Logo
image

মহাকুম্ভ শেষ, চাফাই অভিযানত নামিল যোগী

প্ৰয়াগৰাজ, ২৭ ফেব্ৰুৱাৰীঃ  ৪৫ দিন ধৰি চলা ‘মহাকুম্ভ মেলা’ অৱশেষত সামৰণি পৰিল৷ বুধবাৰে মহা শিৱৰাত্ৰীৰ দিনা ‘মহাকুম্ভ’ৰ সামৰণি উপলক্ষে ‘ত্ৰিবেণী সংগম’ত দেশ-বিদেশৰ পৰা অহা লক্ষ লক্ষ পুণ্যাৰ্থীয়ে পুণ্যস্নান কৰে৷ ইপিনে সামৰণিৰ পাছতে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে  মহাকুম্ভমেলাত আৰম্ভ কৰিছে চাফাই অভিযান৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীজনে নিজেই স্বেচ্ছাসেৱক আৰু চাফাইকৰ্মীসকলৰ সৈতে চাফাই অভিযানত নামি পৰে৷ সামৰণিৰ দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ, সাধু-সন্ন্যাসীসকলৰ লগতে ভক্ত তথা সাধাৰণ নাগৰিক সকললৈ ধন্যবাদ জ্ঞাপন কৰে৷ আজি নিজৰ এক্স হেণ্ডেলত যোগী আদিত্য নাথে এই বুলি উল্লেখ কৰে যে, শ্ৰীৰামজীৰ নিৰ্দেশনাত আয়োজিত মানৱতাৰ ‘মহান উৎসৱ’, বিশ্বাস আৰু সমন্বয়ৰ প্ৰতীক আছিল ‘মহাকুম্ভ’৷ এক্স হেেণ্ডলৰ বাৰ্তাটোৰ জৰিয়তে যোগী আদিত্যনাথে আখৰা, সাধু-সন্ন্যাসী, স্থানীয় প্ৰশাসন, আৰক্ষী প্ৰশাসন, চাফাইকৰ্মী, স্বেচ্ছাসেৱী সংগঠন, নৌকাচালক তথা মহাকুম্ভৰ সৈতে জড়িত প্ৰতিজন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰী তথা স্থানীয় নাগৰিকসকলক ধন্যবাদ জ্ঞাপন কৰে৷


আনহাতে সামৰণিৰ দিনা আৱেগপ্ৰৱণ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্স হেণ্ডেলত মহাকুম্ভত নিজৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয়–‘মহাকুম্ভ সামৰণি পৰিল৷ মানুহৰ এই মিলনযজ্ঞৰ সমাপ্তি ঘটিল৷ ৪৫ দিন ধৰি এই সমাবেশৰ অংশ হৈ পৰিছিল ভাৰতৰ প্ৰায় ১৪০ কোটি নাগৰিক৷ তেওঁলোকৰ ভক্তি, শ্ৰদ্ধা আৰু বিশ্বাস দেখি মই সচাকৈয়ে আপ্লুত৷’ উল্লেখ্য যে মহাকুম্ভৰ অমৃতস্নানত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাগ লৈছিল৷ বিমানেৰে প্ৰয়াগৰাজত উপস্থিত হোৱাৰ পাছত তেওঁ নাৱেৰে উপস্থিত হয় ত্ৰিবেণীসংগমত৷ সেই সময়ত তেওঁক সংগ দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে৷ উল্লেখ্য যে ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল এই বৃহৎ সনাতন ধৰ্মীয় সমাৱেশ৷ চৰকাৰী তথ্য অনুসৰি এইবাৰৰ মহাকুম্ভমেলাত প্ৰায় ৬৫ কোটি পুণ্যাৰ্থীয়ে অংশগ্ৰহণ কৰে৷ এই পৰিসংখ্যাক সৰ্বকালৰ অভিলেখ বুলি গণ্য কৰা হৈছে৷ মহাকুম্ভত এইবাৰৰ  ভক্তৰ সমাগমে আন্তঃৰাষ্ট্ৰীয় গণ মাধ্যম সমূহৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ ‘ওৱাল ষ্ট্ৰীট জাৰ্ণালে’ তেওঁলোকৰ এক প্ৰতিবেদনত উল্লেখ কৰা মতে এইবাৰৰ মহাকুম্ভত যিমান সংখ্যক ভক্তৰ সমাগম ঘটিছিল সেই সংখ্যা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাতকৈও বহুগুণে বেছি৷ সেইদৰে ‘দ্য ৱাশ্বিংটন পোষ্ট’ নামৰ কাকতখনে মহাকুম্ভমেলাক বিশ্বৰ ভিতৰতে বৃহত্তম তীৰ্থযাত্ৰা বুলি অভিহিত কৰিছে৷ আনহাতে ৰয়টাৰ্ছেও তেওঁলোকৰ প্ৰতিবেদনত এইবাৰ মহাকুম্ভস্থলীত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰেৰে কেনেদৰে নিৰাপত্তা আৰু সমন্বয় ব্যৱস্থা গঢ়ি তোলা হৈছিল সেই বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰা পৰিলক্ষিত হৈছে৷ একেদৰে চি এন এনে নাগা সন্ন্যাসীসকলৰ ঐতিহ্য আৰু সংস্কৃতিৰ বিষয়ে বাখ্যা কৰে৷ নিউয়ৰ্ক টাইমছে মহা কুম্ভমেলাক পবিত্ৰ সমাৱেশ বুলি উল্লেখ কৰি ইয়াত সমগ্ৰ বিশ্বৰ পৰা অহা ভক্ত, পৰ্যটক, ৰাজনীতিবিদ তথা চেলিব্ৰিটীসকলে ভাগ লোৱাৰ বিষয়ে প্ৰকাশ কৰিছে৷