
ভাৰতক দিয়া ২১ নিযুত ডলাৰ উপঢৌকনহে !
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ ফেব্ৰুৱাৰীঃ আমেৰিকাই ভাৰতত নিৰ্বাচনী সজাগতা বৃদ্ধি আৰু ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে পূৰ্বে প্ৰদান কৰা ২১ নিযুত ডলাৰৰ আৰ্থিক সাহায্য উপঢৌকন আছিল বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা মন্তব্যত ভাৰতীয় ৰাজনীতিত হাহাকাৰৰ সৃষ্টি হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সামৰণিৰ পিছদিনাই ইলন মাস্ক নেতৃত্বাধীন ‘ডজ’ বিভাগে ভাৰতৰ এই অৰ্থ সাহায্য বন্ধ কৰি দিছিল৷ তাৰো কেইবাদিনো পাছত বৃহস্পতিবাৰে ট্ৰাম্পে ভাৰতলৈ প্ৰেৰণ কৰি থকা এই মাৰ্কিন সাহায্য উপঢৌকন বুলি মন্তব্য কৰে৷ কাৰোবাক নিৰ্বাচনত বিজয়ী কৰোৱাৰ বাবে এই অৰ্থ ব্যৱহাৰ কৰা বুলি মন্তব্য কৰিও ট্ৰাম্পে সন্দেহৰ বাতাৱৰণ সৃষ্টি কৰে৷ ড’নাল্ড ট্ৰাম্পৰ এই মন্তব্যত নতুন দিল্লীয়ে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে৷ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে এই সন্দৰ্ভত কৈছে, বিষয়টো উদ্বেগজনক৷ সম্পূৰ্ণ বিষয়টো সংশ্লিষ্ট বিভাগে বিশ্লেষণ কৰি চাইছে৷ এয়া ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি মন্তব্য কৰিছে বৈদেশিক মন্ত্ৰণালয়ে৷ নতুন দিল্লীৰ প্ৰতিক্ৰিয়া জনায় বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে৷
প্ৰসংগতঃ, যোৱা ১৬ ফেব্ৰুৱাৰীত আমেৰিকাই এই আৰ্থিক সাহায্য কৰ্তন কৰা বুলি ঘোষণা কৰোতেই বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই কৈছিল–‘এই আৰ্থিক সাহায্য কৰ্তন কৰিলেও একো সমস্যা নাই৷ এয়া কোনে ব্যৱহাৰ কৰি আছিল সেয়া লক্ষণীয়৷’ বিজেপিৰ এই মনোভাৱ লক্ষ্য কৰিলে নতুন দিল্লীৰ চৰকাৰী বিবৃতি নিয়মমাফিক বুলি বুজাত অসুবিধা নহয়৷ বিজেপিৰ ধাৰণা, মাৰ্কিন সাহায্যৰ ধন ভাৰতীয় এন জি অ’ই ভোটদানৰ হাৰ বৃদ্ধিৰ সজাগতাত ব্যৱহাৰ কৰি বিজেপিক পৰাস্ত কৰিবলৈ চেষ্টা চলাইছিল৷
ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে ৱাশ্বিংটন ডি চিত ৰিপাব্লিকান গৱৰ্নৰ্ছৰ সন্মিলনত ভাষণ প্ৰদান কৰি কৈছিল–‘ভাৰতত ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ ২১ নিযুত? আমি কিয় ভাৰতত ভোটদানৰ হাৰ বৃদ্ধিৰ বিষয়ে চিন্তা কৰিব লাগে? আমাৰ নিজৰে বহু সমস্যা আছে৷ আমি নিজৰো ভোটদানৰ হাৰ বৃদ্ধিৰ চেষ্টা কৰিব লাগে৷ মই ভাবো, এয়া কাৰোবাক বিজয়ী কৰোৱাৰ স্বাৰ্থত ব্যৱহাৰ হৈছিল৷ এয়া নিশ্চিত উপঢৌকন৷’ ট্ৰাম্পৰ এই মন্তব্যৰ পাছত পূৰ্বৰ বাইডেন প্ৰশাসনে ভাৰতৰ নিৰ্বাচনত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