Logo
image

আইএএছলৈ মনোনীত কুন্তলমণি শৰ্মা বৰদলৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ফেব্ৰুৱাৰীঃ  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কৰ্মৰত কুন্তল মণি শৰ্মা বৰদলৈক কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় প্ৰশাসনীয় সেৱালৈ মনোনীত কৰিছে৷


কেন্দ্ৰীয় চৰকাৰৰ পাৰ্চনেল বিভাগে বৃহস্পতিবাৰে এই সম্বন্ধীয় নিৰ্দেশনা জাৰি কৰে৷ অসম-মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনীয় সেৱালৈ মনোনীত কুন্তল মণি শৰ্মা বৰদলৈ বৰ্তমান উদ্যোগ আৰু বাণিজ্য সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি আছে৷