
দুদিনত স্বাক্ষৰ হ’ব ১,৫১২খন চুক্তি
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২০ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়ন সন্মিলনখন যাতে সফলতাৰে সম্পন্ন হয় তাৰ বাবে ৰাজ্য চৰকাৰে দিন-ৰাতি একাকাৰ কৰি গুৱাহাটীক নতুন ৰূপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে৷ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আৰম্ভ কৰি খানাপাৰালৈকে বাট-পথকে ধৰি সকলোতে নতুন ৰূপ দিয়া পৰিলক্ষিত হৈছে৷ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষকে ধৰি গুৱাহাটীৰ উন্নয়নৰ লগত জড়িত সকলো বিভাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সন্মিলনখন সফলকাম কৰিবৰ বাবে প্ৰায় এমাহ ধৰি দিন-ৰাতি একাকাৰ কৰি আছে৷ ইফালে বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদ মেলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক এডভাণ্টেজ আসাম ২.০ ৰ বিশদ ব্যাখ্যা দাঙি ধৰি কয়– সন্মিলনখন উদ্বোধন কৰিবলৈ ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি গুৱাহাটীত উপস্থিত হ’ব৷ সিদিনা তেওঁ সৰুসজাইত ঝুমইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠানটো উপভোগ কৰাৰ পাছত নিশাই এই বিষয়ক প্ৰদৰ্শনীখন চাব৷ সিদিনা নিশাটো গুৱাহাটীত কটোৱাৰ পাছত ২৫ ফেব্ৰুৱাৰীত দিনৰ ১০.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে সন্মিলনখন উদ্বোধন কৰিব৷ তাৰ পাছত দুপৰীয়া ১২ বজাত প্ৰধানমন্ত্ৰীগৰাকী নতুন দিল্লীলৈ উভতি যাব৷ ইফালে সন্মিলনত নতুন দিল্লীস্থিত ভাৰতৰ ৫০ খন বিদেশী ৰাষ্ট্ৰৰ দূতাবাসক আমন্ত্ৰণ জনোৱা হৈছে৷ সেই দলটো ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড॰ এছ জয়শংকৰৰ নেতৃত্বত আহিব৷ একেদৰে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে নিৰ্মলা সীতাৰমণ, নীতিন গাডকাৰী, হৰদ্বীপ সিং পুৰী, সৰ্বানন্দ সোণোৱাল, অশ্বিনী বৈষ্ণৱ, জ্যোতিৰাদিত্য সিন্ধিয়া, পৱিত্ৰ মাৰ্ঘেৰিটা সন্মিলনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব৷ দেশ-বিদেশৰ কেইবাজনো প্ৰখ্যাত উদ্যোগপতি, বিনিয়োগকাৰী, সন্মিলনত উপস্থিত থাকিব৷ সন্মিলনখনত বৃহৎ উদ্যোগপতিৰ দৰে ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া উদ্যোগী, বিনিয়োগকাৰীকো আমন্ত্ৰণ জনোৱা হৈছে৷ এই পৰ্যন্ত প্ৰায় ২৪ হাজাৰ জনে সন্মিলনত ভাগ লোৱাৰ বাবে নাম পঞ্জীয়ন কৰিছে৷ ১১,৯০০ কোটি টকাৰ বিপৰীতে ক্ষুদ্ৰ উদ্যোগীৰ সৈতে সন্মিলনত ১,৫১২ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব৷ এই সন্দৰ্ভত কেবিনেটত সেই চুক্তি অনুমোদন কৰা হৈছে৷ জাপান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, থাইলেণ্ড, মালয়েছিয়াৰ পৰা আহিব বৃহৎ বিনিয়োগকাৰীৰ দল৷ সেই দেশকেইখনত কৰা ৰোড শ্ব’ৰ ফলাফলৰ ভিত্তিত বৃহৎ বিনিয়োগকাৰী দল আহিব৷ ২৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে সন্মিলন উদ্বোধন কৰাৰ পাছত তাত অসমৰ দুই সফল উদ্যোগপতি-ব্যৱসায়ী ক্ৰমে অভিজিৎ বৰুৱা আৰু অনুপম ডেকাই বক্তব্য প্ৰদান কৰিব৷ ছেমিকণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত হ’বলগীয়া আলোচনা চক্ৰত প্ৰায় ২,২০০ জন লোকে ভাগ ল’ব৷ য’ত লাখপতি বাইদেউসহ অসমৰ বহু সৰু-বৰ উদ্যোগীসকলেও ভাগ ল’ব৷ ইফালে সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে অসমৰ চাৰিখন জিলা ক্ৰমে– তিনিচুকীয়া, চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰত বাহাল থকা অশান্ত অঞ্চল আইনৰ বাবে অষ্ট্ৰেলিয়া আৰু জাৰ্মানীয়ে সেই চাৰিখন জিলাৰ বাহিৰে সেই দেশৰ পৰ্যটকক ৰাজ্যৰ আন জিলাত থকা ভ্ৰমণ প্ৰতিবন্ধকতা আতৰ কৰি দিয়াৰ কথাও সদৰি কৰে৷
