Logo
image

৭,৬৬৮ চৰকাৰী স্কুলত তলা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ ফেব্ৰুৱাৰীঃ  গুণোৎসৱ অনুষ্ঠিত কৰি ৰাজ্যৰ শিক্ষাৰ মান উন্নত কৰা বুলি চৰকাৰে ঢাক-ঢোল বজাই অহাৰ সময়তে ৰাজ্যৰ শিক্ষাখণ্ডৰ কাৰ্যতঃ পয়ালগা স্বৰূপ উন্মোচন হৈছে অসম বিধানসভাৰ মজিয়াত৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও ৰাজ্যত এতিয়া এজনো শিক্ষক নোহোৱাকৈ চলি আছে  চৰকাৰী বিদ্যালয়৷ বিধানসভাত শিক্ষা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যত বিগত ৯ টা বছৰত বন্ধ কৰি দিয়া হ’ল ৭,৬৬৮ খন চৰকাৰী বিদ্যালয়৷ অৱশ্যে ইয়াৰে ৬,৪৫৪ খন বিদ্যালয় একত্ৰীকৰণৰ জৰিয়তে বন্ধ কৰি দিয়া হৈছে৷ বাকী হাজাৰৰো অধিক বিদ্যালয়ত তলা ওলমিছে আন আন কাৰণত৷ বিধানসভাত উত্থাপিত কেইবাটাও পৃথক পৃথক প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰী কৰা অনুসৰি ২০১৫-১৬ বৰ্ষত অসমত মুঠ চৰকাৰী বিদ্যালয়ৰ সংখ্যা আছিল ৫২,২৩২ খন৷ কিন্তু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত ২০২৩-২৪ বৰ্ষত ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাই ৪৪,৫৬৪ খনলৈ৷


অৰ্থাৎ এই  ৯ বছৰত ৰাজ্যত সৰ্বমুঠ ৭,৬৬৮ খন বিদ্যালয়ত চিৰদিনলৈ ওলোমাই দিয়া হ’ল তলা৷ আন এটা তথ্যত শিক্ষামন্ত্ৰীয়ে সদৰী কৰা অনুসৰি ৰাজ্যত বিগত সময়ছোৱা ৫,২৬৮ খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ১২৬ খন উচ্ছ প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে৷ ইয়াৰোপৰি মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ আন ৰ,০৬০ খন বিদ্যালয়ো একত্ৰীকৰণ কৰা হয়৷ এক কথাত একত্ৰীকৰণৰ জৰিয়তে ৰাজ্যত চিৰ দিনলৈ বন্ধ কৰি দিয়া হ’ল মুঠ ৬,৪৫৪ খন বিদ্যালয়৷ শিক্ষা বিভাগে বিধানসভাত লিখিত প্ৰশ্নৰ উত্তৰত ৰাজ্যত আজিও শিক্ষকবিহীনভাৱে বিদ্যালয় চলি থকাৰ উদ্বেগজনক তথ্য প্ৰকাশ কৰে৷ খোদ শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ ৩ খন প্ৰাথমিক বিদ্যালয় শিক্ষকবিহীনভাৱে চলি আছে৷ অৰ্থাৎ উক্ত তিনিখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আছে, নাই কেৱল এজনো শিক্ষক৷ ইয়াৰ বিপৰীতে ৰাজ্যত এজনীয়া শিক্ষকৰে চলি থকা চৰকাৰী বিদ্যালয়ৰ সংখ্যা হৈছে ২,২৯৫ খন৷ তদুপৰি স্থায়ী প্ৰধান শিক্ষক অবিহনে ৭,০১৪ খন বিদ্যালয় চলি থকাৰো তথ্য প্ৰকাশ কৰিছে বিধানসভাত৷