Logo
image

কাজিৰঙাত ৫০ ৰাষ্ট্ৰদূতৰ সৈতে বিদেশ মন্ত্ৰী জয়শংকৰ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কাজিৰঙাৰ প্ৰতিবেদক, ২৩ ফেব্ৰুৱাৰীঃ  গুৱাহাটীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম-২.০ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰায় ৫০খন দেশৰ প্ৰতিনিধি দল দেওবাৰে অসমত উপস্থিত হয়৷ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা  দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত প্ৰায় ৭০জনীয়া দলটোৱে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে কাজিৰঙালৈ ৰাওনা হয়৷ বুধবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত বিশেষ বিমানেৰে অহা দলটোৱে ৰৰৈয়া বিমান বন্দৰত অৱতৰণ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ প্ৰমুখ্যে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ লগতে ভাৰত চৰকাৰৰ বিষয়াবৰ্গক ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই ৰৰৈয়া বিমানবন্দৰত আদৰণি জনায়৷ ইয়াৰ পাছতে ৩খন ভলভো বাছ আৰু কেইবাখনো গাড়ীৰে দলটো কাজিৰঙালৈ ৰাওনা হয়৷ দলটোক মন্ত্ৰী অতুল বৰাই কাজিৰঙালৈ আগবঢ়াই নিয়ে৷ উল্লেখ্য,ভাৰতৰ লগতে অষ্ট্ৰিয়া, ভূটান, জাপান, বাংলাদেশ, জাৰ্মেনী, জৰ্জিয়া, ফিনলেণ্ড, ইটালী, ইৰাক আদি কৰি প্ৰায় ৫০খন দেশৰ ৰাষ্ট্ৰদূত-উচ্ছায়ুক্ত আৰু প্ৰতিনিধিৰ দলটো নিশা প্ৰায় ৯.৩০ বজাত কাজিৰঙাত উপস্থিত হয়৷ প্ৰাপ্ত খবৰ অনুসৰি, ২৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব বৃহৎ বিনিয়োগ মেলা এডভাণ্টেজ আছাম- ২.০৷ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগীয়া এই বিনিয়োগ মেলাত অংশগ্ৰহণ কৰিব ভাৰতকে ধৰি বিশ্বৰ প্ৰায় ৬০খন দেশৰ বিনিয়োগকাৰী প্ৰতিনিধিয়ে৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ প্ৰতিনিধিসকলৰ বাবে ইয়াৰ পূৰ্বে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷ সেই অনুসৰি, আজি সন্ধিয়া যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত প্ৰতিনিধিৰ দলটোৱে অৱতৰণ কৰাৰ পাছত নিশা গাড়ীৰে পোনে পোনে কাজিৰঙাত উপস্থিত হয়৷ কাজিৰঙাত পূৰ্বৰে পৰা সাজু কৰি থোৱা ব্যক্তিগত আইয়ৰা, বৰগছ, ৰয়েল ডিকাছা আদি নিৰ্দিষ্ট পৰ্যটন নিবাসত নৈশ যাপন কৰিব অতিথিৰ দলটোৱে৷ কাজিৰঙাত আজি ৰাত্ৰি যাপন কৰি কাইলৈ প্ৰতিনিধিৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত ছাফাৰী কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি, অগৰাতলি, বুঢ়াপাহাৰ বনাঞ্চলত ছাফাৰী কৰাৰ সুবিধা আছে যদিও বিদেশী অতিথিসকলক কেৱল কঁহৰা বনাঞ্চলতহে ছাফাৰী কৰোৱাৰ ব্যৱস্থা কৰা হৈছে৷ দলটোৱে কাইলৈ জীপ ছাফাৰী কৰাৰ পূৰ্বে কঁহৰা বনাঞ্চলৰ মিহিমুখত এলিফেণ্ট ছাফাৰী কৰিব আৰু পিলখানাত বন বিভাগৰ পোহনীয়া হাতীক খাদ্য খুৱাব৷ ইফালে, কাজিৰঙালৈ অহা প্ৰতিনিধিসকলৰ নিৰাপত্তা তথা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ আগবেলা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত সাধাৰণ পৰ্যটকৰ বাবে এলিফেণ্ট আৰু জীপ ছাফাৰী দুয়োটা বন্ধ ৰখা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে৷ বিদেশী প্ৰতিনিধিৰ দলটো সোমবাৰে বিয়লি কাজিৰঙাৰ পৰা যোৰহাটলৈ উভতি আহিব আৰু যোৰহাটৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ উৰা মাৰিব৷


