Logo
image

যোৰহাটত ‘এডভাণ্টেজ আছাম ২.০’ত ৭৬খন বুজাবুজি চুক্তি স্বাক্ষৰ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ফেব্ৰুৱাৰীঃ  অসমক ভাৰতৰ এক অন্যতম শ্ৰেষ্ঠ বিনিয়োগ স্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ উদ্যোগত গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলন ‘এডভাণ্টেজ আছাম ২.০’ ৰ অংশ হিচাপে যোৰহাটত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়তো জিলাভিত্তিত এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ কাৰ্যসূচীত যোৰহাট জিলাত ৫ লাখৰ পৰা ৫০ কোটিৰ ভিতৰত উদ্যোগৰ পৰিকল্পনা কৰা জিলাখনৰ উদ্যোগীসকলৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰৰ এটি বিশেষ অনুষ্ঠান সম্পন্ন হয়৷ জিলা আয়ুক্ত জয় শিৱানী, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, তিতাবৰ সম জিলা আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তই জিলাখনৰ ৭৬ গৰাকী উদ্যোগপতিৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷ উক্ত অনুষ্ঠানতে জিলাখনৰ বিভিন্ন বেংক বিষয়াসকলে জ্ঝ.ৰৰ কোটি টকাৰ বিপৰীতে ২৪ গৰাকী উদ্যোগীক আনুষ্ঠানিকভাৱে ঋণৰ অনুমোদন পত্ৰ বিতৰণ কৰে৷


উল্লেখ্য, কেন্দ্ৰীয়ভাৱে স্বাক্ষৰিত বুজাবুজি চুক্তি অন্তৰ্ভুক্ত কৰি জিলাখনত মুঠ বিনিয়োগৰ ধনৰাখি হৈছে ৫৮৬ কোটি টকা৷ এই উপলক্ষে অনুষ্ঠিত জিলা পৰ্যায়ৰ  ‘এডভাণ্টেজ আছাম ২.০’ অনুষ্ঠানত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, আৰক্ষী অধীক্ষক, জিলা  উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহা প্ৰবন্ধক, বেংকৰ এলডিএম আৰু মৰিয়নি পৌৰসভাৰ পৌৰপতিয়ে ভাষণ প্ৰদান কৰি ৰাজ্যৰ  মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগীকৰণৰ ক্ষেত্ৰত লোৱা এই সুদূৰপ্ৰসাৰী চিন্তাৰ শলাগ জ্ঞাপন কৰি উদ্যোগীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে ভাষণ প্ৰদান কৰি জিলা প্ৰশাসন তথা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ তৰফৰ পৰা উদ্যোগীসকলক সকলোধৰণৰ সহায় - সহযোগিতা আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰি বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন কৰা আৰু ঋণৰ অনুমোদন পত্ৰ লাভ কৰা সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ জিলা উন্নয়ন আয়ুক্তই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত পৌৰসভাৰ পৌৰপতিসকল, জিলাখনৰ বিভিন্ন বেংকৰ বেংক বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া প্ৰমুখ্যে উদ্যোগীসকল উপস্থিত থাকে৷