Logo
image

থাইৰয়েডৰ সমস্যাত নাৰিকল উপকাৰী

থলুৱাভাৱে উৎপাদিত নাৰিকলৰো আছে বহু ঔষধি গুণ৷ নাৰিকলত ভিটামিন, মিনাৰেল, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, প্ৰটিন, কাৰ্ব হাইড্ৰেট, ফাইবাৰ, আইৰণ আদি পোৱা যায়৷ তদুপৰি ই এণ্টি-অক্সিডেণ্ট, এণ্টি-বেক্টেৰিয়েল, এণ্টি-ভাইৰেল, এণ্টি ফাংগাল আদি গুণেৰে ভৰপূৰ৷ নাৰিকলে খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ 

- নাৰিকলে হৃদযন্ত্ৰ শক্তিশালী কৰে৷ ইয়াৰ বাবে নাৰিকলৰ লগত বাদাম আৰু মিচিৰি মিলাই খাব লাগে৷ নাৰিকলে তেজত শৰ্কৰাৰ পৰিমাণ কমাই ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰে৷ সেয়ে মধুমেহ ৰোগীয়ে নাৰিকল খাব লাগে৷ উচ্ছ ৰক্তচাপ ৰোগীৰ বাবে নাৰিকল আৰু নাৰিকলৰ পানী দুয়োবিধেই উপকাৰী৷ 

- কোষ্ঠকাঠিন্য সমস্যা নাৰিকল খালে দূৰ হয়৷ লগতে হজমী শক্তি বৃদ্ধি কৰাৰ লগতে পেটৰ বিভিন্ন সমস্যা লাঘব কৰে৷ শৰীৰৰ পৰা বেয়া কলেষ্টেৰল বাহিৰ কৰে৷ 

- মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ বাবে নাৰিকল বৰ লাভদায়ক৷  গৰ্ভৱতী মহিলাক নাৰিকল খাবলৈ দিব লাগে৷ অনিদ্ৰা ৰোগত শোৱাৰ আধা ঘণ্টা আগতে এটুকুৰা নাৰিকল চোবাই খাব লাগে৷ নাৰিকলে হাড় মজবুত কৰে৷ দাঁতৰ বিভিন্ন সমস্যাৰ বাবে নাৰিকল চোবাই খাব লাগে৷ 


- ৰক্তহীনতাৰ সমস্যাত নাৰিকল খাব লাগে৷ থাইৰয়েড ৰোগীৰ বাবে নাৰিকল উপকাৰী৷  বহু লোকৰে গৰমৰ দিনত নাকেৰে তেজ ওলোৱা সমস্যাই দেখা দিয়ে, ইয়াৰ বাবে নাৰিকল এটুকুৰাৰ লগত মিচিৰি মিলাই খাব লাগে৷ নাৰিকল এটুকুৰা চোবাই খালে বমি অহা বন্ধ হয়৷ 

- পেটৰ সংক্ৰমণ সমন্ধীয় সমস্যাত নাৰিকলৰ গাখীৰ উলিয়াই খালে উপকাৰ পোৱা যায়৷ পেলু বা কৃমি হ’লে ৰাতি শোৱাৰ সময়ত এচামুচ নাৰিকলৰ ৰুকা খাব লাগে৷ সৰু ল’ৰা-ছোৱালীক নাৰিকল খাবলৈ দিব লাগে৷ দাঁত, হাড় মজবুত কৰে৷ 

- শালমন, দাগ, ৰদে পোৰা সমস্যাৰ বাবে নাৰিকলৰ পানীৰে মুখ ধুব লাগে৷ নাৰিকলৰ তেলেৰে মালিচ কৰিলে ছাল নিমজ হয়৷  মূৰৰ বিষ হ’লে নাৰিকল তেলৰ লগত বাদাম পিচি কপালত লেপ দিলে সোনকালে আৰোগ্য লাভ কৰে৷ আলঝেইমাৰ ৰোগীৰ বাবে নাৰিকল বৰ লাগতিয়াল উপাদান৷ 

- গাঠিৰ বিষ, মাংসপেশীৰ বিষ, অৰ্থাৰাইটিচ আদিৰ বাবে নাৰিকল নিয়মিতভাৱে খাব লাগে৷ নাৰিকলে পেটৰ চৰ্বি হ্ৰাস কৰে৷ মূত্ৰাশয়ৰ সংক্ৰমণত ডাব নাৰিকলৰ পানী বৰ উপকাৰী৷ মাজে মাজে খাদ্যত নাৰিকল তেল ব্যৱহাৰ কৰিব লাগে৷