
দুসপ্তাহে ছাৰ্ভাৰ ঠিক নহ’ল ডিজিটেল দিছপুৰৰ বিড়ম্বনা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ ফেব্ৰুৱাৰীঃ সন্মুখত এডভাণ্টেজ আছাম ২.০৷ মাজত মাত্ৰ তিনিটা দিনহে বাকী৷ কিন্তু ৰাজ্য প্ৰশাসনৰ হূদপিণ্ড দিছপুৰৰ জনতা ভৱনত দুসপ্তাহে অচল হৈয়ে আছে ই-অফিচৰ কাম-কাজ৷ ঠিক নহ’ল ছাৰ্ভাৰ৷ কাৰ্যতঃ এয়া ডিজিটেল দিছপুৰৰ বিড়ম্বনা৷ লক্ষণীয় যে ৮ ফেব্ৰুৱাৰীৰ পৰাই কেইবাদিন ধৰি জনতা ভৱনৰ ই-অফিচ সেৱা সম্পূৰ্ণ বন্ধ হৈ পৰিছিল৷ হেকাৰৰ কৱলত পৰাৰ বাবেই এনে হোৱা বুলি আশংকা কৰা হৈছে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পাছত জনতা ভৱনৰ ই-অফিচৰ দায়িত্বত থকা ৰেইলটেল নামৰ প্ৰতিষ্ঠানটোৱে পুনৰ ই-অফিচ সেৱা সক্ৰিয় হোৱা বুলি দাবী কৰিছিল যদিও প্ৰকৃততে যোৱা দুসপ্তাহে ঠিক নহ’ল ৪০ শতাংশও কাম-কাজ৷ পৰিণতিত এডভাণ্টেজ আছামৰ ভিজিটৰৰ উত্তৰ দিব নোৱৰা অৱস্থা৷ উত্তৰ নোপোৱাকৈ ভিজিটৰ ঘূৰি যাবলগীয়া হৈছে৷ ফিজিকেল ফাইলৰ বাবেও লজিষ্টিক চাপ’ৰ্ট বন্ধ হৈ পৰিছে৷
৮ ফেব্ৰুৱাৰীৰ পৰা ই-অফিচ সেৱা সম্পূৰ্ণ বন্ধ হৈ থকাৰ পাছত ১৫ ফেব্ৰুৱাৰীৰ পৰা ছেগাচোৰোকাকৈ কাম আৰম্ভ হৈছিল যদিও এতিয়া ই-অফিচ ব্যৱস্থাই কাম নকৰাত জনতা ভৱনত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইফালে, প্ৰচণ্ড মানসিক চাপত উচ্ছ পদস্থ বিষয়াসকলে খঙতে দুৰ্ব্যৱহাৰ কৰিছে নিম্নপৰ্যায়ৰ বিষয়া-কৰ্মচাৰীক৷ পকেটৰ ধন খৰচ কৰি নিম্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীয়ে ফিজিকেল ফাইলৰ সামগ্ৰী ক্ৰয় কৰিবলগীয়া হৈছে৷ পুৰণি ফাইল খুচৰি তাত বাকী ৰৈ যোৱা গ্ৰীন নোটশ্বীট, হাৰ্ডৱৰ্ড উলিয়াই ব্যৱহাৰ কৰিবলগীয়া হৈছে৷ বিধানসভাৰ অধিৱেশন চলি থকাত এচেম্বলীৰ লগতে হাইক’ৰ্ট আদিক উত্তৰ দিব নোৱাৰি কৰ্মচাৰী হতাশাগ্ৰস্ত হৈ পৰিছে৷ ইয়াৰ পাছতো কোনো নিৰ্ভাৰযোগ্য কৰ্তৃপক্ষৰ কোনো স্পষ্ট নিৰ্দেশনা নাই, নাই সকাহভৰা মন্তব্য৷ এক কথাত ক’বলৈ গ’লে পাগল হৈ পৰিছে জনতা ভৱনৰ কৰ্মচাৰী সমাজ৷ কম্পিউটাৰত ই-অফিচৰ ফাইল খুলিলে দেখায়– চিকিউৰ কানেকশ্বন ফেইলড !