
মাদলৰ শব্দত প্ৰাণোচ্ছল সৰুসজাই
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ ফেব্ৰুৱাৰীঃ ‘আখৰা বন্দনা কৰি সৰস্বতী মাই গ’ বলি... মদৰে ঝুমইৰ লাগল ভাৰি...’ সৰুসজাইৰ ইন্দিৰা এথলেটিকছ ষ্টেডিয়ামত দেওবাৰে সন্ধিয়া অনুষ্ঠিত হ’ল ঝুমইৰ বিনন্দিনী চূড়ান্ত ড্ৰেছ ৰিহাৰ্চেল৷ ঢোল, তাল, ধমচা, বাঁহী, মাদলৰ সুৰত মুখৰ হ’ল সৰুসজাই৷ এই বৰ্ণিল আখৰাত সাক্ষী হিচাপে উপস্থিত থাকিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ উল্লেখ্য যে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিশ্বৰ ৬০ খন দেশৰ ৰাষ্ট্ৰদূতৰ সন্মুখত এই ঝুমুৰ বিনন্দিনী অনুষ্ঠান পৰিৱেশ কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৮,৮০০ ঝুমুৰ শিল্পীয়ে৷ দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এক সংবাদ মেলত ঝুমুইৰ বিনন্দিনীৰ কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত ব্যাখ্যা কৰি কয়– ‘সোমবাৰে সন্ধিয়া ৫.৩০ বজাত এই ঝুমুৰ বিনন্দিনী কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ পাছ পোৱাসকলে বিয়লি ৩.৩০ বজাতে সৰুসজাই ষ্টেডিয়ামত প্ৰৱেশ কৰিব লাগিব৷ প্ৰধানমন্ত্ৰীয়ে সৰুসজাইত উপস্থিত হোৱাৰ পাছতে এখন গাড়ীত উঠি সৰুসজাইৰ চাৰিওফালে এপাক ঘূৰি ছোৱালিখিনিক মাত দিব৷ দৰ্শকসকলকো অভিৱাদন জনাব৷ ইয়াৰ পাছতে মোৰ পাচ মিনিট ভাষণ আৰু প্ৰধানমন্ত্ৰীৰ ভাষণ হ’ব৷ ভাষণৰ পাছত ঝুমুৰ আৰম্ভ হ’ব৷ ঝুমুৰ সমাপ্ত হোৱাৰ পাছত লেজাৰ শ্ব’ত বিশেষ সাংস্কৃতিক থিম প্ৰদৰ্শন কৰা হ’ব৷ এই কাৰ্যসূচী উপভোগ কৰিবলৈ বিশ্বৰ ৬০ খন দেশৰ হেড অব মিছন কেন্দ্ৰীয় বিদেশমন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত আজি কাজিৰঙাত উপস্থিত হ’ব৷ পুৱাৰ ভাগত কাজিৰঙাত হাতী, জিপ চাফাৰী কৰি তেওঁলোক বিয়লি সৰুসজাইত উপস্থিত হ’ব৷ ১২ গৰাকী হেড অব দ্যা মিছন পৰিয়ালসহ অসমলৈ আহিছে৷ অসমৰ ওপৰত বিশ্বৰ বিভিন্ন দেশে আৰোপ কৰি ৰখা ট্ৰেভেল এডভাইজাৰী উঠাই দিয়াৰ বাবেই হেড অব মিছনসকলক আমন্ত্ৰণ জনোৱা হৈছে৷ অসমৰ শান্তিৰ পৰিৱেশ তেওঁলোকে দেখা পাব৷ ৩০-৪৫ মিনিট এই ঝুমুৰ কাৰ্যসূচী চলিব৷ সৰুসজাইৰ লগতে ৰাজ্যৰ ৮০০ খন চাহ বাগিছাতো প্ৰদৰ্শিত হ’ব ঝুমুইৰ বিনন্দিনীৰ কাৰ্যসূচী৷ ইয়াৰ বাবে জিলা আয়ুক্তসকলক বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে৷ প্ৰতিখন বাগিচাতে এলইডি প্ৰজেক্টৰ, টিভি লগোৱা হ’ব৷ বেলুন, লাইট আদি লগাই বাগানসমূহ উজলাই তোলা হ’ব৷ প্ৰায় পাঁচ হাজাৰ লোকে সৰুসজাইত ঝুমুৰ উপভোগ কৰিব৷ ঝুমুৰ ঝাৰখণ্ডৰ সংস্কৃতি নহয়, এয়া কেৱল অসমৰহে নিজৰ সংস্কৃতি৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালিয়েই ঘোষণা কৰিছিল যে ঝুমুৰ পৰিৱেশন কৰিবলগীয়া শিল্পীসকলে প্ৰতিজনে ২৫ হাজাৰকৈ টকা লাভ কৰিব৷ বিশেষজ্ঞ দলৰ প্ৰতিজন সদস্যই ৩০ হাজাৰ টকা লাভ কৰিব৷ তদুপৰি সাংস্কৃতিক সংঘ স্থাপনৰ বাবে প্ৰতিখন চাহ বাগিচালৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব৷
