Logo
image

মঞ্চস্থ হ’ব মনোজ কুমাৰ গোস্বামীৰ গল্পনাটক ‘কিউ’

‘আমাৰ অসম’ৰ মঙলদৈৰ প্ৰতিবেদক, ২০ ফেব্ৰুৱাৰীঃ  মঙলদৈৰ অগ্ৰণী নাট্যগোষ্ঠী জিপচী গিল্ডৰ পৰৱৰ্তী প্ৰযোজনা ২২ আৰু ২৩ ফেব্ৰুৱাৰীত দুখনকৈ গল্পনাটক মঞ্চস্থ কৰা হ’ব৷ গীল্ডৰ ৰঙ্গশালাত সন্ধিয়া ৬-৩০ বজাৰ পৰা হ’বলগীয়া প্ৰথম দিনাৰ গল্পনাটকৰ বাবে নিৰ্বাচিত কৰা হৈছে প্ৰখ্যাত গল্পকাৰ, বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ ‘কিউ’ আৰু দ্বিতীয় দিনৰ বাবে বাছনি কৰা হৈছে আন এজন গল্পকাৰ অপু ভৰদ্বাজৰ ‘যা, গৈ আছোঁ৷


তদুপৰি এইবাৰ আধুনিক ভাৰতীয় ভাষাৰ এটা অন্যতম শ্ৰেষ্ঠ কবিতা ‘বনলতা সেন’ৰ আবৃত্তিৰ দিহা কৰা হৈছে৷ প্ৰখ্যাত সাহিত্যিক জীৱনানন্দ দাসৰ ১২৫ সংখ্যক জয়ন্তী উপলক্ষে সাহিত্যিক গৰাকীলৈ বিশেষ ভাৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্যেশ্যে কবিতা আবৃত্তিৰ অনুষ্ঠানৰ সংযোজন কৰা হৈছে৷ উল্লেখ্য গল্পনাটক দুখনৰ পৰিচালনা ক্ৰমে হিৰেন কুমাৰ দাস আৰু নিৰূপম ডেকাৰ৷ আনহাতে কবিতা আবৃত্তি কৰিব আবৃত্তিকাৰ ডাঃ ধ্ৰুৱজ্যোতি চহৰীয়াই৷ এঘণ্টা দৈৰ্ঘ্যৰ সমগ্ৰ অনুষ্ঠানৰ বাবে আগ্ৰহী দৰ্শকক গীল্ডৰ কাৰ্যালয়ৰ পৰা আগতীয়াকৈ প্ৰৱেশ পত্ৰ সংগ্ৰহৰ বাবে অনুৰোধ জনাইছে জিপচী গিল্ডৰ সম্পাদক জয়ন্ত কুমাৰ ডেকাই৷