হাউলী আইচৰাপাৰাৰ অবৈধ বালি মহলৰ ট্ৰেক্টৰ, ডাম্পাৰৰ দৌৰাত্ম
'আমাৰ অসম'ৰ হাউলীৰ প্ৰতিবেদকঃ বৰপেটা ৰোড বন সংমণ্ডলৰ অধীনস্থ হাউলীৰ ওচৰৰ আইচৰাপাৰা বেকীনদীৰ চৰত একাংশ লোকে অবৈধ ভাৱে বালিৰ মহল গঢ়ি তোলাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, আইচৰাপাৰা বেকীনদী চৰৰ বালি, মাটি বিনা দ্বিধাই জে চি বিৰে দিনে-নিশাই খান্দি চৰকাৰক ৰাজহ ফাঁকি দি বিক্ৰী কৰি আহিছে। মহলটিৰ পৰা দৈনিক শ শ ট্ৰেক্টৰ, ডাম্পাৰেৰে দিনে-নিশাই বালি, মাটি কঢ়িয়াই খন্দকাৰ পাৰা বজাৰৰ মাজেৰে অহা-যোৱা কৰাৰ ফলত সমগ্র অঞ্চল ব্যাপি এক ধূলিময় পৰিৱেশ সৃষ্টি হৈছে। যাৰ বাবে বৃহত্তৰ এলেকাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজ অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।
অনিয়ন্ত্রিত ভাৱে গাড়ীসমূহ চলাচলৰ ফলত ৰাস্তাৰ কাষতে থকা বিদ্যালয় সমূহতো ধূলি-বালি প্ৰৱেশ কৰি সৃষ্টি কৰা অস্বাস্থ্যকৰ পৰিৱেশে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে চৰ্দী-কাঁহ আদি বেমাৰত ভুগা পৰিলক্ষিত হৈছে। উল্লেখ্য, আইচৰাপাৰা চৰ অঞ্চলত এইদৰে অবৈধ ভাৱে মাটি খনন কৰিলে আগন্তুক বাৰিষা কালত অঞ্চলটোত তীব্ৰ গৰাখহনীয়াৰ পূর্ণ সম্ভাৱনা প্ৰকট হৈ পৰাত অঞ্চলটোৰ ৰাইজ চিন্তিত হৈ পৰিছে। দৈনিক চালান বিহীন ট্ৰেক্টৰ আৰু ডাম্পাৰৰ জৰিয়তে বালি, মাটি বিক্ৰী কৰাৰ ফলত অসম চৰকাৰৰ বন বিভাগে লাখ লাখ টকাৰ ৰাজহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। শীঘ্ৰে অবৈধ বালি মহল আৰু ট্ৰেক্টৰ, ডাম্পাৰৰ দৌৰাত্ম্য বন্ধ কৰিবলৈ সচেতন মহলে দাবী উত্থাপন কৰিছে। এই ক্ষেত্ৰত বৰপেটা ৰোড বন বিভাগে কেনেধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।