এই ধনৰাশিয়ে সংঘসমূহক চাহ বাগিচা এলেকাৰ চহকী সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত সহায় কৰিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত উপস্থিত হৈ কাইলৈ অনুষ্ঠিত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ৰ চূড়ান্ত আখৰা প্ৰত্যক্ষ কৰে৷ উল্লেখ্য যে, অসমৰ চাহৰ দুশ বছৰ পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণ উদ্যাপন উপলক্ষে কাইলৈ এই বৃহৎ অনুষ্ঠানটোত ঝুমুৰ নৃত্য পৰিৱেশন কৰি অভিলেখ গঢ়া হ’ব৷ আজি ‘ঝুমইৰ বিনন্দিনী’ৰ চূড়ান্ত আখৰা প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আখৰাস্থলীত উপস্থিত শিল্পী তথা এই অনুষ্ঠান উপভোগৰ বাবে সমবেত হোৱা জনসাধাৰণক সম্বোধি কয় যে ঝুমইৰ হৈছে অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ এক অবিচ্চেদ্য অংগ৷ ৰাজ্যৰ চাহ বাগিচাৰ বৰ্ণাঢ্য কলা-কৃষ্টি-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ উঠি অহা প্ৰজন্মই উচ্চ শিক্ষা গ্ৰহণ আৰু সংস্কৃতিৰ চৰ্চাৰে নিজকে উপযুক্তভাৱে গঢ়ি তুলি অসম মাতৃক অধিক আগুৱাই যোৱাত বৰঙণি আগবঢ়োৱাৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব৷ তেওঁ লগতে সদৰী কৰে যে ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীকে চলিত বৰ্ষৰ আগষ্ট-ছেপ্টেম্বৰ মাহত জিলা সদৰসমূহলৈ আমন্ত্ৰণ জনাই কৃতজ্ঞতাৰ চিনস্বৰূপে ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ উপৰি দুখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব৷ ইয়াৰে এখন প্ৰমাণপত্ৰ অসম চৰকাৰে প্ৰদান কৰিব আৰু আনখন প্ৰমাণপত্ৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব৷ আনহাতে, মাষ্টাৰ ট্ৰেইনাৰসকলকো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত সম্বদ্ধৰ্না জ্ঞাপন কৰা হ’ব৷ পৰৱৰ্তী পৰ্যায়ত দেশৰ ৰাজধানী নতুন দিল্লীত ২৫ হাজাৰ শিল্পীৰ অংশগ্ৰহণেৰে বৃহৎ পৰিসৰত ঝুমইৰ নৃত্য পৰিৱেশনৰ প্ৰচেষ্টা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ লগতে সদৰী কৰে যে চলিত বৰ্ষৰে নৱেম্বৰ মাহত বড়ো জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতিৰ অন্যতম নিদৰ্শন বাগৰুম্বা নৃত্যক বিশ্ব প্ৰেক্ষাপটত অন্যন্য ধৰণে উপস্থাপন কৰাৰ বাবেও ৰাজ্য চৰকাৰে প্ৰচেষ্টা চলাব৷ ‘ঝুমইৰ বিনন্দিনী’ৰ চূড়ান্ত আখৰাৰ আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্য প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে৷