Logo
image

নকল কৰাত বাধা দিয়াৰ বাবেই মোক মাতি আনিছে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ ফেব্ৰুৱাৰীঃ  চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বনৰ সুযোগ দিয়াৰ অভিযোগত অসম আৰক্ষীৰ হাতত গ্ৰে*প্তাৰ হ’লেও ইয়াৰ বিপৰীত মন্তব্যহে কৰিছে ই আৰ ডি ফাউণ্ডেশ্বনৰ অধ্যক্ষ মহবুবুল হকে৷ ছাত্ৰ-ছাত্ৰীক শিক্ষকে নকল কৰিব নিদিয়াৰ বাবেহে আৰক্ষীয়ে আটক কৰা বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে মেঘালয়ৰ ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষাপ্ৰতিষ্ঠান ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে৷ শনিবাৰে অসম আৰক্ষীৰ এছ টি এফে গ্ৰে*প্তাৰ কৰা মহবুবুল হকক শ্ৰীভূমি আৰক্ষীয়ে শ্ৰীভূমিৰ সদৰ থানাত উপস্থিত  হোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত গ্ৰে*প্তাৰৰ সন্দৰ্ভত মহবুবুল হকে কয়– ‘মই যি গম পাইছোঁ ছাত্ৰ-ছাত্ৰীক নকল কৰিব দিয়া নাই আমাৰ শিক্ষকে৷ যাৰ কাৰণে মোক ইয়ালৈ আনিছে৷ তাৰ বাহিৰে মই একো নাজানো৷ মই এতিয়ালৈ এজাহাৰৰো কপী পোৱা নাই৷’ ইফালে, শ্ৰীভূমি আৰক্ষীয়ে ই আৰ ডি ফাউণ্ডেশ্বনৰ স্বত্বাধিকাৰী তথা আচাৰ্য মহবুবুল হকক গ্ৰে*প্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ চি বি এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বনৰ সুবিধাৰ প্ৰতিশ্ৰুতি দিয়া ঘটনাক কেন্দ্ৰ কৰি হোৱা পৰীক্ষাৰ্থীৰ প্ৰতিবাদৰ পাছতেই শুকুৰবাৰে মাজ নিশা গুৱাহাটীৰ বাসগৃহৰ পৰা গ্ৰে*প্তাৰ কৰা হৈছিল মহবুবুল হকক৷ মেঘালয়ৰ ব্যক্তিগত শিক্ষানুষ্ঠান ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক পুনৰ এজন প্ৰৱঞ্চক বুলি অভিহিত কৰি শনিবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়– ‘‘অসমত বহুদিনৰ পৰা মই এটা ডাঙৰ চক্ৰক লক্ষ্য কৰি আছিলো৷ সেইটো হ’ল মেডিকেল, ইঞ্জিনিয়াৰিং আৰু চি বি এছ ই পৰীক্ষাৰ আগত ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা কেন্দ্ৰ সলনি কৰি দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ ছাত্ৰ-ছাত্ৰীসকলক লৈ যোৱা হয়৷ গোৱালপাৰা, নগাঁও আৰু কামৰূপ জিলাৰ মুঠ ২৪১ গৰাকী ছাত্ৰ-ছাত্ৰীক চিবিএছই পৰীক্ষাত ৩০ নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এইসকল ছাত্ৰ-ছাত্ৰীক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল৷ পিছত যেতিয়া এই ছাত্ৰ-ছাত্ৰীসকল এনে সুবিধাৰ পৰা বঞ্চিত হ’ল তেতিয়া এই ছাত্ৰ-ছাত্ৰীসকলে হুলস্থূল আৰম্ভ কৰিলে৷ এতিয়া এই বিষয়টো পোহৰলৈ আহিল৷ এইটো চি বি এছ ইতে সীমাৱদ্ধ নাথাকে, মেডিকেল বাছনি পৰীক্ষাতো চলি থকা এটা ডাঙৰ প্ৰৱঞ্চনা আমাৰ সন্মুখলৈ আহিব৷ মই আগতেই কৈ আহিছো যে এই মানুহজন ডাঙৰ প্ৰৱঞ্চক হয়৷ আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ আনি মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা চলাই আহিছিল৷ লাহে লাহে কথাবোৰ ধৰা পৰিব৷ অসমত যাতে শিক্ষাক বজাৰলৈ ৰূপান্তৰিত কৰা নহয় তাৰ বাবে আমি চেষ্টা কৰি থাকিম৷ ‘সংবাদ মাধ্যমৰ আগত আন এটা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে মহবুবুল হকক গ্ৰে*প্তাৰৰ প্ৰসংগত কয়– ‘ছাত্ৰ-ছাত্ৰীক প্ৰলোভন দিয়ে মহবুবুল হকে৷ টকাৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰোৱায়৷ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ কৰাই দিয়াৰ বাবদত মহবুবুল হকে একোজন ছাত্ৰ-ছাত্ৰীৰ পৰা আঢ়ৈ লাখকৈ টকা লৈছে৷ মহবুবুল হকৰ হোৱাটছএপ মেছেজ আমি পাইছোঁ৷ ইয়াৰ লগত মেডিকেল নামভৰ্তিৰ সম্পৰ্ক আছে৷


কেইটামান কোচিং চেণ্টাৰত সাংঘাটিক ভাল ৰিজাল্ট হয়৷ এই চেণ্টাৰবোৰ নিজৰ জিলাত নহয়৷ এই ঘটনাই ডাঙৰ জালিয়াতি পোহৰলৈ আনিব৷ তদন্ত কৰিলে সকলো ওলাই পৰিব৷ মহবুবুল হক এজন প্ৰৱঞ্চক৷ মই আগতে কৈছোঁ ইউ এছ টি এম এটা ‘Fraud Institute’৷ ২৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰলোভন দি নামভৰ্তি কৰিছিল৷ ডিজিপিৰ নিৰীক্ষণত হ’ব মহবুবুল হকৰ বিৰুদ্ধে তদন্ত৷’ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে ইউ এছ টি এমক ভুৱা প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানখনৰ পিএইচডি ডিগ্ৰী ভুৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু ইউ এছ টি এমক প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ উভতি ধৰিছিল মেঘালয় চৰকাৰে৷ এই সন্দৰ্ভত দুদিন পূৰ্বে মেঘালয়ৰ মুখ্য সচিব ডি পি ৱালাঙে কয়– ‘ইউ এছ টি এম এখন ৰাজ্যিক বিশ্ববিদ্যালয়৷ এই শৈক্ষিক প্ৰতিষ্ঠানখনক মেঘালয়ৰ ৰাজ্যিক বিধানসভাই অনুমোদন দিছে৷ ইয়াৰ ডিগ্ৰীসমূহ ইউ জি চিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত৷ গতিকে সেই ডিগ্ৰীবোৰ ভুৱা হোৱাৰ কোনো প্ৰশ্নই উত্থাপন নহয়৷ ইউ এছ টি এম নিয়ম মতে পৰিচালিত বিশ্ববিদ্যালয়৷ ইয়াক মেঘালয় চৰকাৰে সহায় কৰে৷’ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে মেঘালয়ৰ শিক্ষামন্ত্ৰী ৰাক্কাম এ চাংমায়ে ইউ এছ টি এমক ভুৱা বুলি কোৱাৰ সন্দৰ্ভত প্ৰমাণ দিবলৈকো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱা দেখা গৈছিল৷