Logo
image

ভাৰতীয় পণ্যত ‘প্ৰতি-শুল্ক’ আৰোপৰ প্ৰস্তুতি আমেৰিকাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ ফেব্ৰুৱাৰীঃ  ভাৰতীয় পণ্যৰ ওপৰত প্ৰতি-শুল্ক আৰোপ কৰিবলৈ আমেৰিকা সাজু হৈছে বুলি পুনৰ মন্তব্য কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ শনিবাৰে এক অনুষ্ঠানত ভাগ লৈ ড’নাল্ড ট্ৰাম্পে ইটোৰ পাছত সিটো বিষয়ত ভাৰতক আক্ৰমণ কৰে৷ আনকি তেওঁ আমেৰিকাই অলপতে কৰ্তন কৰা ২১ নিযুত ডলাৰৰ আৰ্থিক সাহায্য বন্ধু মোদীক দিছিল বুলিও মন্তব্য কৰে৷ এদিন পূৰ্বে তেওঁ সেই ধন উপঢৌকন বুলি আখ্যা দিছিল৷ উল্লেখ্য, মাৰ্কিন আৰ্থিক সাহায্য আৰু প্ৰতি-শুল্কক লৈ বিগত ৫ দিনত ড’নাল্ড ট্ৰাম্পে ভাৰতক ৪ বাৰ আক্ৰমণ কৰিলে৷ শনিবাৰে ড’নাল্ড ট্ৰাম্পে কয়–‘ভাৰতক নিৰ্বাচনৰ বাবে ধন দি থকা হৈছে৷ ভাল কথা, কিন্তু তেওঁলোকক ধন নালাগে৷ তেওঁলোকে আমাৰ পৰা সুযোগ লৈছে৷ তেওঁলোক আমেৰিকাৰ পণ্যত বৃহৎ শুল্ক আৰোপ কৰা দেশসমূহৰ ভিতৰত অন্যতম৷ তেওঁলোকে আনকি মাৰ্কিন পণ্যত ২০০ শতাংশ শুল্ক আৰোপ কৰিছে আৰু আমি তেওঁলোক নিৰ্বাচনৰ বাবে ধন দি আছো৷’


শনিবাৰে ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকোঅস্বস্তিকৰভাৱে ২১ নিযুত ডলাৰ আৰ্থিক সাহায্যৰ বিষয়টোত সামৰি লয়৷ ইতিমধ্যে ইলন মাস্ক নেতৃত্বাধীন ‘ডজ’ বিভাগে কৰ্তন কৰিব বুলি ঘোষণা কৰা এই আৰ্থিক সাহায্যৰ বিষয়ত ট্ৰাম্পে শনিবাৰে প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোদীক সাঙুৰি লৈ আক্ৰমণাত্মক মন্তব্য কৰে৷ ড’নাল্ড ট্ৰাম্পে কয়–‘২১ নিযুত মোৰ বন্ধু মোদীৰ ওচৰলৈ গৈ আছিল৷ সেই ধন ভাৰতত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে দিয়া হৈছিল৷  ভাৰতক ভোটাৰ বৃদ্ধিৰ বাবে ২১ নিযুত ডলাৰ, আমাৰ বাবে কিমান? ময়ো ভোটাৰ বৃদ্ধি হোৱাটো বিচাৰো৷’

তাৎপৰ্যপূৰ্ণ এয়াই যে, মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যি হাৰত আক্ৰমণ কৰি আছে, সেয়া দেখি দুয়ো বন্ধু নে শত্ৰু সন্দেহৰ উদ্ৰেক হৈছে৷ যোৱা ১৯ ফেব্ৰুৱাৰীত ট্ৰাম্পে ২১ নিযুত ডলাৰ ভাৰতক কিয় দিয়া হয় বুলি প্ৰশ্ন কৰে৷ ইয়াৰ পাছৰ প্ত দিনত ট্ৰাম্পে ৪ বাৰ এই প্ৰসংগ উত্থাপন কৰিছে৷ তেওঁ বাৰম্বাৰ ভাৰতৰ ওপৰত প্ৰতি-শুল্ক আৰোপ কৰিব বুলি হুংকাৰ দি আছে৷ ড’নাল্ড ট্ৰাম্পৰ এই মন্তব্য ক্ৰমাৎ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰতি উপহাসত পৰিণত হৈছে৷ ২১ নিযুত ডলাৰ মোদীক দিয়া বুলি কোৱাৰ পাছত বিৰোধী দলে মোদী চৰকাৰক আক্ৰমণ কৰিছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি ট্ৰাম্পৰ এই ৰাজহুৱা মন্তব্যৰ চৰকাৰীভাৱে বিৰোধিতা কৰাৰ দাবী তুলিছে বিৰোধী ৰাজনৈতিক দলে৷ অন্যথা ট্ৰাম্পৰ অভিযোগ মানি লোৱাৰ আহ৩ান জনাইছে ভাৰতৰ বিৰোধী ৰাজনৈতিক দলে৷