২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ‘ঝুমুৰ বিনন্দীয়া’
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ বিগত বৰ্ষৰ ব’হাগ বিহুৰ সময়ত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰায় বাৰ হাজাৰ নাচনী, বিহুৱাই একেলগে বিহু নৃত্য পৰিৱেশন কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিছিল৷ যিটো গ্ৰীনিজ বুক অব ৱল্ডৰ্ ৰেকৰ্ডত স্থান লাভ কৰিছিল৷ তাৰ পাছত আন এটা বিশ্ব অভিলেখৰ সাক্ষী হ’বলৈ ওলাইছে ৰাজ্যবাসী৷ উল্লেখ্য যে অসমৰ চাহ উদ্যোগৰ দুশ বছৰীয়া গৌৰৱময় যাত্ৰাৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীৰ তৎপৰতাত ২৪ ফেব্ৰুৱাৰীৰ দিনা বিয়লি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক অনুষ্ঠান৷ য’ত অসমৰ ২৭ খন জিলাৰ চাহ বাগিচাৰ পৰা অহা ৯,৬৪৮ জন যুৱক, যুৱতীয়ে একেলগে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য৷ উল্লেখ্য বিহু নৃত্যৰ দৰে ঝুমুৰ নৃত্যও গ্ৰীণিজ বুক অব ৱল্ডৰ্ ৰেকৰ্ডত অন্তৰ্ভক্ত হ’ব৷ ইতিমধ্যে বৃহস্পতিবাৰে নিশাৰ ভিতৰত ঝুমুৰ নৃত্যত ভাগ ল’বলগীয়া সকলো যুৱক-যুৱতী, বাদ্যযন্ত্ৰী, মাষ্টাৰ ট্ৰেইনাৰ, কৰ্মকৰ্তা আদি আহি গুৱাহাটী পাইছে৷ চৰকাৰৰ ফালৰ পৰা গুৱাহাটী মহানগৰীত থকা বিভিন্ন হোটেল, লজ, অতিথিশালা আদিত তেওঁলোকক থকা, খোৱাৰ ব্যৱস্থা কৰা হ’ব৷ ২১-২৩ ফেব্ৰুৱাৰীত তিনিদিনৰ বাবে সৰুসজাই ষ্টেডিয়ামত তেওঁলোকে চূড়ান্ত আখৰাত ভাগ ল’ব৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সূত্ৰ অনুসৰি ঝুমুৰত ভাগ ল’বলগীয়া দলটোত ৫,৩৯৯ জনী যুৱতী, ২,১৭৫ জন যুৱক আৰু ২,০৭৪ জন বাদ্যযন্ত্ৰী থাকিব৷ ইফালে বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদ মেলত ভাগ লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ আগন্তুক ভ্ৰমণ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি কয়– ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঝুমুৰ নৃত্য উপভোগ কৰিব৷ প্ৰধানমন্ত্ৰী এই ঐতিহাসিক ক্ষণটোৰ সাক্ষী হ’বৰ বাবে নতুন দিল্লীত থকা ভাৰতস্থিত সকলো দেশৰ দূতাবাসক আমন্ত্ৰণ জনোৱা হৈছে৷ ২৩ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ নেতৃত্বত দলটো এখন বিশেষ বিমানেৰে আহি পোনে পোনে কাজিৰঙালৈ যাব আৰু নিশাটো তাত কটাব৷ দলটোত ৫০ খন দেশৰ ৰাষ্ট্ৰদূত, কূটনৈতিক বিষয়াসহ তেওঁলোকৰ পৰিয়ালৰ কিছুসংখ্যক লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে৷ তেওঁলোকেও ‘ঝুমুইৰ বিনন্দিনী’ শীৰ্ষক বিশ্ব অভিলেখ অনুষ্ঠানটোৰ সাক্ষী হ’ব৷ ইফালে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ঝুমুইৰ বিনন্দিনী অনুষ্ঠানটো উপভোগ কৰাৰ পাছত নিশাই এখন প্ৰদৰ্শনীও উপভোগ কৰিব৷ ২৩ ফেব্ৰুৱাৰীত সৰুসজাইত সাধাৰণ লোকেও ঝুমুৰৰ আখৰা উপভোগ কৰিব পাৰিব৷ ২৪ ফেব্ৰুৱাৰীত ঝুমুৰৰ অনুষ্ঠান চাব বিচৰা সকলে শংকৰদেৱ কলাক্ষেত্ৰ বা সৰুসজাইৰ পৰা প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব৷