
গুৱাহাটীত পুনৰ চাইবাৰ অপৰাধীয়ে লুটি নিলে ব্যৱসায়ীৰ ৪১.৩ লাখ টকা
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২১ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত অব্যাহত আছে চাইবাৰ অপৰাধীৰ সন্ত্ৰাস৷ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ চাইবাৰ অপৰাধীয়ে এজনৰ পিছত আনজন লোকৰ ধন একাউণ্টৰ পৰা লুণ্ঠন চলাই আছে৷ চাইবাৰ অপৰাধীৰ টাৰ্গেট হৈ পৰিছে গুৱাহাটীৰ সৰ্ব সাধাৰণ নাগৰিক৷ চাইবাৰ অপৰাধী চক্ৰই ন ন কৌশলেৰে বিভিন্নজনৰ পৰা ধন লুট কৰি আহিছে৷
শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ এজন লোকে অনলাইন ব্যৱসায় কৰিবলৈ গৈ ৪১.৪৪ লাখ টকা হেৰুৱাবলগীয়া হোৱা এক ঘটনা পোহৰলৈ আহিছে৷ আৰক্ষী সূত্ৰই জনোৱামতে ভুক্তভোগী লোকজনে অনলাইনযোগে এটা বিনিয়োগ প্ৰতিষ্ঠানত ৪১.৩ লাখ টকা বিনিয়োগ কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটো ভুৱা বুলি জানিব পাৰি চাইবাৰ আৰক্ষীৰ কাষ চাপে ভুক্তভোগী লোকজন৷ লোকজনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই পাঁচ লাখ টকা উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় যদিও বাকী থকা টকাখিনি এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই৷