
গৃহমন্ত্ৰীৰ পদত্যাগ, এছপিৰ নিলম্বন দাবী
‘আমাৰ অসম’ৰ ৰূপহীহাটৰ প্ৰতিবেদক, ২০ ফেব্ৰুৱাৰীঃ ৰূপহীহাটত বৃহস্পতিবাৰে দিন দুপৰতে ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত মুখত ক’লা কাপোৰ বন্ধা দুৰ্বৃত্তই চলোৱা আক্ৰমণৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰু উত্তেজনাৰ সৃষ্টি কৰিছে৷ ইফালে, এই ঘটনাৰ পাছতে কংগ্ৰেছৰ কৰ্মীসভাত দিয়া ভাষণ প্ৰসংগত সাংসদ হুছেইনে তেওঁৰ ওপৰত আক্ৰমণ কৰা দুৰ্বৃত্তৰ দলটো বিজেপিৰ পোহনীয়া গুণ্ডা বুলি অভিযোগ তোলে৷ সাংসদজনে উক্ত ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ দলটোত কুখ্যাত ডকাইত, সমবায় সমিতিৰ সভাপতিকে ধৰি হত্যাকাৰীৰ দৰে অপৰাধীও থকা বুলিও অভিযোগ তোলে৷ তেওঁক প্ৰাণে মৰাৰ বাবে কুখ্যাত অপৰাধীৰ হতুৱাই পূৰ্ব পৰিকল্পিতভাৱে আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা বুলি অভিযোগ তোলে সাংসদজনে৷ ৰাজ্যৰ এজন সাংসদৰ ওপৰত বিজেপিৰ গুণ্ডাই বাৰম্বাৰ আক্ৰমণ চলোৱাৰ পিছতো ৰাজ্য চৰকাৰে নিৰাপত্তা কটকটীয়া নকৰা বুলি অভিযোগ তোলে সাংসদজনে৷ আনহাতে, সাংসদজনে সাংবাদিকৰ সৈতে মত-বিনিময় কৰি তেওঁক নগাঁৱৰ আৰক্ষী অধীক্ষক আৰু ৰূপহীহাট থানাৰ আৰক্ষীয়ে যথোপযুক্ত নিৰাপত্তা প্ৰদান নকৰা বুলি গুৰুতৰ অভিযোগ তোলাৰ লগতে ৰূপহীহাট থানাৰ বহুবিতৰ্কিত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক শীঘ্ৰে নিলম্বিত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তোলাৰ উপৰি নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰো নিলম্বন দাবী কৰে৷ সমান্তৰালভাৱে ধুবুৰীৰ সাংসদজনে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে৷ বিজেপিৰ পোহনীয়া গুণ্ডাৰ আক্ৰমণ স্বত্বেও তেওঁ চামগুৰিত প্ৰৱেশ কৰিবই বুলি হুংকাৰ দি হুছেইনে কয়– ‘অপৰাধীৰ হতুৱাই মোক হত্যা কৰালেও মই চামগুৰিবাসীৰ কাষত থিয় হ’মেই৷ মোক চামগুৰিবাসীয়ে পাঁচবাৰকৈ বিধায়ক নিৰ্বাচিত কৰিছে৷ মই আমৃত্যু সমষ্টিবাসীৰ সুখ-দুখৰ সমভাগী হ’ম৷’ ইফালে, ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে ঘটনাই ৰাজ্যৰ আইন-শৃংখলাৰ অৱনতি ঘটিছে নে নাই তাক লৈও প্ৰশ্ন উত্থাপন কৰে৷ উল্লেখ্য, চামগুৰি সমষ্টিৰ বিগত উপ-নিৰ্বাচনৰ পাছৰে পৰা কিছু দুষ্ট প্ৰকৃতিৰ লোকক বিজেপিত যোগদান কৰাই ৰাইজৰ সন্মুখত দলটোৰ ভাৱমূৰ্তি ম্লান কৰাৰো কু-চক্ৰান্ত একাংশ ন-বিজেপিয়ে চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে৷ ১৯৯১ চনত পোন প্ৰথমবাৰৰ বাবে ৰূপহীহাটত বিজেপিৰ প্ৰাৰ্থীক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাইছিল বিজেপিৰ পুৰণি কৰ্মীসকলে৷ সমগ্ৰ বিষয়টোত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ জৰুৰী হস্তক্ষেপ দাবী কৰি দলটোৰ বহু পুৰণি নেতা-কৰ্মীয়ে গুণ্ডাজাতীয় আৰু অপৰাধত জড়িত লোকক দলৰ পৰা আঁতৰাই দিয়াৰ দাবী তোলে৷
নিষ্পেষিতৰ হৈ মাত মতাৰ বাবেই মোক আক্ৰমণঃ ৰকিবুল
‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ নগাঁৱৰ ৰূপহীহাটত ৰাজনৈতিক আক্ৰমণৰ ঘটনাৰ বলি হ’ল এসময়ৰ প্ৰতাপী মন্ত্ৰী, বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন৷ ব্যাপক নিৰ্বাচনী হিংসাৰ মাজেৰে হৈ যোৱা চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন পৰাজিত হোৱাৰ পাছত নতুনকৈ চামগুৰি সমষ্টিত অন্তৰ্ভুক্ত হোৱা ৰূপহীহাটত বৃহস্পতিবাৰে ভয়ংকৰ আক্ৰমণৰ বলি হয় ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন৷ বৃহস্পতিবাৰে ৰূপহীহাটৰ ছাইদৰীয়াত এক ৰাজহুৱা সভাত অংশগ্ৰহণৰ উদ্দেশ্যে পুত্ৰ তাঞ্জিল হুছেইনক লগত লৈ স্কুটীৰে গৈ থকা অৱস্থাতে একাংশ লোকৰ আক্ৰমণৰ সন্মুখীন হয় সাংসদ ৰকিবুল হুছেইন৷ দহ-বাৰজনীয়া এটা দলে ৰকিবুল হুছেইনৰ লগতে পুত্ৰ তাঞ্জিল হুছেইনক আগভেটি গ’বেক মুৰ্দাবাদ আদি ধবনি দিয়াৰ লগতে আক্ৰমণৰ বাবে উদ্যত হয়৷ কাঠৰ টুকুৰাৰে দুজনমানে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ দৃশ্যও বন্দী হয় কেমেৰাত৷ যাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত৷ উত্তপ্ত পৰিস্থিতিৰ মাজতেই স্কুটীৰ পৰা বাগৰিও পৰে সাংসদজন৷ আনকি একাংশ লোকে ৰকিবুল হুছেইনৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে শূন্যলৈ গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰি নিৰাপত্তাৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয়৷ স্থানীয় আৰক্ষীৰ সহযোগত উক্ত স্থানৰ পৰা উদ্ধাৰ হোৱা ৰকিবুল হুছেইনে পৰৱৰ্তী সময়ত ৰূপহীহাটত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ বৃহস্পতিবাৰে সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ বিষয়ে নগাঁও আৰক্ষী অধীক্ষক আৰু ৰূপহীহাটৰ অ’ চিক আগতীয়াকৈ অৱগত কৰা বুলিও ৰাজহুৱা সভাৰ ভাষণত বিস্ফোৰক মন্তব্য কৰি এইসকলৰ নাম ডায়েৰীত লিপিবদ্ধ কৰা বুলিও উল্লেখ কৰে ৰকিবুল হুছেইনে৷ পৰৱৰ্তী সময়ত এইসকলৰ বিচাৰ হ’ব বুলিও নিজৰ উদাত্ত ভাষণত উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে৷ আক্ৰমণৰ ঘটনাত জড়িতসকলক চিনি পোৱা বুলি উল্লেখ কৰি ৰকিবুল হুছেইন ভয়ত পলায়ন কৰা লোক নহয় বুলিও মন্তব্য কৰে সাংসদজনে৷ সম্প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা নোহোৱা হৈছে বুলিও উল্লেখ কৰি এতিয়া নিত্য নতুন গোচৰ, মামলা আদি কৰি হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিকভাৱে জীয়াই থাকিব বিচাৰিছে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে৷ ইপিনে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পোৱা অপকৰ্মৰ অভিযোগকো নেওচি মন্ত্ৰী কৰি ৰাখিছিল বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে৷ ঘটনা সন্দৰ্ভত এইপৰ্যন্ত কোনো এজাহাৰ দাখিল নকৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে এজাহাৰৰ দিয়াৰ বিপৰীতে ৰাইজৰ লগত থকাৰ কথাও উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে৷ তেওঁ কয়, মোক জীৱন্তে মাৰি পেলাব বিচাৰিছে৷ মই নিষ্পেষিত লোকৰ হৈ মাত মতাৰ বাবেই মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ একাংশ দাগী অপৰাধী ব্যৱহাৰ কৰি মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পতন নিশ্চিত৷ ৰকিবুল হুছেইনে কয়, উমৰাহ হজৰ পৰা আহি মই মুখ খুলিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে৷ এটা এটাকৈ কু-কীৰ্তি ফাদিল কৰিম৷’