Logo
image

গো-মাংসৰ পিছে পিছে দৌৰি ফুৰাতকৈ বেলেগ কাম কৰক চৰকাৰে

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ২১ ফেব্ৰুৱাৰীঃ  গো-মাংস সৰবৰাহকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মজিয়াত বিপাঙত পৰিছে অসম চৰকাৰ৷ ন্যায়াধীশ এ এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠৰ কটাক্ষ– গো-মাংস সৰবৰাহকাৰীৰ পিছে পিছে দৌৰি থকাতকৈ ৰাজ্য চৰকাৰে বেলেগ কাম কৰক৷ সেইটোৰ বাহিৰেও চৰকাৰৰ কৰণীয় বহু ভাল কাম আছে৷ উল্লেখ্য, গোচৰ ৰজু কৰা ব্যক্তিৰ গাড়ীত কি মাংস আছে সেয়া তেওঁ উত্তৰ দিব পৰা নাছিল৷ সেয়েহে পশুধন নিবাৰণ আইন অনুসৰি উক্ত মাংস পৰীক্ষা কৰাৰ বাবে লেবত প্ৰেৰণ কৰা হৈছে বুলি ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাজনে আজিৰ শুনানীকালত প্ৰকাশ কৰিছিল৷


ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ৰ প্ৰশ্ন— পেকেটত ৰখা মাংসৰ প্ৰকৃতি এজন গাড়ীৰ চালক তথা সৰবৰাহকাৰীয়ে চাই কেনেদৰে বুজি পাব? খালী চকুৰে মাংস চাই কোনেও ক’ব নোৱাৰে যে সেয়া কি মাংস৷ ৰাজ্যৰ পশুধন নিবাৰণ আইনৰ ৮নং ধাৰাৰ কথা উল্লেখ কৰি বিচাৰপীঠৰ বক্তব্য— উক্ত ধাৰা তেতিয়াই প্ৰয়োগ কৰিব পাৰি যদিহে সংশ্লিষ্ট ব্যক্তিৰ ওচৰত থকা মাংসখিনি গো-মাংস বুলি তেওঁ অৱগত৷ ইয়াৰ পাছত ন্যায়ালয়ে অভিযুক্ত ব্যক্তিজনৰ বিৰুদ্ধে পৰৱৰ্তী শুনানী গ্ৰহণ নকৰালৈকে কোনোধৰণৰ আইনী পদক্ষেপ গ্ৰহণ নকৰিবলৈ অসম চৰকাৰক নিৰ্দেশ প্ৰদান কৰে৷ ১৬এপ্ৰিলত পৰৱৰ্তী শুনানী গ্ৰহণ কৰা হ’ব৷