
প্ৰস্তুতি তুংগত আজি মহাশিৱৰাত্ৰি
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৫ ফেব্ৰুৱাৰীঃ ওঁ মহাদেবায় বিদ্মহে ৰুদ্ৰমূৰ্তয়ে ধীমহিঃ তন্নঃ শিবঃ প্ৰচোদয়াৎ৷ বুধবাৰে মহাশিৱৰাত্ৰি৷ শিৱ বন্দনাৰে মুখৰ হ’ব ৰাজ্যৰ শিৱ মন্দিৰসমূহ৷ এইবাৰ শিৱ চতুৰ্দশী তিথি বুধবাৰে পুৱা ৯.৪০ বজাৰ পৰা আৰম্ভ হৈ বৃহস্পতিবাৰে পুৱা ৮.২৮ বজাত সমাপন হ’ব৷ ইতিমধ্যে মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যজুৰি দেৱাদিদেৱক আৰাধনা কৰাৰ প্ৰস্তুতি তুংগত উঠিছে৷ ‘হৰ-হৰ মহাদেৱ’ ধবনিৰে মুখৰ হ’ব ৰাজ্যৰ সৰু-বৰ শিৱ মন্দিৰ সমূহ৷ মহাশিৱৰাত্ৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীৰ দিনা উদ্যাপন কৰা হয়৷ এইবাৰ ঠাই বিশেষ দুই-তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে৷ ইতিমধ্যে ৰাজ্যৰ ইতিহাস প্ৰসিদ্ধ শিৱ মন্দিৰ সমূহ নকৈ সজাই পৰাই তোলা হৈছে৷ মহাশিৱৰাত্ৰি উপলক্ষে বুধবাৰে পুৱাৰে পৰা মহাদেৱৰ আৰাধনা কৰিবলৈ শিৱ মন্দিৰত ভিৰ কৰিব অগণন ভক্তই৷ বিশ্বাস অনুসৰি মহা শিৱৰাত্ৰিৰ দিনা উপবাসে থাকিলে আৰু শিৱক উপাসনা কৰিলে সকলো ইচ্ছা পূৰ্ণ হয় আৰু পৰিত্ৰাণ প্ৰাপ্ত হয়, কিয়নো ভগৱান শিৱই অতি সোনকালে তুষ্ট হয় বুলি প্ৰবাদ আছে৷ এইবাৰ শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত মঙলবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা৷ মঙলবাৰে সন্ধিয়া শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ উদ্বোধনী অনুষ্ঠান হয়৷ শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা উপলক্ষে ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত যুগ যুগ ধৰি সগৌৰৱেৰে থিয় হৈ থকা শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌলৰ চাৰিওফালে, শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিকে কেন্দ্ৰ কৰি বাবুপট্টি, জি এন জি ৰোড, শিৱসাগৰ পুখুৰীৰ দক্ষিণ পাৰ, ষ্টেচন চাৰিআলি সংযোগী পথ, শিৱসাগৰ ছোৱালী কলেজৰ প্ৰৱেশ পথত, ফুলেশ্বৰী উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয় সংযোগী পথ আৰু বিদ্যালয়খনৰ খেলপথাৰত অনুষ্ঠিত হৈছে বৃহৎ মেলা৷ শিৱসাগৰত শিৱৰাত্ৰিৰ বাবে ২৭ ফেব্ৰুৱাৰী দিনা শিৱসাগৰ জিলা প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে৷ ইপিনে, শিৱসাগৰ নগৰৰ সমীপৰ দিচাংমুখৰ লংচাইত, পানবেচাৰ শিমলুতল তিনিআলি, আখৈফুটীয়া পাৰঘাট তিনিআলি আদি বিভিন্ন অঞ্চলত স্থানীয় ৰাইজে উলহ-মালহেৰে শিৱৰাত্ৰি উদ্যাপন কৰিছে৷ সেইদৰে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ, দেৰগাঁৱৰ নেঘেৰিটিং মন্দিৰ, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ গুৱাহাটীৰ উমানন্দ মন্দিৰ, শুক্ৰেশ্বৰ দেৱালয়, তিনিচুকীয়াৰ টিলিঙা মন্দিৰ আদিত শিৱৰাত্ৰিৰ দিনা পুৱাৰে পৰা অগণন ভক্তৰ সমাৱেশ হয়৷ ইফালে হিন্দু ধৰ্মীয় লোকৰ অন্যতম আৰাধ্য দেৱতা শিৱক পূজা-অৰ্চনা কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ঘূগুহা দৌল উন্নয়ন আৰু পৰিচালনা সমিতিয়ে৷ ঐতিহাসিক ঘূগুহা দৌলত ২৫-২৭ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ আয়োজন কৰিছে ৭৩ সংখ্যক মহা শিৱৰাত্ৰি৷ উল্লেখ্য, ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত প্ৰত্যেক বছৰে হিন্দু ধৰ্মৰ লোক তথা ভক্তসকলে শিৱক ষোড়শোপচাৰৰে আৰাধনা কৰি আহিছে৷ সমগ্ৰ ৰাজ্যৰ লগতে বাগ্সা জিলাৰ পলাসগুৰীতো মঙলবাৰৰ পৰা আৰম্ভ হৈছে মহা শিৱৰাত্ৰী৷ হোম-যজ্ঞৰ মাজেৰে নৱ নিৰ্মিত শিৱ মন্দিৰটো আনুস্থানিকভাৱে শুভ উদ্বোধন কৰে বিটিচিৰ দিহিৰা পৰিষদীয় সমষ্টিৰ এম চি এল এ ঘনস্যাম দাসে৷ ঢেকীয়াজুলিৰ শিঙৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীগুপ্তেশ্বৰ দেৱালয়ত বুধবাৰৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া শিৱৰাত্ৰী মেলাৰ প্ৰাক্ক্ষণত মঙলবাৰে পুৱা ১০ বজাত গুপ্তেশ্বৰ মন্দিৰ চৌহদ তথা মেলাথলী পৰিষ্কাৰ পৰিচ্ছনতা কৰি ৰখাৰ উদ্দেশ্যৰে গুপ্তেশ্বৰ মন্দিৰ উন্নয়ন সমিতিৰ স্বচ্ছতা উপ-সমিতিৰ সভাপতি বাসুদেৱ মৈনালী আৰু সম্পাদক নিৰ্মল দাসৰ নেতৃত্বত স্বচ্ছতা অভিযানৰ কাৰ্যসুচী ৰূপায়ণ কৰে৷ ইফালে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী মহানগৰী গুৱাহাটীৰ বিভিন্ন শিৱ মন্দিৰত মহা- শিৱৰাত্ৰি পূজা উদ্যাপনৰ বাবে ব্যাপক আয়োজন কৰা হৈছে৷ ইতিমধ্যে প্ৰতিটো শিৱ মন্দিৰ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে৷ ৰাজ্যখনৰ বিভিন্ন শিৱ মন্দিৰৰ উপৰি গুৱাহাটী মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়, উমানন্দ মন্দিৰ, পামহী, বশিষ্ঠ-দেৱালয় নৱগ্ৰহ, লংকেশ্বৰ ধামৰ লগতে মহানগৰীৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি পূজা উদ্যাপনৰ বাবে প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ কৰি তুলিছে৷ মহাশিৱৰাত্ৰিৰ দিনা ধৰ্ম প্ৰাণ ভক্ত দৰ্শনাৰ্থীয়ে শিৱক পূজা অৰ্চনা কৰোঁতে যাতে কোনো সমস্যাৰ অথবা আহুকালৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে পূজা উদ্যাপন সমিতি সমূহে গুৰুত্ব প্ৰদান কৰি নিৰাপত্তা ৰক্ষী, স্বেচ্ছাসৱক নিয়োগ কৰা, চিচি টিভি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা আদিৰ ব্যৱস্থা কৰা হৈছে৷ তেনেদৰে লংকেশ্বৰ ধাম, বশিষ্ঠ দেৱালয়, পামহী, উমানন্দ আদি স্থানত শিৱৰাত্ৰিক কেন্দ্ৰ কৰি ব্যাপক আয়োজন কৰা পৰিলক্ষিত হৈছে৷ আনহাতে শিৱৰাত্ৰি উপলক্ষে মহানগৰীৰ বজাৰ পূজাৰ উপকৰণৰে ভৰি পৰিছে৷ বিশেষ কৈ ফুলৰ মালা, পদুম ফুল, অপৰাজিতা