ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ ছাত্ৰৰ কৃতিত্ব
'আমাৰ অসম'ৰ বৰমাৰ প্ৰতিবেদকঃ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত অধ্যয়নৰত এজন প্ৰতিভাৱান ছাত্ৰৰ কৃতিত্বক লৈ গাঁওবাসী উৎফুল্লিত হৈ পৰিছে। বিশ্ববিদ্যালয়ৰ লগতে গাঁওবাসীক গৌৰৱান্বিত কৰা ছাত্ৰজনৰ নাম জোন শৰণীয়া। অলপতে কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় জোন শৰনীয়া নামৰ মেধাৱী ছাত্ৰজনে। ছাত্ৰজনৰ সাফল্যত শুকুৰবাৰে নিজ জন্ম গাঁও বৰমাৰ নিকটৱৰ্তী আলাগজাৰ দলেপাৰাত সম্বৰ্ধনা জনোৱা হয়।
এই উপলক্ষে শুকুৰবাৰে ৰাতিপুৱা স্থানীয় ৰাজেন্দ্ৰ নাথ প্ৰাথমিক বিদ্যালয়ত হোৱা এক সভাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জোন শৰণীয়াক সম্বৰ্ধনা জনায়। সভাত স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। উক্ত সম্বৰ্ধনা সভাৰ আঁত ধৰে কবি ডিম্বেশ্বৰ শৰণীয়াই। উল্লেখ্য যে 'এন এচ এচ'ৰ অধীনত বেংগালুৰুৰ চেহাদ্ৰিপুৰাম ফাৰ্ষ্ট গ্ৰেড মহাবিদ্যালয়ত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাৰ বিষয আছিল 'ওৱান নেচন ওৱান ইলেকচন'। জোন শৰণীয়া আলাগজাৰ, দলেপাৰা নিবাসী কৃষ্ণকান্ত দাস আৰু মঞ্জু দাসৰ সুযোগ্য পুত্ৰ।






