Logo
image

নতুন দিল্লীত ভূটানৰ প্ৰধানমন্ত্ৰীক বৈদেশিক ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ আদৰণি

নতুন দিল্লী, ২০ ফেব্ৰুৱাৰীঃ  ভাৰত ভ্ৰমণলৈ অহা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰধানমন্ত্ৰী ছেৰিং ট’বগেইক আজি নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আদৰণি জনায়৷


উল্লেখ্য যে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে School of Ultimate Leadership (SOUL) শীৰ্ষক সন্মিলনত অন্যতম বক্তা হিচাপে অংশগ্ৰহণ কৰিব৷ ভূটানৰ প্ৰধানমন্ত্ৰীজনৰ এই ভ্ৰমণে ভাৰত-ভূটানৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