৪ চনৰ ১৯ জুলাইত হাৰিয়ানাৰ জুলানাত বণিক পৰিয়ালত জন্মগ্ৰহণ কৰা ৰেখা গুপ্তাই ১৯৯৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ দৌলতৰাম কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে৷ ২০২২ চনত তেওঁ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক হয়৷ বৃত্তিত এগৰাকী আইনজীৱী ৰেখা গুপ্তাৰ পৰিয়ালত আছে স্বামী আৰু দুটা সন্তান৷ ৰেখাৰ স্বামীৰ নাম মনিষ গুপ্তা৷ দিল্লী বিধানসভাৰ নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামা অনুসৰি তেওঁৰ বিগত বিত্তীয় বৰ্ষৰ বাৰ্ষিক আয় আছিল ৬.৯২ লাখ টকা৷ ৰেখাৰ অস্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ৰ কোটি ২৫ লাখ ৭৩ হাজাৰ ২৮৯ টকা৷ স্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ২.৫০ কোটি৷ সেইদৰে প্ৰায় ৪৮ লাখ টকাৰ ঋণ আছে তেওঁৰ৷