Logo
image

আহি আছে স্মাৰ্টগ্লাছ

নতুন দিল্লী, ২০ ফেব্ৰুৱাৰীঃ  বিজ্ঞান প্ৰযুক্তিৰ এই আধুনিক দিনত মানুহৰ দৈনন্দিন জীৱনৰ আটাইতকৈ দৰকাৰী আৰু প্ৰয়োজনীয় সামগ্ৰী সমূহৰ ভিতৰত অন্যতম হৈছে ম’বাইল ফোন৷ ম’বাইল ফোনটো অবিহনে কোনেও চলিব নোৱাৰে৷ কিন্তু সেই ম’বাইল ফোন অতীত হ’বলৈ ওলাইছে৷ ম’বাইল ফোনৰ নতুন বিকল্প উপহাৰ দিবলৈ ওলাইছে মাৰ্ক জুকাৰবাৰ্গে৷ তেওঁৰ মতে অহা ১০ বছৰৰ ভিতৰত ম’বাইল ফোন অতীত হৈ পৰিব৷ ইয়াৰ সলনি ব্যৱহাৰ হ’ব ‘স্মাৰ্ট গ্লাছ’৷ অত্যাধুনিক এই প্ৰযুক্তিয়ে প্ৰতিজন মানুহৰ জীৱন সলনি কৰি পেলাব৷ কৰিব খোজা  কামটো চকুৰ সন্মুখত ভাঁহি উঠিব আৰু স্মাৰ্ট গ্লাছক ডিজিটেলভাৱে পৰিচালনা কৰি তাক সম্পন্ন কৰিব পৰা হ’ব৷


অৰ্থাৎ স্মাৰ্ট গ্লাছ অহাৰ লগে লগে যিটো বস্তুৰ প্ৰয়োজন সেয়া যে অকল চকুৰ সন্মুখতে থাকিব সেয়া নহয়, বৰঞ্চ তাক নিজৰ ইচ্ছা অনুসৰি পৰিচালনা কৰিব পাৰিব৷ ‘মেটা’ আৰু ‘এপল’-এ প্ৰস্তুত কৰি আছে এই স্মাৰ্ট গ্লাছ৷ একেলগে কোটি কোটি প্ৰস্তুত কৰাৰ বাবে দিনে নিশাই প্ৰতিষ্ঠান দুটাই কাম কৰি আছে৷ জুকাৰবাৰ্গে লগতে প্ৰকাশ কৰা মতে স্মাৰ্ট গ্লাছ ইমানেই পাতল হ’ব যে গোটেই দিনটো ইয়াক পিন্ধি থাকিলেও চকুৰ কোনো সমস্যা নহ’ব৷ তদুপৰি ম’বাইল ফোনে কৰা প্ৰতিটো কাম এই স্মাৰ্ট গ্লাছৰ দ্বাৰাই কৰিব পৰা যাব৷ স্মাৰ্ট গ্লাছৰ সৈতে সংযুক্ত হৈ থাকিব হেডফোন৷ যদি আপোনালৈ কাৰোবাৰ ফোনকল আহে তাৰ নম্বৰটো ভাঁহি উঠিব চকুৰ সন্মুখত৷ আপুনি মাথো স্মাৰ্ট গ্লাছত ক্লিক কৰিলেই হ’ল, পোনে পোনে কথা পাতিব পাৰিব৷