Logo
image

৮,৮০০ ঝুমুৰ শিল্পীৰ বৰ্ণাঢ্য অনুশীলন, সাক্ষী মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা যুগান্তকাৰী পদক্ষেপৰ অংশ হিচাপে চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰাক বিশ্বদৰবাৰত জনপ্ৰিয়কৰণৰ বাবে  অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান৷ আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে শিল্পীসকলে  পৰিৱেশন কৰা ঝুমইৰ নৃত্যৰ আখৰাও প্ৰত্যক্ষ কৰে৷ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি প্ৰায় ৮,৮০০ পুৰুষ-মহিলাই ঢোল, মাদল, ধমছা আৰু বাঁহী বজাই পৰিৱেশন কৰা সংগীত-নৃত্যৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা আখৰাই আজি সমগ্ৰ পৰিৱেশ মুখৰিত কৰি তোলে৷


অনুষ্ঠান প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অহা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰদৰ্শন সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰাৰ লগতে মাষ্টাৰ ট্ৰেইনাৰ্ছকে ধৰি অনুষ্ঠান পৰিৱেশন কৰা পুৰুষ-মহিলা নিৰ্বিশেষে সকলো শিল্পীলৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ নৃত্য শিল্পীসকলক তেওঁলোকৰ অনুষ্ঠান পৰিৱেশনত সহায় কৰা বিশেষজ্ঞ দলৰ প্ৰতিজন সদস্যক ৩০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ তদুপৰি সাংস্কৃতিক সংঘ স্থাপনৰ বাবে প্ৰতিখন চাহ বাগিচালৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব বুলিও তেওঁ সদৰী কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই ধন ৰাশিয়ে সংঘসমূহক চাহ বাগিচা এলেকাৰ চহকী সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত সহায় কৰিব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ঝুমইৰৰ জৰিয়তে অসমে ৰাজ্যৰ চাহ জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতিক উদ্‌যাপন কৰিব৷ তেওঁ ঝুমইৰ বিনন্দিনী অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰা প্ৰতিগৰাকী শিল্পী, কলা-কুশলীক ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অহা ২৩ ফেব্ৰুৱাৰীত পৰিৱেশন হ’ববলগীয়া চূড়ান্ত আখৰা উপভোগ কৰাৰ বাবে আগ্ৰহী লোকসকলে সৰুসজাই ক্ৰীড়া প্ৰকল্পলৈ আহি সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠান উপভোগ কৰিব পাৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে ঝুমুৰ বিনন্দীয়া অনুষ্ঠান বিশ্বৰ ৬০খন দেশৰ ৰাষ্ট˜দূতসকলে উপভোগ কৰিব৷ তেওঁলোকে কাজিৰঙাও দৰ্শন কৰিব৷