গতি বেগতিক দেখি ক্ষমা খুজিলে আজমলে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ ফেব্ৰুৱাৰীঃ বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা তথা বিধায়ক অখিল গগৈৰ পত্নী ড॰ গীতাশ্ৰী তামুলীৰ সন্দৰ্ভত অবাঞ্ছিত মন্তব্য কৰি ৰাইজৰ ৰোষত পৰা প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে অৱশেষত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বাধ্য হ’ল৷ আজমলৰ বিতৰ্কিত মন্তব্যক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে ৰাইজৰ দলৰ ভাতৃ সংগঠনে থানাই থানাই গোচৰ ৰুজু কৰাত গতি বেগতিক দেখি ক্ষমা খোজে এ আই ইউ ডি এফৰ মুৰব্বীজনে৷ বিধায়ক অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ অধ্যাপক নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰে হোৱা বাক্যুদ্ধক কেন্দ্ৰ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দেওবাৰে অধ্যাপিকা গীতাশ্ৰী তামুলীৰ সন্দৰ্ভত অবাঞ্ছিত মন্তব্য কৰিছিল প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে৷ এগৰাকী সন্মানীয় মহিলা সন্দৰ্ভত বদৰুদ্দিন আজমলে অশোভনীয় মন্তব্য কৰাক লৈ বিভিন্নজনে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে আজমলৰ বক্তব্যক গৰিহণা দিছিল৷ আনকি সোমবাৰে আজমলৰ বিৰুদ্ধে বঙাইগাঁও থানা আৰু গুৱাহাটী নুনমাটি থানাত ৰাইজৰ দলৰ ভগ্নী সংগঠন জাতীয় নাৰী বাহিনী আৰু জাতীয় যুৱ বাহিনীয়ে পৃথকে পৃথকে এজাহাৰ দাখিল কৰে৷ আনকি আজমলে মহিলা সন্দৰ্ভত কৰা অশোভনীয় মন্তব্যৰ বাবে মহিলা আয়োগকো নিজাববীয়া গোচৰ ৰুজু কৰাৰ বাবে বিভিন্নজনে আহ্বান জনোৱা দেখা গৈছিল৷ এই ঘটনাক লৈ সোমবাৰে সাংবাদিকে প্ৰশ্ন কৰাত প্ৰাক্তন সাংসদজনে সাংবাদিকৰ ওপৰতহে জাঙুৰ খাই উঠা পৰিলক্ষিত হয়৷ অখিল গগৈৰ পত্নীৰ বয়স হোৱাৰ বাবেই ‘বুঢ়ী’ সম্বোধন কৰা বুলি কৈ এতিয়া মিছ ইণ্ডিয়া বুলি ক’লে কেছ উঠাই ল’ব নেকি বুলিও সংবাদ মাধ্যমত ক্ষোভ ব্যক্ত কৰে আজমলে৷ অৱশ্যে, সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিলেও ইয়াৰ কিছু সময়ৰ পাছতেই এটা ভিডিঅ’ বাৰ্তাযোগে আজমলে অধ্যাপিকা গীতাশ্ৰী তামুলী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰে৷ ভিডিঅ’ বাৰ্তাটোত বদৰুদ্দিন আজমলে কয়– ‘কালি সাংবাদিকে হঠাতে মোক অখিল গগৈৰ বৌৰ কথা শুধিছিল৷ বৌক মই কটাক্ষ আৰু বেইজ্জতি কৰা নাছিলোঁ৷ মহিলাক মই সন্মান কৰোঁ৷ আমাৰ স্কুলত হাজাৰ হাজাৰ ছাত্ৰীয়ে পঢ়ি আছে৷ আমাৰ স্কুল-কলেজত নাৰীক মই কিদৰে সন্মান কৰো সেয়া গোটেই বিশ্বই জানে৷ কিন্তু মই বেইজ্জতি কৰাৰ বাবে কোনো কথা কোৱা নাছিলোঁ৷ একাংশ সংবাদ মাধ্যমে ইয়াকে ইছ্যু কৰিছে৷ যদি মোৰ বক্তব্যৰ বাবে অখিল গগৈৰ পত্নী বা আন কোনো মহিলাই দুখ পাইছে, তেনেহ’লে মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ৷ মই এবাৰ ক্ষমা বিচৰা নহয়, ইয়াৰ বাবে হাজাৰবাৰ ক্ষমা বিচাৰিছোঁ৷’ ইফালে, অখিল গগৈৰ পত্নীৰ সন্দৰ্ভত আজমলৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ ফণীভূষণ চৌধুৰীয়ে৷ সাংসদ চৌধুৰীয়ে এই সন্দৰ্ভত কয়– ‘বদৰুদ্দিন অজমল সম্পদ নহয়, অসমৰ বোজা৷ গতিকে অসমৰ ৰাইজে আজমলক বহিষ্কাৰ কৰিব লাগে৷’