ফুল, ভাঙৰ লাডু, দূবৰি বন, বেল পাত, বেল, ধতোৰা গুটি, আদিৰ পূজাৰ উপকৰণ উভৈনদী হৈ পৰিছে মহানগৰীৰ বজাৰ৷ ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ঐতিহাসিক শ্ৰীশ্ৰী লংকেশ্বৰ ধামত ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত শ্ৰীশ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি পূজা আৰু মহামেলা উৎসৱৰ আয়োজন কৰা হৈছে৷ ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত পূজা অৰ্চনাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত পুৱা ১০ বজাত ধৰ্মধবজা উত্তোলন কৰিব কমিটীৰ সভাপতি কামিনী কান্ত কলিতাই৷ বিগত বছৰৰ দৰে এইবেলিও ২৬ ফেব্ৰুৱাৰীত আজাৰা ৰাজহ চক্ৰ এলেকাৰ দীপৰ বিলৰ পাৰত থকা দেউচতালস্থিত ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁহাই মন্দিৰত মহাশিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে৷ সেই অনুসৰি সন্ধিয়া ৭ বজাৰ পৰা শিৱ চতুৰ্দশী তিথিৰ শিৱৰাত্ৰী পূজা আৰম্ভ হ’ব৷ বিগত বছৰবোৰৰ দৰে এইবেলিও ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ শিলপুখুৰীস্থিত শ্ৰীশ্ৰীনিৰামুহীয়া শিৱ মন্দিৰৰ উদ্যোগত ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে৷ চ্ছ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰে পুৱা ৯ বজাত পঞ্চাংগ পূজা, আহুতি, দিনৰ ১১ বজাত শিশু- চেমনীয়াৰ চিত্ৰাংকন প্ৰতিযোগিতা, পূৰ্ণ আহুতি, ভেশছন প্ৰতিযোগিতা, ভোগ বিতৰণ, সন্ধিয়া কাশীৰ মহা আৰতি, সন্ধিয়া ৫.৩০ বজাত মহাপ্ৰভু শংকৰাচাৰ্যৰ অমৃতবাণী, ৬ বজাত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ অনুষ্ঠানত উপস্থিত থাকিব গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, সন্মানীয় অতিথিৰূপে পৰিবহণ বিভাগৰ অ’এছডি গৌতম দাস৷ সন্ধিয়া ৮ বজাত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ নিশা ১০ বজাত মহাশিৱৰাত্ৰি পূজা আৰম্ভ হ’ব৷ গুৱাহাটী মহানগৰীৰ ছয়মাইলৰ পুৰণাবস্তি নামঘৰত বিগত বৰ্ষৰ দৰে এইবাৰো মহাশিৱৰাত্ৰিৰ দিনা শিৱ পূজাৰ আয়োজন কৰা হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ শিৱ পূজাৰ আয়োজনত বিশেষভাৱে যুৱ সমাজ আগ বাঢি আহিছে৷ শিৱৰাত্ৰি উপলক্ষে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত উমানন্দ মন্দিৰলৈ অহা ভক্তসকলে অহা-যোৱা কৰাৰ বাবে বিশেষ যাত্ৰীবাহী ফেৰীসেৱাৰ ব্যৱস্থা কৰিছে৷ পুৱাৰে পৰা বিয়লি ৪ বজালৈ উমাচল, মেঘনা, ত্ৰিবেণী আৰু অলকানন্দা নামৰ ফেৰী চাৰিখন চলিব৷ আয়োজক মণ্ডলীয়ে সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিত কামনা কৰিছে৷ এতিয়া দেৱাদিদেৱ মহাদেৱক ধুপ, দীপ, পুষ্প, দুগ্ধ আদিৰে আৰাধনা কৰিবলৈ সাজু হৈছে ৰাজ্যৰ শিৱভক্তসকল৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলে আৰাধনা কৰা দেৱ-দেৱতাৰ ভিতৰত মহাদেৱক সদায় বিশেষ স্থান দি আহিছে৷ সেয়েহে বুধবাৰে পুৱাৰে পৰা নিশা পৰ্যন্ত ভক্তসকলে মহাদেৱক আৰাধনা কৰিবলৈ সাজু হৈছে৷
