
‘এআই’ মানে আছাম ইণ্টেলিজেঞ্চ অসমেৰে আৰম্ভ হ’ব ইংৰাজী বৰ্ণমালা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ফেব্ৰুৱাৰীঃ এ আই অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ নতুন সংজ্ঞা দিলে দেশৰ প্ৰসিদ্ধ বিনিয়োগকাৰী মুকেশ আম্বানিয়ে৷ এ আই মানে ‘আছাম ইণ্টেলিজেঞ্চ’ হ’ব বুলি কয় আম্বানিয়ে৷ মঙলবাৰে তেওঁ এডভাণ্টেজ আছাম-২.০ৰ সন্মিলনত ভাগ লৈ কয় যে এ আই মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ পৰিৱৰ্তে আছাম ইণ্টেলিজেঞ্চ হিচাপে থিয় দিব পৰা সক্ষমতা আছে অসমৰ৷ অসমত সপ্ত তাৰকাযুক্ত অ’বেৰয় হোটেল নিৰ্মাণ কৰাৰ লগতে অসমক টেকৰেডী, এ আই ৰেডী ৰাজ্যৰূপে গঢ়িবলৈ সংকল্প লোৱাৰ কথা সদৰী কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুৰব্বী মুকেশ আম্বানিয়ে৷ আগন্তুক পাঁচ বছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিম বুলি ঘোষণা কৰে আম্বানিয়ে৷ তেওঁ এডভাণ্টেজ আছাম-২.০ত ভাগ লৈ কয়– এডভাণ্টেজ আছাম-১.০ত অসমত আমি ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ৷ সেইমতে বিনিয়োগ কৰা হৈছে৷ অসমত সপ্ত তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰাৰ লগতে অসমক চাহ আৰু গ্ৰীন এনাৰ্জীৰ হাবৰূপে গঢ়া, অসমক ফুড আৰু ননফুড প্ৰডাক্ট যোগানকাৰী ৰাজ্যৰূপে গঢ়া আৰু অসমত ৰিলায়েন্স ৰিটেইল ষ্টোৰ ৫০০১ পৰা ৮০০লৈ বৃদ্ধি কৰা হ’ব৷ অসমক আমি ২জি দৃষ্টিভংগীৰে নহয়,৫জি দৃষ্টিভংগীৰে চাম৷ অনুষ্ঠানত ভাগ লৈ আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানিয়ে অসমত এয়াৰপোৰ্ট এৰোচিটী, চি জি ডি আৰু চিমেণ্ট উদ্যোগ স্থাপনৰ বাবে ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে৷ এডভাণ্টেজ আছাম-২.০ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ পাছত আদানি গ্ৰুপে অসম চৰকাৰৰে ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ এডভাণ্টেজ আছাম-২.০ৰ বুজাবুজি চুক্তি সম্পাদন অনুষ্ঠানত অসম চৰকাৰৰ সৈতে ‘এচাৰ’ গ্ৰুপে সৌৰশক্তি প্ৰকল্পখণ্ডৰ ২১০০ কোটি টকা, অইলে ২৩,৩০০ কোটি টকা, এন আৰ এলে ১০,৭০০ কোটি, বোন্দেড লিমিটেডে ৪৫০ কোটি টকা বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ অনুষ্ঠানত ইন্দ্ৰধনুৰ গেছ গ্ৰীড লিমিটেডে গেছ গ্ৰীডৰ বাবে ১,২০০ কোটি টকা, বায়’ফ্ৰেইণ্ডছ কোম্পানীয়ে ডাইমিঠাইল ইথাৰ প্ৰকল্প স্থাপনৰ বাবে ২৬০ কোটি টকা, লীলাৱতী ফাউণ্ডেশ্বনে মাল্টী স্পেচিয়েলিটী হাস্পতাল স্থাপনৰ বাবে ১৫০ কোটি টকা ছিংগাপুৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সৈতে ক’লাব’ৰেশ্বন কৰাৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ গেট ফাউণ্ডেশ্বনেও স্বাস্থ্য, কৃষি আৰু গ্ৰামোন্নয়ন খণ্ডৰ বিকাশৰ বাবে অ-বিত্তীয় বুজাবুজি সম্পাদন কৰে৷ জাপানৰ এছিয়ান ৱান কোম্পানীয়ে অসমত জাপানী ভাষা শিকন বিষয়ক অনুষ্ঠান স্থাপন কৰাৰ বাবে অ-বিত্তীয় বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ জে চি মেৰিয়ট হোটেলৰ অনিল দাস আৰু জোনালী দাসে ৪০০ কোটি টকা ব্যয় সাপেক্ষে অসমত এখন পঞ্চাতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ জে এছ ডব্লিউ এনাৰ্জীয়ে অসমত নৱীকৰণযোগ্য শক্তি উৎপাদনৰ বাবে ৮ হাজাৰ কোটি, টাটা পাৱাৰ কোম্পানীয়ে ৩০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে বুজাবুজি চুক্তি সম্পাদন কৰে৷ ৱেলস্পন ৱল্ডৰ্ নামৰ পাইপ প্ৰস্তুতৰ বাবে ৩৫০ কোটি টকা, আদানি টোটেল গেছ লিমিটেডে গেছ বিতৰণৰ বাবে ৫ হাজাৰ কোটি টকা, গ্ৰীনকো এনাৰ্জীছ প্ৰাইভেট লিমিটেডে ৯০০ মেগা ৱাটৰ পাম্প ষ্ট’ৰেজ নিৰ্মাণৰ বাবে ৫,৮৫০ কোটি টকা বিনিয়োগ কৰিবলৈ বুজাবুজি চুক্তি সম্পাদন কৰে৷ টি চি চি কনচেপ্ট লিমিটেডে আৰ্ট ডাটা চেণ্টাৰৰ আন্তঃগাঁথনিৰ বাবে ১৫০০ কোটি টকা, পঞ্জাৱ নেচনেল বেংকে বিকল্প বিনিয়োগৰ বাবে ৩ হাজাৰ কোটি টকা, ডি পি ৱল্ডেৰ্ গতি শক্তি ৱেৰহাউছ নিৰ্মাণৰ বাবে ১৫০ কোটি টকা, গৱেষ্ণা বিশ্ববিদ্যালয়ে বেচৰকাৰী বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৮০০ কোটি টকা বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ বেদান্ত গ্ৰুপে ৫০ হাজাৰ কোটি টকা, এছ পলট্ৰীয়ে ১৯৭ কোটি টকা, এইচ পি ডি এছ আয়ে ১২০০ কোটি টকা, সুবিকছা ফীড এণ্ড ফাৰ্মে ২৫০ কোি টকা, মেধাবী স্কীল ইউনিভাৰ্চিটীয়ে ২৫০ কোটি টকা, সিদ্ধাৰ্থ ইনফ্ৰেণ্টেকে অসমত ৫,৬০০ কোটি বিনিয়োগৰ বাবে মঙলবাৰে এডভাণ্টেজ আছাম-২.০ৰ বাকৰিত বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰি বেদান্ত গ্ৰুপৰ মুৰব্বী অনিল আগৰৱালাই কয়– অসমৰ ওপৰত আছে ভগৱানৰ কৃপা৷ ভগৱানৰ কৃপা মাটিৰ ওপৰতো, মাটিৰ তলতো৷ অসমক লৈ মোৰো সপোন আছে৷ সেইবাবে অসমত বিনিয়োগ কৰিবলৈ মই আগ্ৰহী৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ডিজিটেল সংবহনৰ যুগত সংযোগ হৈছে প্ৰগতিৰ জীৱনৰেখা আৰু অসমে এই বিপ্লৱৰ নেতৃত্ব দি ৰাজ্যখনৰ দ্ৰুত বিকাশ সুনিশ্চিত কৰাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ৷ কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ উপস্থিতিত আজি গুৱাহাটীত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ অংশ হিচাপে ‘আই-ৱেৰ জৰিয়তে বিকশিত অসম’ শীৰ্ষক বিষয়ভিত্তিক অধিৱেশনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ডিজিটেল