Logo
image

পানামাৰ পৰা দিল্লী পালেহি আমেৰিকাই বিতাড়ন কৰা ১২জন ভাৰতীয়

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ ফেব্ৰুৱাৰীঃ  আমেৰিকাই পানামালৈ দেশান্তৰিত কৰা ১২ জন ভাৰতীয় নাগৰিক দেওবাৰে আহি দিল্লীত উপস্থিত হৈছে৷ আমেৰিকাত অবৈধভাৱে নথি-পত্ৰ অবিহনে বাস কৰা এই ১২ ভাৰতীয়ক মুঠ ২৯৯ অবৈধ প্ৰব্ৰজনকাৰীৰ সৈতে আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে পানামালৈ পঠিয়াই দিছিল৷ বিভিন্ন দেশে গ্ৰহণ কৰিবলৈ অনিচ্ছুক অবৈধ প্ৰব্ৰজনকাৰীক আমেৰিকাই প্ৰথমেই পানামাত মেলি দিছিল৷ পানামা আৰু ক’ষ্টাৰিকাই তেনে নাগৰিকক আমেৰিকাই দেশান্তৰ কৰা প্ৰক্ৰিয়াত সহায় কৰি আছে৷ সেই প্ৰক্ৰিয়াৰ অংশ হিচাপে আমেৰিকাই দুয়োখন দেশলৈ ঘাইকৈ এছিয়াৰ প্ৰব্ৰজনকাৰীক পঠিয়াই আছে৷


এই ১২ জন ভাৰতীয় নাগৰিকক আমেৰিকাই প্ৰথমে দেশান্তৰিত কৰা সকলৰ অন্যতম৷ দেওবাৰে নতুন দিল্লীত উপস্থিত হোৱা ১২ জনৰ ভিতৰত ৪ জন পঞ্জাৱৰ, ৩ জনকৈ হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ৷ বাকী দুজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই৷ তেওঁলোক পানামাৰ পৰা তুৰস্কৰ ইষ্টানবুল হৈ নতুন দিল্লীত উপস্থিত হয়৷ সকলোকে দিল্লীৰ পৰা নিজ নিজ ঘৰলৈ পঠিয়াই দিয়া হৈছে৷