নুনমাটি শিৱ মন্দিৰত দুদিনীয়া শিৱৰাত্ৰি
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ গুৱাহাটী মহানগৰীৰ নুনমাটিৰ বৃহত্তৰ নুনমাটি ৰাজহুৱা শিৱ মন্দিৰ প্ৰাংগণত বিগত বৰ্ষৰ দৰে এই বেলিও মহা শিৱৰাত্ৰীৰ উদযাপনৰ আয়োজন কৰা হৈছে৷ এই বেলি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে বৃহত্তৰ নুনমাটি ৰাজহুৱা শিৱমন্দিৰ পৰিচালনা সমিতিৰ সৈজন্যত অহা ইং ২৫ ফেব্ৰুৱাৰী আৰু ইং ২৬ ফেব্ৰুৱাৰী তাৰিখে দুইদিনীয়াকৈ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিবৰাত্ৰি উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে৷ ইতিমধ্যে ৰূপালী জয়ন্তী উপলক্ষে মন্দিৰ প্ৰাংগণত ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা হৈছে৷ এই বেলি ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচীৰূপে ইং ২৫ ফেব্ৰুৱাৰী তাৰিখ, মঙ্গলবাৰে, ৰাতিপুৱা ১০ বজাত মন্দিৰ প্ৰাংগণত পতাকা উত্তোলন কৰিব পূজা পৰিচালনা সমিতিৰ সভাপতি তাৰিণী কান্ত ডেকাই৷ দিনৰ ৩ বজাত আয়তীৰ নাম- প্ৰসংগ, আৰু সন্ধিয়া প্ত বজাত ৰূপালী জয়ন্তী লগত সংগতি ৰাখি এখনি স্মৰণিকা উন্মোচন কৰা হব৷ স্মৰণিকাখন উন্মোচন কৰিব কণকণ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে৷ আৰু ইং চ্ছফেব্ৰুৱাৰী, বুধবাৰে তাৰিখে ৰাতিপুৱা জ্জ বজাত শিৱ মন্দিৰৰ দ্বাৰ উন্মোচন, দ্বাৰ উন্মোচন কৰিব পূজা পৰিচালনা সমিতিৰ সম্পাদক ৰূপ কুমাৰ দাসে, ৰাতিপুৱা ৯ বজাত আয়তি সকলৰ নাম- প্ৰসংগ, ৰাতিপুৱা ১০ বজাত শিৱবাবাৰ পূজা অৰ্চনা আৰু হোম যজ্ঞ, দিনৰ ১২ বজাত ভোগ বিতৰণ আৰু সন্ধিয়া ৬ বজাত আমন্ত্ৰিত নাগৰানামৰ শিল্পী সোণেশ্বৰ কুমাৰ তথা শিল্পীৰ দলে নাগৰা নাম পৰিবেশন কৰিব৷ পূজা আয়োজক কমিটিয়ে জনোৱা মতে উক্ত দুই দিনাৰ কাৰ্যসূচীতে সমূহ ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতিৰ আশা প্ৰকাশ কৰিছে৷ উল্লেখ যে এই বেলি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে মহাশিবৰাত্ৰি উদযাপন কৰিবলৈ সভাপতি তাৰিণী কান্ত ডেকা, সম্পাদক ৰূপ কুমাৰ দাস, নৰেন চন্দ্ৰ দাস, মদন বড়ো৷ ধন ভৰালী ৰনজিৎ কুমাৰ বসুমতাৰী, প্ৰচাৰ সমিতিৰ সভাপতি ৰাজেন বড়ো আৰু সম্পাদক জয়ন্ত দাস, স্মৰণিকা প্ৰকাশন সমিতিৰ সভাপতি প্ৰদীপ বৰা, সম্পাদক বিকাশ ডেকাক আৰু মঞ্চ আৰু পোহৰ সমিতিৰ সভাপতি জিতেন তুমুং আৰু সম্পাদক কমল সূত্ৰধাৰ আদিকে লৈ ৮৫ জনীয়া সদস্যক লৈ এখনি শক্তিশালী পূৰ্ণাংগ বৃহত্তৰ নুনমাটি শিৱমন্দিৰ মহাশিৱৰাত্ৰী পূজা পৰিচালনা সমিতি গঠন কৰা হৈছে৷