
‘পতঞ্জলি’ৰ উদ্যোগে দুৰ্বিষহ কৰিছে গঞাৰ জীৱন
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০ ফেব্ৰুৱাৰীঃ তেজপুৰৰ নিকটৱৰ্তী ঘোঁৰামাৰীৰ এক বৃহত্তৰ অঞ্চলত সম্প্ৰতি দুৰ্গন্ধময় এক জঘন্য পৰিৱেশৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে কেইবাখনো গাঁৱৰ ৰাইজে৷ এই সন্দৰ্ভত স্থানীয় লোকে কয় যে, বহু লোকৰে মূৰঘূৰণি হয়৷ ইয়াৰ ফলত প্ৰণিধানযোগ্য যে, তেজপুৰৰ নিকটৱৰ্তী ঘোঁৰামাৰীৰ অসম উদ্যোগিক উন্নয়নৰ নিগমৰ বৃহৎ চৌহদত আছে কেইবাটাও বৃহৎ কোম্পানী৷ পতঞ্জলি, ডাবৰ দৰে খাদ্য প্ৰস্তুত কৰা বৃহৎ কোম্পানীৰ উপৰি বিগত প্ৰায় দুটা বছৰৰ ভিতৰত ইয়াত স্থাপন কৰা হৈছে সুনিত ব্ৰুৱেৰীজ নামৰ এটা বীয়েৰ প্ৰস্তুত কৰা কোম্পানী৷ ডাবৰ আৰু পতঞ্জলিৰ উদ্যোগৰ পৰা ওলোৱা জুলীয়া পদাৰ্থ তথা পানী নিজা চৌহদৰ ভিতৰৰ পৰা বৈ আহি কাষৰ জুৰি তথা হোলাৰে ঘোঁৰামাৰীৰ ফিটিং চেণ্টাৰৰে বৈ গৈ পথাৰত পৰেগৈ৷ এইদৰে বছৰৰ পাছত বছৰ প্ৰাকৃতিক নলাৰে বৈ যোৱা উদ্যোগৰ অতি লেতেৰা পানীয়ে ফিটিং চেণ্টাৰৰ আশে-পাশে পিতনিৰ ৰূপ লৈছে৷ চেণ্টাৰটোতে এখন দোকান দি জীৱিকা নিৰ্বাহ কৰা এগৰাকী মহিলাই কয় যে, পুৱাৰে পৰা দুৰ্গন্ধই ৰাইজক ব্যতিব্যস্ত কৰাৰ পাছত নিশা ইয়াৰ মাত্ৰা আৰু অধিক বৃদ্ধি পায়৷ ৰাইজে এইদৰে দুষিত জুলীয়া পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াটো আৰু দুৰ্গন্ধমুক্ত হোৱাটো বিচাৰে বুলি কৈ তেওঁ লগতে কয় যে, এয়া শীঘ্ৰেই বন্ধ হ’ব লাগে৷ আনহাতে, এনে দুষিত জুলীয়া দ্ৰব্য পানীত মিহলি হোবাৰ বাবে স্থানীয় কৃষক ৰাইজৰ গৰু, ম’হৰো মৃত্যু হোৱা বুলি তেওঁ উল্লেখ কৰে৷উল্লেখ্য, ডাবৰ আৰু পতঞ্জলিৰ পাছতে উদ্যোগিক চৌহদটোত সুনিত ব্ৰুৱেৰীজ নামৰ বীয়েৰ কোম্পানীটো স্থাপন হোৱাৰ লগে লগে যোৱা প্ৰায় ডেৰবছৰত অঞ্চলসমূহত দুৰ্গন্ধৰ মাত্ৰা অধিক বৃদ্ধি পালে৷ ৰাইজে কয় যে, এই কোম্পানীটোৰ আগমনৰ পিছতেই দাঁতিকাষৰীয়া অঞ্চলত দুৰ্গন্ধত থাকিব নোৱৰা অৱস্থাৰ উদ্ভৱ হৈছে৷
উহনি পথাৰ, ঢেকীদল, ছেছা পানবাৰী, হাড়চুৰা নপাম, উহনি পথাৰ বেটবাৰী, চপাগুৰিকে ধৰি বৃহত্তৰ ছখন গাঁৱৰ ৰাইজ তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে এনে কাৰণত৷ বীয়েৰ প্ৰস্তুতকাৰী কোম্পানীটোৰ উপৰি ডাবৰ, পতঞ্জলি সকলো কোম্পানীৰে দূষিত পানী বাহিৰলৈ উলিয়াই দিয়াত কাষৰীয়া পথাৰৰ তথা হোলা আদিৰ অৱস্থা এইকাৰ্যই শোচনীয় কৰি তুলিছে৷ জলবায়ু