বিপ্লৱৰ শক্তিশালী অংশীদাৰ হ’বলৈ অসম সম্পূৰ্ণৰূপে সাজু৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে এতিয়া অভূতপূৰ্ব ডিজিটেল বিপ্লৱৰ সাক্ষী হৈ পৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে এই বিপ্লৱৰ সৈতে আগবাঢ়িবলৈ বৰ্তমানৰ অসম চৰকাৰে সমগ্ৰ ৰাজ্যখনতেই চাইবাৰ ফুডপ্ৰিণ্ট বৃদ্ধিৰ বাবে কৰা পৰিকল্পনাৰো আভাস দিয়ে৷ তথ্যৰ প্ৰয়োজনীয়তা দিনে দিনে বৃদ্ধি পোৱাৰ বিষয়টো ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত এ আই এনাবলড্ ডাটা চেণ্টাৰ আৰু এইছ ডি এফ চি অনুৰূপ ডাটা চেণ্টাৰ স্থাপনৰ ঘোষণাৰ কথা উল্লেখ কৰি কয় যে এই ক্ষেত্ৰত দ্ৰুত গতিৰ তথ্যৰ প্ৰয়োজনীয়তা থাকিব৷ তেওঁ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ব্ৰহ্মপুত্ৰৰ জৰিয়তে বংগোপসাগৰৰ পৰা অপ্টিকেল ফাইবাৰ অনাৰ সম্ভাৱনীয়তা অধ্যয়ন কৰিবলৈও অনুৰোধ জনায়৷ ই এবাৰ বাস্তৱায়িত হ’লে অসমত দ্ৰুত আৰু নিৰ্ভৰযোগ্য তথ্য লাভৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব৷ বিপিঅ’সমূহে তেওঁলোকৰ ভিত্তি স্তৰ ১ চহৰৰ পৰা স্তৰ ২ আৰু স্তৰ ৩ চহৰলৈ স্থানান্তৰিত কৰিছে৷ আগন্তুক দুবছৰৰ পৰা তিনিবছৰৰ ভিতৰত গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটৰ দৰে চহৰত কেইবাটাও বিপিঅ’ থাকিব আৰু তাৰ ফলস্বৰূপে তীব্ৰ গতি সম্পন্ন তথ্যৰ প্ৰয়োজনীয়তা আহিব৷ এক দশক পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকক ডিজিটেলভাৱে সৱলীকৰণৰ লক্ষ্যৰে ডিজিটেল ইণ্ডিয়া মিছনৰ নেতৃত্ব দিছিল৷ ডিজিটেলাইজেশ্যনৰ সুবিধাসমূহ সমাজৰ শেষৰ¸জন ব্যক্তিকো সামৰি লোৱাটো সুনিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সমাজৰ উপান্ত শ্ৰেণীকো উন্নীত কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীকো তেওঁ প্ৰশংসা কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে ২৫,২৫০ গাঁৱক অপ্টিকেল ফাইবাৰেৰে সামৰি লোৱাৰ এক অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে৷ ৰাজ্যখনৰ কৃষক আৰু গ্ৰাম্য উদ্যোগীসকলৰ সুবিধাৰ্থে এই প্ৰকল্পটো যাতে অতি সোনকালে সম্পূৰ্ণ কৰিব পৰা যায় তাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সহায়ৰ হাত আগবঢ়াবলৈও মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনায়৷ মুখ্যমন্ত্ৰীয়ে লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৪ হাজাৰখন বনগাঁৱক দূৰসংযোগ ব্যৱস্থাৰে সামৰি লোৱাৰ বাবে অনুৰোধ জনায়৷
তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ মাৰ্গ দৰ্শনেৰে পৰিচালিত হৈ অসম চৰকাৰে ৰাজ্যখনক ডিজিটেল লেণ্ডস্কেপলৈ ৰূপান্তৰিত কৰাৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব পৰা পৰিৱেশতন্ত্ৰক গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ তেওঁ লগতে কয় যে আই-ৱেৰ জৰিয়তে বিকশিত অসমলৈ পৰিৱৰ্তন কৰাৰ পথ প্ৰশস্ত কৰা, নতুন সুযোগ মুকলি কৰা আৰু সমগ্ৰ ৰাজ্যখনকেই সামগ্ৰিকভাৱে উন্নয়নৰ দিশেৰে আগুৱাই নিয়াৰ বাবে লক্ষ্য লৈছে৷ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ, সঠিক উন্নয়ন আৰু শাসন ব্যৱস্থাক গতিশীল কৰাৰ বাবে তথ্য প্ৰযুক্তি আৰু টেলিকম খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি ৰাজ্য চৰকাৰে ডিজিটেল ব্যৱস্থাৰ সম্প্ৰসাৰণ, সকলোৰে বাবে ইয়াক সুনিশ্চিত কৰা আৰু সমগ্ৰ ৰাজ্যতে টেলিকম সেৱাসমূহ অধিক সুলভ কৰাৰ দিশত গুৰুত্ব আৰোপ কৰিছে৷ এই খণ্ডসমূহ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ বাবে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷ জাগীৰোডত নিৰ্মাণৰত ছেমি কণ্ডাক্টৰৰ প্ৰসংগটো উল্লেখ কৰি তেওঁ কয় যে অসম ইয়াৰ ফলত বিভিন্ন সুযোগৰ হাব হিচাপে পৰিগণিত হ’ব৷ ৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে মোবাইল মেনুফেকচাৰিং ইউনিট স্থাপনৰ বাবে টাটা চন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণে প্ৰকাশ কৰা আগ্ৰহৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত সংস্থাপনৰ বাবে বিভিন্ন ৰাজ্যলৈ যোৱা যুৱক-যুৱতীসকলে নিজ ৰাজ্যতে সংস্থাপনৰ সুবিধা লাভ কৰিব৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় যোগাযোগ আৰু ড’নাৰ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰৰ বিকাশৰ দিশত অসমে নেতৃত্ব লোৱাৰ সকলো ধৰণৰ সম্ভাৱনীয়তা আছে৷ তেওঁ লগতে কয় যে স্থানগত সুবিধাৰ লগতে অপৰিসীম সম্ভাৱনীয়তাৰ কথা বিবেচনা কৰিলে অসমে কেৱল আছিয়ান দেশসমূহৰ বাবেই নহয়, ই সমগ্ৰ গ্ৰ’বেল চাউথ আৰু মেনুফেকচাৰিং তথা লজিষ্টিক পাৱাৰ হাউচ হিচাপে পৰিগণিত হ’ব৷ তেওঁ কয় যে ৰাজ্যখনে বিকাশৰ দিশত যি ধৰণে আগবাঢ়িছে, তেনে দৃষ্টিভংগীৰে বিবেচনা কৰিলে অসম প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ সপোনৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ সম্ভাৱনা আছে৷ আজিৰ এই অধিৱেশনত অসম চৰকাৰৰ তথ্য প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিশেষ মুখ্য সচিব চৈয়দ্দিন আব্বাচী, নকিয়া ইণ্ডিয়া কাউKCী হেড তৰুণ ছাব্ৰা, মোবাইল বিজনেছ এণ্ড ডিভাইচেছ ৰিলায়েন্স জিঅ’ ইনফ’কম লিমিটেডৰ অধ্যক্ষ সুনীল দত্ত, বি এছ এন এলৰ মুখ্য পৰিচালন সঞ্চালক এ ১১্বাট জে ৰবিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