Logo
image

মিছামৰা নলবাৰীত সেউজ বিপ্লৱৰ সূচনা

'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদকঃ ধেমাজি জিলাৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ মিছামৰা গাওঁ পঞ্চায়তৰ নলবাৰী গাঁৱত সূচনা হৈছে সেউজ বিপ্লৱৰ। উল্লেখযোগ্য যে ১ নং নলবাৰী, ২ নং নলবাৰী গাঁৱৰ পথাৰত অঞ্চলৰ কেইবাখনো গাঁৱৰ ডেৰ শতাধিক পৰিয়ালে সৰিয়হ, মটৰ, আলু, জলকীয়া আদি ৰবি শস্যৰ খেতি কৰি আহিছে। অঞ্চলৰ স্থানীয় খেতিয়ক সকলৰ উপৰি চিমেন চাপৰিৰ হাংমা চাপৰি, মিছামৰাৰ জয়পুৰ, জাৰ্মনবাৰী, উলুচাপৰি, মাজগাঁও, বুঢ়ীমূৰী আদি গাঁৱৰ অসংখ্য খেতিয়কে শ শ কুইন্টল সৰিয়হ, মটৰ মাহ, আলু উৎপাদিত কৰি আহিছে। চৰকাৰৰ কোনো সুবিধা, আঁচনি লাভ নকৰাকৈ নিজৰ পুঁজিৰে গাৰ ঘাম মাটিত পেলাই সেউজ বিপ্লৱৰ সূচনা কৰি আহিছে প্ৰগতিশীল কৃষক সকলে। মাজগাঁৱৰ কুকৰাম বড়োয়ে দুবিঘা আলু, তিনি বিঘা মটৰমাহ, বুঢ়ীমূৰী গাঁৱৰ ভদ্ৰেশ্বৰ খেৰকটাৰীয়ে দুবিঘা আলু, তিনি বিঘা মটৰমাহ, জয়পুৰ গাঁৱৰ মধু নাৰ্জাৰীয়ে সাত বিঘা সৰিয়হ, তিনি বিঘা আলু, তিনি বিঘা মটৰমাহ, প্ৰদীপ বড়োয়ে চাৰি বিঘা আলু, তিনি বিঘা মটৰমাহ, মদন বড়োয়ে তিনি বিঘা আলু, দুবিঘা মটৰমাহ, মনোৰঞ্জন স্বৰ্গীয়াৰীয়ে চাৰি বিঘা মটৰমাহ, তিনি বিঘা আলু, দুবিঘা মটৰমাহৰ খেতি কৰাৰ উপৰি জলকীয়া, ৰঙালাও আদি ৰবি শস্যৰ খেতিৰ কৰাৰ লগতে অনেকে এনেধৰণৰ খেতি কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে। 


অতি পৰিতাপৰ বিষয় যে কৃষক সকলৰ উৎপাদিত খাদ্য সামগ্ৰী সমূহ যাতায়তৰ অসুবিধাৰ বাবে বজাৰলৈ উলিয়াই নিবলৈ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে প্ৰতিবছৰে। এটা অঞ্চলৰ উন্নয়নৰ বাবে যাতায়ত ব্যৱস্থা অতি প্ৰয়োজন যদিও জোনাই মহকুমাৰ মিছামৰা গাওঁ পঞ্চায়তৰ ৰাওন শান্তিপুৰ নলবাৰী সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাই জলা-কলা খুৱাই আহিছে অঞ্চলৰ কৃষিজীৱী গঞা ৰাইজক। ৰাওন শান্তিপুৰ নলবাৰী সংযোগী পথছোৱাৰ ৰাওন শান্তিপুৰৰ পৰা ৰাওন কুমলীয়া পথাৰৰ আধা অংশলৈ গাঁও পঞ্চায়তৰ এমজিএনৰেগা আঁচনিৰ অধীনত শিল-বালি ছটিওৱা কাম সামান্য পৰিমাণে ৰূপায়ণ কৰা হৈছে যদিও পথছোৱাৰ ৰাওন কুমলীয়া পথাৰৰ অধিকাংশ বাথাবাৰী, ১ নং নলবাৰী, ২ নং নলবাৰী গাঁৱৰ অংশত আজিও পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হোৱা নাই। যাৰ ফলত জৰাজীৰ্ণ পথটোৰে বছৰ বছৰ ধৰি ১ নং নলবাৰী, ২ নং নলবাৰী, বাথাবাৰী আদি কেবাখনো গাঁৱৰ কৃষিজীৱী গঞা ৰাইজে যাতায়তত যমৰ যাতনা ভুগি আহিছে। শান্তিপুৰ নলবাৰী সংযোগী পথছোৱা নিৰ্মাণ কৰি যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ মিছামৰা আঞ্চলিক সমিতিৰ সভাপতি বিৰ্খৌ বসুমতাৰী, সাধাৰণ সম্পাদক শিৱশঙ্কৰ পাতিৰ, টিএমকেপিৰ মিছামৰা আঞ্চলিক সমিতি, এবছুৰ চিমেন আঞ্চলিক সমিতি আৰু ভুক্তভোগী ৰাইজে দাবী জনাইছে।