
এডভাণ্টেজ আছামত বিঘিনি ঘটাবৰ বাবেই নাটক আক্ৰমণৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ ফেব্ৰুৱাৰীঃ এডভাণ্টেজ আছাম বিফল কৰাৰ ষড়যন্ত্ৰ চলাইছে হেনো কংগ্ৰেছ দলে৷ আৰু এই ষড়যন্ত্ৰৰ অংশ হিচাপে ৰূপহীত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণৰ নাটক মঞ্চস্থ কৰা হ’ল৷ এই গুৰুতৰ অভিযোগ চামগুৰি সমষ্টিৰ বিজেপি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ৷ ৰকিবুল পুত্ৰক উপনিৰ্বাচনত হৰুৱাই বিধানসভালৈ নিৰ্বাচিত বিধায়ক শৰ্মাই শুকুৰবাৰে সদনত অভিযোগ কৰি কয়– ৰূপহী-কাণ্ড এডভাণ্টেজ আছাম বিফল কৰাৰ এক চক্ৰান্ত৷ যিয়ে মাৰিছে, আক্ৰমণ কৰিছে সেইসকলোবোৰ ৰকিবুল হুছেইনৰ নিজৰ মানুহ৷ গাড়ী এৰি কিয় সাংসদজনে বাইকত উঠিছিল৷ প্ৰশান্ত ফুকনকো কংগ্ৰেছে আক্ৰমণ কৰিছিল৷
প্ৰশান্ত ফুকনক যিসকলে আক্ৰমণ কৰিছিল তেওঁলোক বিধানসভাত বহি আছে৷ কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰিছে৷ আনহাতে, বঢ়মপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয়– এই ঘটনাটো কংগ্ৰেছ দলৰ নিজৰ মাজৰে ঘটনা৷ তাতে যিসকল কৰ্মী আছিল সেইসকল কংগ্ৰেছৰে কৰ্মী৷ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে অপৰাধীসকলৰ নাম ৰাজহুৱা কৰিছে৷ ইয়াৰে গোটেইকেইজন কংগ্ৰেছ কৰ্মী৷ কংগ্ৰেছৰ বিধায়ক এজনৰ পুত্ৰই চামগুৰি সমষ্টিৰ টিকট বিচাৰিছে আৰু কংগ্ৰেছৰে অন্য এজন বিধায়কৰ পুত্ৰই উপ-নিৰ্বাচনত দলীয় টিকট লাভ কৰি নিৰ্বাচন খেলে৷ চামগুৰি সমষ্টিত দুজনে বিধায়ক আছে৷ এজন চামগুৰিৰ আৰু আনজন ৰূপহীৰ৷ তেওঁ চামগুৰিৰ মূল বাসিন্দা৷ সেয়ে দুজন বিধায়ক পুত্ৰৰ মাজৰহে যুঁজ এইখন৷