বিষাক্ত কৰি তোলা এনে পৰিৱেশৰ বিপৰীতে কিন্তু প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ, শোণিতপুৰ প্ৰশাসনৰ কোনো যেন দায়িত্বই নথকাৰ দৰে এক স্থিতিয়ে ৰাইজক ক্ষোভিত কৰিছে৷ এনে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হোৱা ৰাইজে কয় ‘এই উদ্যোগসমূহে উৎপাদনৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে কিন্তু উদ্যোগৰ ভিতৰৰ লেতেৰা বিষাক্ত দ্ৰব্য বাহিৰলৈ পেলোৱা আৰু ইয়াৰ পৰা নিৰ্গত দুৰ্গন্ধ নোহোৱা কৰক৷ আমি এতিয়া ঘৰৰ খিৰিকী, দুৱাৰ খুলিব নোৱৰা অৱস্থা হৈছে৷’ উল্লেখ্য, এই জনবসতিপূৰ্ণ অঞ্চলত থকা উদ্যোগৰ পৰা নিৰ্গত এনে সামগ্ৰীয়ে যি পৰিস্থিতিৰ উদ্ভৱ কৰিছে সেই সন্দৰ্ভত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাই স্থানীয় সমাজ তথা সাংস্কৃতিক কৰ্মী বিনন বড়োৱে কয় ‘ইয়াত উদ্যোগ স্থাপন হৈছে, আমাৰ স্থানীয় যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিছে তাৰ বাবে আমি ভাল পাইছোঁ৷ কিন্তু কোটি কোটি টকা ব্যয় কৰা ডাবৰ, পতঞ্জলি আৰু সুনিত ব্ৰুৱেৰীজ নামৰ কোম্পানীকেইটাই তেওঁলোকৰ উদ্যোগৰ পৰা ওলোৱা জলবায়ু দূষিত কৰা দ্ৰব্য ভিতৰতে নিঃশেষ কৰা বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰক৷ বাৰে বাৰে ইয়াৰ বাবে ৰাইজে কৈ অহাৰ পাছতো বিষয়টোৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিয়া নাই৷ জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা তথা জলবায়ু প্ৰদূষিত কৰা এনে কাৰ্যৰ পৰা বিৰত নাথাকিলে তেওঁলোক তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিলোঁ৷” উল্লেখ্য, ঘোঁৰামাৰীৰ বৃহত্তৰ অঞ্চলত এইদৰে যি ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে তাৰ প্ৰতি সংশ্লিষ্ট চৰকাৰী বিভাগো অৱগত৷ কিন্তু এইসমূহ বৃহৎ কোম্পানীৰ এনে জনস্বাস্থ্যবিৰোধী কাৰ্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাত ৰহস্যজনকভাৱে ব্যৰ্থ চৰকাৰী বিভাগ৷ ঢেকীদল অঞ্চলত স্থাপিত আন এক ব্যক্তিগত উদ্যোগৰ পৰাও হোৱা দুৰ্গন্ধই প্ৰতিৱেশী ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ লগতে খোৱা-লোৱা কৰিব নোৱৰাকৈ পৰিৱেশ দূষিত কৰিছে বুলি উল্লেখ কৰি ৰাইজে কয় যে, এনে উদ্যোগীক চৰকাৰে সন্মানো জনাইছে, কিন্তু আচলতে এনে উদ্যোগীৰ স্থানীয় লোকৰ স্বাস্থ্যৰ বাবে দায়িত্ব কিমান সেয়া তেওঁলোকৰ কাৰ্যৰ পৰা ওলাই পৰিছে৷