Logo
image

এইবোৰ ভেষজে হাওঁফাওঁ পৰিষ্কাৰ কৰে

হাওঁফাওঁ হৈছে শৰীৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ৷ কিন্তু ভয়াৱহ হাৰত বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে মানুহৰ হাওঁফাওঁ ক্ষতিগ্ৰস্ত হয়৷ বিশেষকৈ বায়ু প্ৰদূষণ আৰু ধূমপানৰ অভ্যাসে আটাইতকৈ বেছি ক্ষতি কৰে হাওঁফাওঁৰ৷ বায়ু প্ৰদূষণ আৰু সংক্ৰমণৰ পৰা ৰেহাই পাবলৈ যিদৰে মাস্ক পৰিধান কৰাটো জৰুৰী সেইদৰে হাওঁফাওঁটো পৰিষ্কাৰ কৰি ৰখাটোও অতি জৰুৰী৷ হাওঁফাওঁ সুস্থ তথা পৰিষ্কাৰ কৰি ৰাখিবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে কেতবোৰ বিশেষ ভেষজ খোৱাৰ পৰামৰ্শ আগবঢ়ায়৷ তদুপৰি খাদ্য তালিকাত এণ্টি অক্সিডেণ্ট, ভিটামিন ‘এ’, ‘ই’, ‘বি’, ‘চি’ আৰু মেগনেছিয়াম তথা কেলছিয়ামযুক্ত খাদ্য খালে হাওঁফাওঁ পৰিষ্কাৰ থাকে৷ একেদৰে দৈনিক শৰীৰ চৰ্চা আৰু হাওঁফাওঁৰ ব্যায়াম কৰিলেও উপকাৰ পোৱা যায়৷ স্বাস্থ্য বিশেষজ্ঞই খাবলৈ পৰামৰ্শ দিয়া ভেষজসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল–

(১) হালধিৰ ঔষধি গুণৰ বিষয়ে সকলোৱে জানে৷ ইয়াত থকা এণ্টি অক্সিডেণ্টে হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ তদুপৰি হালধি হৈছে এবিধ প্ৰাকৃতিক এণ্টি ভাইৰেল৷ এইবিধ উপাদানে হাওঁফাওঁটোক সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷

(২) তুলসীয়ে বতাহত থকা ধূলিকণা শোষণ কৰিব পাৰে৷ দৈনিক তুলসী পাতৰ ৰস খালে শ্বাসতন্ত্ৰৰ পৰা দূষিত পদাৰ্থসমূহ আঁতৰ হয়৷ 


(৩) আপেলে হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ এটা সমীক্ষা মতে এজন লোকে যদি সপ্তাহত পাঁচটাতকৈ অধিক আপেল খায় তেন্তে তেওঁৰ হাওঁফাওঁ সুস্থ থাকে৷ আপেলত থকা পুষ্টিগুণসমূহে হাপানীৰ দৰে ৰোগৰ পৰা আঁতৰত থকাত সহায় কৰে৷ 

(৪) কালজিৰাক প্ৰায়ভাগ ৰোগৰ মহৌষধ বুলি কোৱা হয়৷ ইয়াত থকা এণ্টি অক্সিডেণ্টে শ্বাসনলীৰ প্ৰদাহ দূৰ কৰে৷ দৈনিক মৌৰ সৈতে আধা চামুচ কালজিৰা মিহলাই খালে হাওঁফাওঁ পৰিষ্কাৰ হৈ থাকে৷ 

(৫)আমলখিত সুমথিৰাতকৈ বেছি ভিটামিন চি থাকে৷ আমলখিয়ে হাওঁফাওঁৰ সংক্ৰমণ দূৰ কৰাত সহায় কৰে৷ তদুপৰি শ্বাসতন্ত্ৰত অক্সিজেন সৰবৰাহ কৰা আৰু শ্বাসনলীৰ জীৱাণু ধবংস কৰাত সহায় কৰে আমলখিয়ে৷