Logo
image

নৱম শ্ৰেণীৰ পৰাই হ’ব এআই ৰবটিক্‌ছ পাঠ্যক্ৰম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ ফেব্ৰুৱাৰীঃ  ৰাজ্যৰ ৪৩খন আই টি আইৰ শিক্ষাৰ্থীয়ে শিক্ষাৰ্থীয়ে লাভ কৰা প্ৰমাণ-পত্ৰখন দশম শ্ৰেণী উত্তীৰ্ণৰ সমপৰ্যায়ৰ হ’ব৷ তেনে শিক্ষাৰ্থীয়ে সেই প্ৰমাণ-পত্ৰৰে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব৷ আনহাতে পলিটেক্‌নিকত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ মৰ্যাদা দিয়া হ’ব৷ তেওঁলোকে স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব৷ –এই ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ বৃহস্পতিবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত এই কথা সদৰী কৰি শিক্ষামন্ত্ৰী পেগুৱে কয়– ‘অসমৰ ৩৪খন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত উন্নতমানৰ শিক্ষা প্ৰদান কৰা হ’ব৷ আগন্তুক শিক্ষাবৰ্ষৰ পৰাই নৱম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ঐচ্ছিক বিষয়ৰূপে এআই ৰ’বটিক্‌ছ পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰিব৷ পলিটেকনিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে আই আই টি আৰু অভিযান্ত্ৰিক শিক্ষাগ্ৰহণৰ সুযোগ পাব৷ আগন্তুক সময়ত ৰাজ্যৰ ১১টা বিভাগত কাৰিকৰী শিক্ষা প্ৰদানৰ বিষয়েও চৰকাৰে চিন্তা কৰিছে৷


অৱশ্যে ইয়াৰ পূৰ্বে শিক্ষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ কামৰূপ জিলাত ইতিমধ্যে পি এম ডিভাইন অনুসৰি বিদ্যালয় নিৰ্মাণ কৰা হৈছে৷ নেছিদৰ পুঁজিৰে বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ব৷ উদ্যমিতাৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰীৰ স্ব-নিয়োজন আঁচনিয়ে শিক্ষাৰ্থীসকলক উপকৃত কৰিব৷ কৃষি ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে মাহজাতীয় শস্য উৎপাদনত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে৷ সৰিয়ঁহ আৰু গোমধানক নগদ কৃষি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ এইবাৰ বাজেটত গ্ৰীন এনাৰ্জীক যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে৷