অসমত ৰিলায়েঞ্চৰ ‘কেম্পাকোলা’ উৎপাদন আৰম্ভ
‘আমাৰ অসম’ৰ বাইহাটা চাৰিআলি আৰু কমলপুৰৰ প্ৰতিবেদক, ২২ ফেব্ৰুৱাৰীঃ এডভাণ্টেজ্ অসম ২.০-ৰ আৰম্ভণিতে কেইবাটাও প্ৰতিস্থিত উদ্যোগ-প্ৰতিষ্ঠানে অসমত ভৰি দিয়াটো এক শুভ লক্ষণ৷ সৰ্বভাৰতীয় উদ্যোগ প্ৰতিষ্ঠান ৰিলায়েন্সে জেৰিকো প্ৰতিষ্ঠানৰ সহযোগত কামৰূপ জিলাৰ চাংসাৰিত ফুড্ প্ৰছেচিং আৰম্ভ কৰিছে৷ যোৱা কেইদিনত ইনফচিছৰ ডেভেলপমেণ্ট চেণ্টাৰ, ৰুৰেল প্ৰডাক্ট নামৰ কোম্পানী আদিয়ে প্ৰতিষ্ঠা লাভ কৰিছে৷ ডাঙৰ-ডাঙৰ উদ্যোগ প্ৰতিষ্ঠান অসমলৈ আহিবলৈ আৰম্ভ কৰিছে৷ অসমত আই টিৰ ডেভেলপমেণ্ট হৈছে৷ আজিৰ পৰা চাংসাৰিত কেম্পাকোলা ব্ৰেণ্ডৰ উৎপাদন আৰম্ভ হ’ব৷ আনহাতে ২৫ ফেব্ৰুৱাৰীত আৰম্ভ হ’বলগীয়া এডভাণ্টেজ অসম সন্মিলনলৈ এক লাখ কোটি টকাৰ বিনিয়োগকাৰী অসমলৈ আহিব৷ সন্মিলনত ভাগ ল’বলৈ ৰিলায়েন্সৰ সঞ্চালক মুকেশ ধিৰুভাই আম্বানিৰ দৰে ভাৰতৰ আগশাৰীৰ উদ্যোগপতিসকল আহিব৷ এয়া অসমবাসীৰ বাবে আশাৰ বতৰা৷ এই বুলি মত ব্যক্ত কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আজি অগ্ৰণী পানীয় কোম্পানী ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ্ লিমিটেডে চমুকৈ আৰচিপিএল -এ অংশীদাৰী প্ৰতিষ্ঠান জেৰিক’ৰ সহযোগত চাংসাৰিত স্থাপন কৰা কেম্পা ব্ৰেণ্ডৰ পানীয় বটলিং প্ৰকল্পটো উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক সম্প্ৰসাৰণত কেম্পা ব্ৰেণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব৷
৬ লাখ বৰ্গফুটতকৈয়ো অধিক বিস্তৃত এই প্ৰকল্পটো উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পানীয় প্ৰস্তুতকৰণ গোটসমূহৰ ভিতৰত এক অন্যতম গোট হ’ব৷ আজিৰ উদ্বোধনী সভাত ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ্ লিমিটেডৰ মুখ্য কাৰ্যকৰী বিষয়া কেতন ম’ডীয়ে কয়, ‘আজি আমি জেৰিক’ৰ সৈতে অংশীদাৰিত্বৰে গুৱাহাটীৰ পানীয় প্ৰকল্পটো উদ্বোধন কৰাটো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, যিয়ে স্থানীয় অৰ্থনৈতিক বিকাশত পোনপটীয়াকৈ অৰিহণা যোগাব আৰু স্থানীয় যুৱক-যুৱতীৰ বাবেও নিয়োগৰ নতুন সুযোগ আনিব৷ আনহাতে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি জেৰিক’ ফুডছ্ এণ্ড বেভাৰেজ এলএলপি-ৰ প্ৰতিষ্ঠাপক আশিস আগৰৱালে কয়, ‘আজি শুভাৰম্ভণি হোৱা এই বিশ্বমানৰ কেম্পা বটলিং প্ৰকল্পৰ সৈতে জড়িত হ’বলৈ পাই আমি আনন্দিত হৈছোঁ৷ ইফালে মুখ্যমন্ত্ৰীয়ে ইউ এছ টি এম সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত কয় যে ইউ এছ টি এমৰ ওপৰত দীৰ্ঘদিনৰ পৰা চকু আছিল অসম চৰকাৰৰ৷ ছাত্ৰ-ছাত্ৰীক চি বি এছ ইত নম্বৰ বঢ়াই দিয়াৰ প্ৰলোভনেৰে বিদ্যালয় পৰিৱৰ্তন কৰি আহিছিল ইউ এছ টি এমৰ কতৃৰ্পক্ষই৷ মেডিকেল, ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰি আহিছিল তেওঁলোকে৷ এই পৰিপ্ৰেক্ষিততে আটক কৰা হৈছে স্বত্বাধিকাৰীগৰাকীক৷ আনহাতে সাংসদ ৰকিবুল হুছেইন সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে গোচৰ দি স্বাস্থ্য পৰীক্ষা কৰা নাছিল সাংসদ ৰকিবুল হুছেইনে, যাৰ ফলত নিজৰ কেচ নিজে ঢিলা কৰিছে তেওঁ৷ আজিৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাও উপস্থিত আছিল৷ উল্লেখ্য, আজি উদ্বোধন কৰা প্ৰকল্পটিয়ে গ্ৰাহকৰ চাহিদা বৃদ্ধিৰে কাৰ্ব’নেটেড শীতল পানীয়ৰ বাবে ১০ কোটি লিটাৰৰো অধিক উৎপাদন ক্ষমতা আৰু পেকেটযুক্ত খোৱাপানীৰ বাবে প্ৰায় ১৮ কোটি লিটাৰৰ যোগান সুনিশ্চিত কৰিব৷






