Logo
image

অমিতাৰ গুটিতো থাকে বহু ঔষধি গুণ

সাধাৰণতে যিকোনো ফলমূলৰ বীজ পেলনীয়া বুলি গণ্য কৰা হয়৷ আশ্চৰ্যকৰভাৱে ফলমূলৰ গুটিতো থাকে ৰোগ প্ৰতিৰোধ কৰিব পৰা পুষ্টি গুণ৷ এই ক্ষেত্ৰত পকা অমিতাৰ গুটি লিভাৰজনিত সমস্যাত ভোগা লোকৰ বাবে মহৌষধ ৰূপে পৰিগণিত হৈছে৷ অমিতাৰ গুটি ভিটামিনেৰে ভৰপূৰ৷ ইয়াত আছে ফছফৰাছ, মেগনেছিয়াম, কেলছিয়ামৰ দৰে ভিটামিন৷ হজম শক্তি বৃদ্ধিত ই আটাইকেইটা পুষ্টিগুণে সহায় কৰে৷ পকা অমিতাৰ গুটি মৌৰ সৈতে মিলাই খোৱাৰ অভ্যাস কৰিলে লিভাৰজনিত যিকোনো অসুখত ভাল ফল পাব পাৰি৷

অমিতা গুটিৰ উপকাৰিতাঃ 

(১) ক্ষতিকৰ জীৱাণু নাশঃ  অমিতাৰ গুটিত আছে প্ৰোট্ৰিওলাইটিক, যি শৰীৰৰ ভিতৰত প্ৰৱেশ কৰা ক্ষতিকাৰক জীৱাণুক নাশ কৰে৷ তদুপৰি বেক্টেৰিয়াৰ আক্ৰমণতো বাধা দিয়ে৷ 

(২) লিভাৰৰ সুৰক্ষাঃ  বিশেষজ্ঞ সকলৰ মতে লিভাৰ চিৰছিছত আক্ৰান্ত ৰোগীৰ বাবে পকা অমিতাৰ গুটি খুবেই উপকাৰী৷

(৩) ডেংগি প্ৰতিৰোধঃ  ডেংগি জ্বৰত আক্ৰান্ত হ’লে অমিতাৰ পাত আৰু গুটি খালে ৰোগৰ পৰা উপশম পাব পাৰি৷ 


(৪) ঋতুস্ৰাৱৰ যন্ত্ৰণা হ্ৰাসঃ  মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত যন্ত্ৰণাৰ সৃষ্টি হ’লে মৌৰ সৈতে মিহলাই অমিতাৰ গুটি খালে যন্ত্ৰণাৰ উপশম হয়৷ 

(৫) ওজন হ্ৰাসঃ  অমিতাৰ গুটি মৌৰ সৈতে মিহলাই খালে ওজন নিয়ন্ত্ৰণত থাকে৷ যিহেতু অমিতাৰ গুটি খোৱাৰ ফলত হজম শক্তি বৃদ্ধি পায়, হজম শক্তি নিয়ন্ত্ৰিত হৈ থাকিলেই শৰীৰৰ ওজনো নিয়ন্ত্ৰিত হৈ থাকে৷

(৬) আৰ্থ্ৰাইটিছ প্ৰতিৰোধকঃ  অমিতাৰ গুটি প্ৰচুৰ পৰিমাণে ভিটামিন চি, আলকালয়েড আৰ ফ্ল্যাভোনয়েড সমৃদ্ধ৷ এই উপাদানে আৰ্থ্ৰাইটিছৰ সমস্যা দূৰ কৰাত সহায় কৰে৷ 

(৭) খোৱাৰ পদ্ধতিঃ  পকা অমিতাৰ গুটিখিনি এটা পাত্ৰত ৰাখি ৰ’দত শুকাই ল’ব লাগে৷ গুটিখিনি ভালকৈ শুকোৱাৰ পাছত গুৰি কৰি এটা কাচৰ পাত্ৰত ৰাখক৷ মৌৰ সৈতে মিলাই অমিতাৰ শুকান গুড়ি খোৱাৰ উপৰি বিভিন্ন চালাডৰ সৈতেও খাব পাৰি৷ এইদৰে অমিতাৰ গুটিয়েও লিভাজনিত সমস্যাৰ পৰা আপোনাক বচাই ৰাখিবপাৰে৷