
প্ৰতাৰণা ! চচলত ক্ষোভৰ উদ্গীৰণ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২০ ফেব্ৰুৱাৰীঃ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনাও ন্যায্যপ্ৰাপ্তিৰ দাবীৰে তিনিটা সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল মহানগৰীৰ চচলস্থিত নিৰ্ধাৰিত ধৰ্ণাস্থলী৷ সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা এন এইচ এম, সদৌ অসম বিশেষ টেট উত্তীৰ্ণ সংস্থা আৰু সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে৷ দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা কেইবাটাও দাবীৰ সমৰ্থনত কেইবা শতাধিক স্বাস্থ্য কৰ্মীয়ে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা এন এইছ এমৰ সংগঠনটোৰ সম্পাদিকা কল্পনা বৰাই জনোৱা মতে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত প্ৰায় ২৪ হাজাৰ কৰ্মচাৰী তথা বিষয়া-কৰ্মচাৰী ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত বিভিন্ন ধৰণৰ পদবীত নিয়োজিত হৈ ২০০৬ চনৰ পৰাই প্ৰায় যোৱা দুটা দশক ধৰি স্বাস্থ্য সেৱা আগবঢ়াই আহিছে৷ ইয়াৰে প্ৰায় ২০ হাজাৰ কৰ্মচাৰীয়েই ভিন্ন চিকিৎসা পদ্ধতিৰ চিকিৎসক বিষয়া, দন্ত চিকিৎসক বিষয়া, চি এইচ অ’, ফাৰ্মাচীষ্ট, জি এন এম ষ্টাফ নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ফিজীঅ’থেৰাপিষ্ট, ৰেডিঅ’গ্ৰাফাৰ, এ এন এম, মাইক্ৰ’বায়লজিষ্ট, অডিঅ’মেট্ৰিক এছিছটেণ্ট, স্পিদ থাৰেপিষ্ট, ক্লিনিকেল ইনষ্ট্ৰাক্টৰ, ইপিডিমায়’লজিষ্ট, অত্থালমিক এচিষ্টেণ্ট, অপ্ট’মেটৰিষ্ট, আটি টেকনিচিয়ান, আইচিইউ টেকনিচিয়ান, ইছিজি টেকনিচিয়ান ইত্যাদি ধৰণৰ পদবীত নিয়োজিত হৈ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি জিলা চিকিৎসালয়ৰ লগতে আদৰ্শ চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৰাজ্যিক ডিচপেনচাৰী, উপ স্বাস্থ্যকেন্দ্ৰ আদিত ২০০৬ চনৰ পৰা ক্ৰমান্বয়ে নিযুক্তি লাভ কৰি অতি নূ্যনতম দৰমহা (Fixed pay) ত স্বাস্থ্য সেৱা আগবঢ়াই আহিছে৷ NHM টেকনিকেল কৰ্মচাৰী তথা বিষয়া কৰ্মচাৰী সকলে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী পদত কৰ্মৰত অন্যান্য টেকনিকেল কৰ্মচাৰী সকলৰ সমানে কাম কৰি আহিছে যদিও স্থায়ী কৰ্মচাৰীৰ তুলনাত NHM স্বাস্থ্য কৰ্মচাৰী সকলে অতি সামান্য দৰমহা লাভ কৰে৷ ৰাজ্যৰ স্বাস্থ্যৰ খণ্ডৰ মেৰূদণ্ড স্বৰূপ এই সকল কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি ঠিকাভিত্তিক ভাৱে সেৱা আগবঢ়াই থকাৰ পিছতো চাকৰি স্থায়ী নোহোৱাৰ বাবে অধিংকাশ কৰ্মচাৰীৰে নিয়মীয়া চাকৰিৰ বয়সৰ উৰ্ধসীমা উকলি যোৱাৰ বাবে এই সকল কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে৷ এন এইচ এম কৰ্মচাৰী সকলে নিয়মীয়া কৰ্মচাৰীৰ সমানে কাম কৰে যদিও দৰমহাৰ ক্ষেত্ৰত থকা বৈষম্যৰ বাবে মাহৰ শেষত পোৱা অতি নূ্যনতম দৰমহাৰে পৰিয়াল পোহপাল দিয়াত যথেষ্ট কষ্ট কৰিবলগীয়া হয়৷ ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধি আৰু আনফালে একে যোগ্যতা থকাৰ পিছতো নিয়মীয়া কৰ্মচাৰীৰ দৰে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা নথকাৰ বাবে এন এইচ এম কৰ্মচাৰী সকলে গভীৰ মানসিক বিষণ্ণতাত ভুগিব লগা হৈছে৷
বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰীয়ে ২০১৬চনৰ বিধানসভা নিৰ্বাচনৰ আগ মূৰ্ছতত নতুন চৰকাৰ গঠন কৰিলে প্ৰথম কেবিনেটতে এন এইচ এম কৰ্মচাৰী আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু নিয়মীয়াকৰন নোহোৱালৈকে সপ্তম দৰমহা আয়োগমতে দৰমহা দিব বুলি ঘোষণা কৰিছিল৷ ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰন কৰিলে যদিও NHM কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা দূৰৰ কথা, সপ্তম দৰমহা আয়োগমতে দৰমহা দিয়াৰ ক্ষেত্ৰতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে৷ আনকি সম কামৰ সম দৰমহা (Equal Pay for equal work) উচ্চতম ন্যায়ালয়ৰ ৰায় ও আজিলৈকে কাৰ্যকৰী নকৰিলে৷ যোৱা কভিড মহামাৰীৰ দিনবোৰেদি প্ৰমাণিত তথা বৰ্তমানেও ৰাজ্যখনৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ সেৱা সমূহ যদিও NHM স্বাস্থ্যকৰ্মীৰ সেৱাৰ ওপৰত নিৰ্ভৰশীল, তথাপিও কিন্তু অসম চৰকাৰে আজিলৈকে স্বাস্থ্য কৰ্মীৰ সমস্যাবোৰ সমাধানৰ নিমিতে কোনো কাৰ্য্যপন্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই৷ দিল্লী, হাৰিয়ানা, উৰিষ্যা, মনিপুৰ আদি কেইবাটাও ৰাজ্যত NHM কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰিছে অথবা নিয়মীয়া কৰ্মচাৰীৰ সমহাৰে দৰমহা দিয়াৰ লগতে সকলো ধৰণৰ চৰকাৰী সা-সুবিধা প্ৰদান কৰিছে৷ বিগত কালচোৱাত সংগঠনটোৱে বিভাগীয় সঞ্চালক, বিভাগীয় আয়ুক্তৰ লগতে স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক এন এইচ এম কৰ্মচাৰী সকলৰ চাকৰি স্থায়ী কৰাৰ বাবে বাৰম্বাৰ অনুৰোধ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই৷ যাৰ বাবে স্বাস্থ্য কৰ্মী সকলে যোৱা ২০ জানুৱাৰীত অসমৰ প্ৰতিখন জিলাৰ আয়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে যদিও আজিলৈকে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ স্বাস্থ্য কৰ্মী সকলে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নতুনকৈ স্থাপন হোৱা মেডিকেল কলেজ আৰু অন্যান্য চিকিৎসালয়ত নিযুক্তিৰ দাবীজনায়৷ সপ্তম দৰমহা আযোগৰ অধিনত চাকৰি নিয়মীয়া নোহোৱা পৰ্যন্ত পে স্কেলৰ ব্যবস্থা আৰু বিভিন্ন সা-সুবিধা প্ৰদানৰ দাবী জনায়৷ ২০২১ চনৰ Gazette Notification সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ দাবী জনায়৷ উচ্ছতম ন্যায়ালয়ৰ ৰায় অনুসৰি সম কামৰ সম দৰমহা প্ৰদান কৰাৰ দাবী জনায়৷ ইফালে, আজি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম বিশেষ টেট উত্তীৰ্ণ সংস্থাই৷ স্থায়ী নিযুক্তিৰ দাবীবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে ২০২১ বৰ্ষৰ ৩ অক্টোবৰত বিশেষ টেট অনুষ্ঠিত কৰা হৈছিল৷ এই বিশেষ টেট পৰীক্ষাত ১৪, ৫৭৫ গৰাকী প্ৰাৰ্থী অবতীৰ্ণ হৈছিল যদিও ৬৬৭জন প্ৰাৰ্থীহে উত্তীৰ্ণ হৈছে৷ সেই অনুসৰি এই বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু বিগত সময়ছোৱাত এইক্ষেত্ৰত চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ ইফালে, বিগত ১০ দিন ধৰি চচলত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীয়ে৷ এই কৰ্মীসকলে গাইগৰুৰ কৃত্ৰিম প্ৰজনন আৰু পশুধনৰ টিকাকৰণ আদি বিভিন্ন কামত জড়িত হৈ আহিছে৷ কিন্তু আজিপৰ্যন্ত এই কৰ্মীসকলৰ দুৰৱস্থাৰ প্ৰতি সংশ্লিষ্ট পশুপালন আৰু পশু চিকিৎসা বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰিলে৷ যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে চচলত বিগত ১০ দিন ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে৷ চাকৰি নিয়মীয়াকৰণকে ধৰি তেওঁলোকে কেইবাটাও দাবী উত্থাপন কৰি আহিছে৷ সমস্যাসমূহ শীঘ্ৰে সমাধান নকৰিলে অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰাৰো কৃত্ৰিম প্ৰজনন কৰ্মীসকলে হুংকাৰ দিছে৷