তেজপুৰত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ  বিজেপি দলৰ মন্ত্ৰীয়েই হওক বা যিকোনো কাৰ্যকৰ্তাই আমাৰ বিজেপি দলত কেতিয়া কি হ’ব, তেনেধৰণৰ মন্তব্য নকৰে আৰু পূৰ্বানুমানৰ কোনো কথা নাই৷ শেষ মুহূৰ্তত ওলাই আহে৷ গতিকে তেনেধৰণৰ তথ্য, কথা মই শুনা নাই৷ –এই মন্তব্য বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ৷ উল্লেখ্য যে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত অসমৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম চৰ্চিত হোৱা সন্দৰ্ভত তেজপুৰত আজি সাংবাদিকৰ প্ৰশ্নোত্তৰত প্ৰকাৰন্তৰে অজ্ঞতা প্ৰকাশ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসমৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই৷ উল্লেখ্য যে, আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপিৰ তেজপুৰৰ হলেশ্বৰত আয়োজিত এক চিনাকিপৰ্ব অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ বিজেপিৰ জিলা সভাপতি মধুস্মিতা হাজৰিকা ডেকাৰ লগতে স্থানীয় দলীয় মণ্ডল সমিতিৰ কাৰ্যকৰ্তাৰ স’তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ অনুষ্ঠানৰ শ্ৰোতা হিচাপেও অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে৷ দলীয় কৰ্মকৰ্তাসকলৰ আদৰণি গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নোত্তৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ৰ জৰিয়তে আজি উল্লেখ কৰা বন্যপ্ৰাণীৰ সুৰক্ষাৰ পৰা মানুহৰ স্বাস্থ্য সজাগতা আৰু মহিলাৰ সৱলীকৰণ সম্পৰ্কীয় সকলো কথাই জনসাধাৰণক অনুপ্ৰেৰণা যোগাব৷ আনহাতে অসমৰ সাম্প্ৰতিক কালৰ পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বতে অসম এক শক্তিশালী ঐতিহ্য সংস্কৃতিৰ বাবেও পৰিচিত আছিল যদিও পূৰ্বতে অসম বন্ধ, হৰতাল, বিক্ষোভ আৰু বোমা বিস্ফোৰণৰ বাবেও জনাজাত আছিল৷ সম্প্ৰতি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিগত সময়চোৱাত উগ্ৰপন্থীৰ গুলীত এগৰাকীও লোকৰ মৃত্যু হোৱা নাই৷ আনকি কাজিৰঙাৰ গঁড় কেইটাও সুৰক্ষিত৷ এনে প্ৰেক্ষাপটৰ বাবেই আজিৰ তাৰিখত ৰাজ্যলৈ বিনিয়োগকাৰী আগবাঢ়ি আহিছে৷ এডভাণ্টেজ অসম-২.০১ জৰিয়তে দেশ-বিদেশৰ পৰা লক্ষাধিক কোটি টকা বিনিয়োগ অসমে লাভ কৰিব৷ তদুপৰি ‘ঝুমইৰ বিনন্দীয়া’ কাৰ্যসূচীৰ জৰিয়তে অসমৰ চাহ জনগোষ্ঠীৰ শক্তিশালী সাংস্কৃতিক বৈভৱ সঁচা অৰ্থত বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব বুলিও কয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ‘ভাৰতীয় ইতিহাস সংকলন সমিতি, অসম’ৰ ৩৫সংখ্যক ৰাজ্যিক অভিৱৰ্তন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰৰ আজি অন্তিম দিনটোৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে৷ মন্ত্ৰীগৰাকীয়ে৷ ‘ভক্তিকাব্যৰ ঐতিহাসিক আৰু সাংস্কৃতিক দৃষ্টিকোণ’ শীৰ্ষক মূলমন্ত্ৰৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহযোগত কাউন্সিল সভাগৃহত আয়োজিত কাৰ্যসূচীত উপস্থিত থাকি আগবঢ়োৱা ভাষণত প্ৰসংগক্ৰমে তেজপুৰ কলিয়া ভোমোৰাস্থিত শিলালিপি সংৰক্ষণৰ বাবে পূৰ্বতে নিজৰ সাংসদ পুঁজিৰ ধন মোকলাই দিয়াৰ কথা উল্লেখ কৰি ৰাজ্য ভিন্ন প্ৰান্তত সিচঁৰতি হৈ থকা ঐতিহাসিক কীৰ্তি চিহ্ন আৰু শিলালিপিসমূহ সংৰক্ষণ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে৷