উজনিত আজমলৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা মুছলিম কল্যাণ পৰিষদৰ
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ অসমীয়া মহিলাক অপমান কৰাৰ অভিযোগত এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰিছে উজনি অসম মুছলিম কল্যাণ পৰিষদে৷ যোৰহাটৰ অসম সাহিত্য সভাৰ ৰাধাকান্ত সন্দিকৈ ভৱনত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মণিৰুল ইছলাম বৰাৰ সঞ্চালনাত অনুষ্ঠিত আৰু সম্পাদক চামচুল হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সভাত সংগঠনটোৰ সভাপতি মণিৰুল ইছলাম বৰাই কয় যে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে লোকসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছত ৰাজনৈতিকভাৱে অস্তিত্বহীন হৈ পৰিছে৷ মানসিক ভাৰসাম্য হেৰুৱাই ধুৰন্ধৰ নেতাজনে বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপিকা গীতাশ্ৰী তামুলীৰ প্ৰতি অপমানসূচক মন্তব্য কৰিছে৷ আজমলৰ এই কাৰ্যক মুছলিম কল্যাণ পৰিষদে গৰিহণা দি ইছলামে কয় যে অসমীয়া মহিলাৰ প্ৰতি শালীনতাহীন আৰু অপমানসূচক মন্তব্য কৰা বদৰুদ্দিন আজমলক উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷ উজনি অসমত আজমলৰ প্ৰৱেশ ঘটিলেই উজনি অসম কল্যাণ পৰিষদে ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব৷ সভাত উজনিৰ খিলঞ্জীয়া মুছলমানসকলৰ বাবে ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধা দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সেইমতে উজনি অসমৰ মুছলমানৰ উন্নয়নৰ বাবে এখন উচ্ছ সদন স্থাপন, বিধান সভাত মুছলমানৰ বাবে কমেও এখন আসন আৰু ৰাজ্যসভাত এখন আসন সংৰক্ষণ কৰা, খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক জৰীপ আৰম্ভ কৰি ১০০০ কোটি টকাৰ কেন্দ্ৰীয় পেকেজ ঘোষণা কৰা, গৰিয়া জনগোষ্ঠীক অ’বিচি মৰ্যাদা প্ৰদান কৰাৰ দাবী জনায়৷
আজমলৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ গোচৰ
বি বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড॰ গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে সংবাদ মাধ্যমত অশালীন তথা সন্মানহানিকৰ মন্তব্য কৰাৰ অভিযোগত প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ সমিতিৰ সভাপতি দেৱাশীষ শইকীয়া আৰু সম্পাদক মণি বুঢ়াগোহাঁই স্বাক্ষৰিত এজাহাৰৰ অভিযোগ কৰে যে ধুবুৰীৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ পত্নী ড॰ গীতাশ্ৰী তামুলীক লক্ষ্য কৰি সংবাদ মাধ্যমত অপমানজনক মন্তব্য কৰিছে৷ ড॰ তামুলীক কৰা এই অপমান কেৱল ব্যক্তিকেন্দ্ৰিক হৈ থকা নাই, বৰঞ্চ সমগ্ৰ নাৰী সমাজৰ বাবে অপমান বুলি অভিহিত কৰি ছাত্ৰ মুক্তিৰ বিষয়টোৰ উচিত তদন্তৰ দাবী জনাইছে৷ ছাত্ৰ মুক্তিয়ে নাৰীৰ প্ৰতি সন্মান হানিকাৰক অশালীন মন্তব্য কৰা আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে৷






