Logo
image

এচিডিটি? অতিৰিক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক

কৰ্ম ব্যস্ততা আৰু যি টি খাদ্য খোৱাৰ পাছত শাৰীৰিক বিসংগতি হোৱাটো স্বাভাৱিক৷ অতিৰিক্ত তেল, মছলাযুক্ত আৰু ষ্ট্ৰীট ফুড হওক কিম্বা হোটেলৰ খাদ্যলৈকে শাৰীৰিক বিসংগতিৰ ক্ষেত্ৰত কোনোধৰণৰ ৰেহাই পোৱা নাযায়৷ তদুপৰি প্ৰয়োজন অনুসৰি পানী খোৱাও প্ৰায় নহয়েই৷ ফলত বুকু জ্বলা, ডিঙি জ্বলা আৰু পেটত অস্বস্তিৰ ভাব লাগি থাকে৷  সেয়েহে ঘৰৰ খাদ্য এৰি বাহিৰৰ খাদ্য খালে এনেধৰণৰ সমস্যাত ভুগিবলগীয়া হয়৷ এনে সমস্যাৰ পৰা সকাহ পোৱাৰ উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়– 

(১) অতিৰিক্ত জ্বলা, তেল-মছলাযুক্ত তথা ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক৷ 

(২) অতিৰিক্ত খাদ্য কেতিয়াও নাখাব৷ 

(৩) বেছি সময় ধৰি খাদ্য নোখোৱাকৈ নাথাকিব৷ 

(৪) অসময়ত আৰু অনিয়মিতভাৱে খাদ্য খোৱাৰ পৰা বিৰত থাকক৷

(৫) নিশাৰ খাদ্য সোনকালে খাওক৷ 

(৬) খোৱাৰ লগে লগে শুই নপৰিব৷ 

(৭) ধুমপান, মদ্যপান, কফি আৰু এছপিৰিন জাতীয় ঔষধ নাখাব৷  

(৮)মানসিক চাপ সদায় দূৰৈত ৰাখিব৷ 


(৯) ধনীয়া কম পৰিমাণে খোৱাৰ অভ্যাস কৰক৷ 

(১০) খোৱাৰ পাছত আধা চামুচকৈ মৌ খাব৷ 

(১১) নিয়মীয়াকৈ নাৰিকলৰ পানী খোৱা অভ্যাস কৰক৷ 

(১২) যিমান পাৰি মিচিৰিৰ চৰৱত খাব পাৰে৷ 

(১৩) খালী পেটত তিয়াই থোৱা কিছমিছ নিয়মীয়াকৈ খাব পাৰে৷ 

(১৪) ঠাণ্ডাপানীত অলপ গোলাপজল আৰু পদিনা মিহলি পানী খোৱাটো শৰীৰৰ পক্ষে খুবেই ভাল৷ 

(১৫) ডালিম, কল, আপেল, খিছমিছ, নাৰিকল আদি  ফল নিয়মীয়াকৈ খাব পাৰে৷ ইয়াৰোপৰি আমলখি যিমান ইচ্ছা [গুড়ি, কেঁচা কিম্বা ৰস] খোৱা উচিত৷ 

(১৬) যষ্ঠীমধুৱে এচিডিটিৰ সমস্যা সহজে দূৰ কৰে৷ 

(১৭) এচিডিটিৰ পৰা ৰক্ষা পাবলৈ খালী পেটত সদায় ২০-২৫ মিলিগ্ৰাম এলোভেৰাৰ ৰস খাওঁক৷