
ভয়ংকৰ ভাইৰাছৰ সন্ধান
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ ফেব্ৰুৱাৰীঃ ক’ভিডৰ দৰে মহামাৰী সৃষ্টি কৰিব পৰা ক্ষমতা আৰু বৈশিষ্ট থকা এবিধ নতুন ভাইৰাছ আবিষ্কৃত হোৱাত পুনৰ বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছে৷ নৱ আৱিস্কৃত এই ভাইৰাছক ‘বেট কৰ’নাভাইৰাছ’ বা চিকিৎসা বিজ্ঞানৰ ভাষাত ‘এইছ কে ইউ এছ-ক’ভ-২’ বুলি নামকৰণ কৰা হৈছে৷ নতুন এই ভাইৰাছবিধ মূলতঃ বাদুলিৰ দেহত ধৰা পৰিছে বাবে ‘বেট কৰ’নাভাইৰাছ’ বুলিও বৰ্ণনা কৰা হৈছে৷ বিজ্ঞানীৰ আশংকা– এই ভাইৰাছ অন্যান্য প্ৰাণীৰ জৰিয়তে মানৱ দেহলৈ সংক্ৰমিত হ’ব পাৰে৷ প্ৰাথমিকভাৱে কৰা পৰীক্ষাত ধৰা পৰিছে, ক’ভিড মহামাৰী সৃষ্টি কৰা ‘ছাৰ্ছ-ক’ভ-২’ ভাইৰাছৰ সৈতে নতুন ভাইৰাছবিধৰ বহু সাদৃশ্য আছে, আছে দ্ৰুত সংক্ৰমণৰ বৈশিষ্ট৷ তাৎপৰ্যপূৰ্ণভাৱে এই ভাইৰাছ আৱিস্কাৰ কৰিছে ‘বেট ৱ’মেন’ নামে প্ৰখ্যাত ভাইৰ’লজিষ্ট শ্বি জেংলিয়ে৷ তেওঁ চীনৰ উহানৰ সেই কুখ্যাত লেৱৰেটৰীত কৰ্মৰত, য’ৰপৰা ক’ভিড ভাইৰাছ সমগ্ৰ বিশ্বত বিয়পি পৰা বুলি বিশ্বাস কৰা হয়৷ অৱশ্যে চীনে কেতিয়াও এই অভিযোগৰ সত্যতা স্বীকাৰ কৰা নাই৷ কিন্তু সমগ্ৰ বিশ্বই বিশ্বাস কৰে, চীনৰ উহানৰ লেৱৰেটৰীৰ পৰাই ক’ভিডৰ ভাইৰাছ মানৱ দেহলৈ আহিছিল আৰু প্ৰায় দুবছৰ ধৰি বিশ্বত সংহাৰ চলাইছিল৷ বিগত এটা শতিকাৰ ভিতৰত ক’ভিডেই আছিল সবাটোকৈ মাৰাত্মক সোঁচৰা অতিমাৰী৷
এইবাৰো ‘বেট কৰ’নাভাইৰাছ’ উহানৰ সেই লেৱৰেটৰীত আৱিস্কাৰ হোৱাৰ খবৰ প্ৰকাশ হোৱাৰ লগে লগে আতংকৰ সৃষ্টি হোৱা স্বাভাৱিক৷ তদুপৰি এই ভাইৰাছবিধ আৱিষ্কাৰ কৰা বিজ্ঞানীৰ দলটোৱে সতৰ্কবাণী আগবঢ়াই কৈছে, ‘এইছ কে ইউ ৫-ক’ভ-২ ভাইৰাছ যিকোনো সময়ত মানৱ দেহলৈ সংক্ৰমিত হ’ব পাৰে৷ তেওঁলোকে কৈছে– ‘এই ভাইৰাছৰ অধিক গৱেষণাৰ প্ৰয়োজন আৰু নতুন ভাইৰাছবিধৰ বিস্তাৰ ৰোধৰ বাবে সতৰ্কতা বৃদ্ধিৰ প্ৰয়োজন’৷ ‘ছাউথ চাইনা মৰ্নিং পোষ্ট’ সংবাদপত্ৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ‘চাৰ্ছ’ আৰু ‘এইছ কে ইউ’ৰ এটা বৈশিষ্ট আছে, যিটোক ‘ফুৰিম ক্লিভেজ ছাইট’ বুলি কোৱা হয়৷ ই ‘এচিই-২ ৰিচেপ্টৰ’ প্ৰ’টিনৰ জৰিয়তে ভাইৰাছবিধক মানৱ দেহত প্ৰৱেশত সহায় কৰে৷ এই প্ৰ’টিনৰ জৰিয়তে ক’ভিড ভাইৰাছেও মানৱ দেহত প্ৰৱেশ কৰিছিল৷ অৱশ্যে বাদুলিৰ পৰা এই ভাইৰাছে মানৱদেহত পোনে পোনে প্ৰৱেশ কৰাৰ সম্ভাৱনা তেনেই ক্ষীন৷ কিন্তু বাদুলিৰ পৰা আন প্ৰাণীৰ শৰীৰলৈ আহিলে তাৰ পৰা এই ভাইৰাছে সহজে মানৱ দেহত প্ৰৱেশ কৰিব পাৰে৷