
শক্তিকান্ত দাসক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব নিযুক্তি
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ ফেব্ৰুৱাৰীঃ যোৱা ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় প্ৰধান সচিব হিচাপে নিয়োগ কৰা হৈছে৷ তেওঁৰ এই কাৰ্যকালৰ কোনো ম্যাদ নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যেতিয়ালৈকে কাৰ্যকাল থাকিব বা পৰৱৰ্তী নিৰ্দেশ নোলোৱা পৰ্যন্ত শক্তিকান্ত দাস দ্বিতীয়জন প্ৰধান সচিব হৈ থাকিব৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমজন প্ৰধান সচিব হৈছে আই এ এছ পি কে মিশ্ৰ৷ তেওঁ ২০১৯ চনৰ ১১ ছেপ্টেম্বৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধান সচিবৰ দায়িত্বত আছে৷
দ্বিতীয় প্ৰধান সচিব হিচাপে নিয়োগ দায়িত্ব প্ৰদান কৰা শক্তিকান্ত দাস ১৯৮০ চনৰ তামিলনাডু কেডাৰৰ আই এ এছ. ২০১৮ চনত তেওঁক ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিয়োগ কৰে মোদী চৰকাৰে৷ তেওঁ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হৈ আছিল ৬ বছৰ আৰু সেই সময়ত ক’ভিড অতিমাৰী, ৰাছিয়া-ইউক্ৰেইন যুদ্ধত বিশ্বৰ অৰ্থনীতি অস্থিৰ হৈ পৰিছিল৷ এই সংকটৰ সময়ত শক্তিকান্ত দাসৰ ভূমিকা ইতিবাচক আছিল বুলি প্ৰশংসিত হৈছিল৷