Logo
image

বৰমাত বেজক বিশ্বাস কৰি হেৰুৱালে সোণৰ আ-অলংকাৰ

'আমাৰ অসম'ৰ বৰমাৰ প্ৰতিবেদকঃ অন্ধবিশ্বাসৰ বলি হৈ বাক্সাৰ বৰমা কদমতলাৰ এটি পৰিয়ালে হেৰুৱাব লগা হ'ল সোণৰ আ-অলংকাৰ। তন্ত্ৰমন্ত্ৰৰ বিশ্বাসেই কাল হ'ল পৰিয়ালটোৰ বাবে। ঘটনা বিৱৰণী মতে, কদমতলা গাঁৱৰ ভূপেন ঠাকুৰীয়া নামৰ লোকজনে দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল এক জটিল ৰোগত। চিকিৎসা কৰি সৰ্বশ্ৰান্ত হোৱা ভূপেন ঠাকুৰীয়াই বুধবাৰে গাঁৱতেই লগ পাইছিল বাইকত অহা অচিনাকি দুই বেজক।  বেজে ভূপেন ঠাকুৰীয়াক জৰাফুঁকা কৰি ৰোগ নিৰাময়ৰ বাবে দিছিল বিশ্বাস। কোনো দুষ্ট লোকে অগ্নিবান মাৰি ভূপেন ঠাকুৰীয়াক ৰোগাক্ৰান্ত কৰিছে বুলি বেজে মন্তব্য কৰিছিল। বেজৰ কথাত পতিয়ন গৈছিল ভূপেন ঠাকুৰীয়াৰ পৰিয়ালটো।


এই বিশ্বাসেই যেন কাল হ'ল পৰিয়ালটোৰ কাৰণে। বৃহস্পতিবাৰে ভূপেন ঠাকুৰীয়াৰ ঘৰলৈ আহি দুই বেজে তন্ত্ৰমন্ত্ৰ আৰম্ভ কৰে। ৰুগীয়া ভূপেন ঠাকুৰীয়াৰ পত্নীক সোণৰ গহনাৰ কথাও সুধিছিল। বেজে তন্ত্ৰমন্ত্ৰ কৰি যোৱাৰ পাছতে নেহোৱা হ'ল সোণৰ চেইন আৰু কাণফুলী। এই ঘটনাৰ পিছতেই বেজলৈ ফোন কৰে যদিও বেজৰ মোবাইল ফোন বন্ধ থাকে। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে কাষ চাপে আৰক্ষীৰ। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় দলবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ভূপেন ঠাকুৰীয়াৰ পৰিয়ালে।