Logo
image

টিহু সমষ্টিৰ প্ৰতিটো পঞ্চায়ততে প্ৰাৰ্থী দিব অগপই !

'আমাৰ অসম'ৰ টিহুৰ প্ৰতিবেদকঃ পঞ্চায়ত নিৰ্বাচনক লৈ  ৰাজনৈতিক দল সমূহৰ বৃদ্ধি পাইছে তৎপৰতা। প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন ঠাইত সভা অনুষ্ঠিত কৰি সাংগঠনিক দিশ শক্তিশালী কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হ'ব ধৰিছে। মিত্ৰজোঁটত থাকিও অগপ আৰু বিজেপিয়ে পৃথকে পৃথকে সভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনক লৈ ৰণডংকা বজাইছে। শনিবাৰে টিহু নগৰ অগপৰ কাৰ্যালয়ত  অগপৰ টিহু সমষ্টি সমিতিৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয়।


অগপৰ টিহু সমষ্টি সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰদীপ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক কেশৱ চন্দ্ৰ ডেকা, কাৰ্যনিৰ্বাহক বানী কলিতা, নলবাৰী জিলা অগপৰ সম্পাদক কনকেশ্বৰ দাস, নলবাৰী জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি তথা জিলা অগপৰ উপদেষ্টা ড০ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী, টিহু পৌৰসভাৰ উপ-পৌৰপতি ড০ সুৰজিৎ বৰ্মন, জ্যেষ্ঠ অগপ নেতা ফনীন্দ্ৰ নাথ দাস, সুৰেন্দ্ৰ নাথ কলিতা আদি কেইবাজনেও অংশ লৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ সকলোকে সাজু হ'বলৈ আহ্বান জনায়। টিহু সমষ্টি সমিতিৰ সম্পাদক অৱনী বৰ্মন আৰু ভৱেশ কলিতাই আঁত ধৰা উক্ত সভাখনত আগন্তুক পঞ্চায়ত নিৰ্বাচনত টিহু সমষ্টিত এজিপি আৰু বিজেপিৰ মিত্ৰতা নহ'লে প্ৰতিখন পঞ্চায়ততে অগপই প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে মিত্ৰতা বাহাল থাকিলে ৫০% প্ৰাৰ্থী দিয়াৰ উপৰিও টিহু জিলা পৰিষদৰ আসনখন অগপই বিচাৰিব বুলি জনায়।