Logo
image

মহিলা সুৰাপায়ী দেশৰ শীৰ্ষত অসম

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ ফেব্ৰুৱাৰীঃ  সতী জয়মতী, মূলাগাভৰুৰ ৰাজ্য অসমৰ মহিলাই গঢ়িছে অবাঞ্ছিত অভিলেখ৷ সুৰাপানৰ ক্ষেত্ৰত অসমৰ মহিলাৰ অনাকাংক্ষিত অভিলেখৰ তথ্য পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষাত৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও সমগ্ৰ ভাৰতৰ ভিতৰত অসমৰ মহিলাৰ মাজত মদ্যপানৰ হাৰ অধিক৷  এই অবাঞ্ছিত অভিলেখৰ তথ্য ৰাজহুৱা কৰিছে  কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে চলোৱা শেহতীয়া এটা সমীক্ষা অনুসৰি ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ ৰাষ্ট্ৰীয় গড় সুৰাপায়ীৰ হাৰ হৈছে ১.২ শতাংশ৷ কিন্তু এই ৰাষ্ট্ৰীয় হাৰৰ বিপৰীতে অসমৰ মহিলাৰ সুৰাপায়ীৰ হাৰ হৈছে ১৬.৫ শতাংশ৷ এক কথাত সুৰাপানৰ ক্ষেত্ৰত অসমৰ মহিলাৰ স্থান দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছে৷ অসমৰ পাছতেই তালিকাত আছে চুবুৰীয়া মেঘালয়ৰ৷ মেঘালয়ৰ মহিলা সুৰাপায়ীৰ হাৰ হৈছে ৮.৭ শতাংশ৷ অৰ্থাৎ জনজাতীয় ৰাজ্য মেঘালয়ৰ মহিলাতকৈ অসমৰ মহিলাৰ সুৰাপায়ীৰ হাৰ প্ৰায় দুগুণ৷


এই তালিকাৰ তৃতীয় স্থানত আছে অৰুণাচল প্ৰদেশ৷ অৰুণাচলৰ ১৫-৪৯ বছৰ বয়সৰ মাত্ৰ ৩.৩ শতাংশ মহিলাইহে নিয়মীয়াকৈ সুৰাপান কৰে৷ অৱশ্যে, চুবুৰীয়া অৰুণাচল প্ৰদেশৰ মহিলাৰ বিপৰীতে পুৰুষ সুৰাপায়ীৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক৷ অৰুণাচলৰ ৫৯ শতাংশ পুৰুষে নিয়মীয়াকৈ সুৰাপান কৰে৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সমীক্ষাটোত দেশৰ একাধিক ৰাজ্যৰ মহিলাৰ মদ্যপানৰ হাৰৰ তালিকা প্ৰকাশ কৰিছে৷ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ পাছতেই তালিকাত আছে চিকিম৷ চিকিমৰ মহিলা সুৰাপায়ীৰ হাৰ ০.৩ শতাংশ৷ একেদৰে ছত্তীশগড়ৰ মহিলা সুৰাপায়ীৰ হাৰ ০.২ শতাংশ৷ পূৰ্বে ঝাৰখণ্ড আৰু ত্ৰিপুৰাৰ মহিলাৰ মদ্যপানৰ হাৰ ক্ৰমে ৯.৯ শতাংশ আৰু ৯.৬ শতাংশ আছিল যদিও এতিয়া এই হাৰ ঝাৰখণ্ডৰ ০.৯ শতাংশ আৰু ত্ৰিপুৰাৰ ০.৮ শতাংশলৈ হ্ৰাস পাইছে৷ অৱশ্যে, কেন্দ্ৰীয় চৰকাৰৰ এই সমীক্ষাটোৱে কৰ্পৰেট বিনিয়োগৰ চহৰযুক্ত দিল্লী, মহাৰাষ্ট্ৰ কৰ্ণাটক আদি ৰাজ্যসমূহক সামৰি লোৱা নাই৷