মমতাৰ বংগতকৈ অসমত বিনিয়োগ বহু বেছিঃ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ফেব্ৰুৱাৰীঃ পশ্চিম বংগত অলপতে অনুষ্ঠিত হোৱা বিনিয়োগ সন্মিলনৰ তুলনাত অসমত অধিক বিনিয়োগ হোৱা বুলি দাবী কৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে কালি সমাপ্ত হোৱা এডভাণ্টেজ আছাম-২.০ চৰকাৰী, বেচৰকাৰী মিলি প্ৰায় ৫ লক্ষ কোটি টকাৰ বিনিয়োগ হৈছে৷ অহা দুই-তিনি মাহলৈ আৰু নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিয়েই থাকিব৷ এই পৰিমাণ পশ্চিম বংগৰ বিনিয়োগ সন্মিলনৰ তুলনাত অনেকগুণ বেছি৷ পশ্চিমবংগৰ সৈতে আমি নিজকে তুলনা কৰিব নিবিচাৰোঁ বুলি মন্তব্য কৰিওঁ এই দাবী কৰিলে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ তেওঁ কয় যে পশ্চিমবংগৰ হাতত বৃহৎ পৰিকাঠামো আছে৷ সমুদ্ৰ বন্দৰৰ সুবিধা আছে৷ অসম এখন স্থলবেষ্টিত ৰাজ্য৷ ইয়াত দীৰ্ঘদিনৰ উগ্ৰপন্থাৰ ইতিহাস আছে৷ তাৰ পাছতো আমি পশ্চিমবংগতকৈ বেছি বিনিয়োগ লাভ কৰাটো এক বৃহৎ সফলতা৷’ মুখ্যমন্ত্ৰীৰ এই কৃতিত্বৰ দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পশ্চিমবংগৰ উদ্যোগমন্ত্ৰী শশী পাঞ্জাই কয়– ‘ডাৱল ইঞ্জিন চৰকাৰৰ প্ৰতি পক্ষপাতিত্ব থাকিবই৷ চিংগল ইঞ্জিন চৰকাৰৰ প্ৰতি থাকে বঞ্চনা৷ অসমৰ মানুহ ভালে থাকক৷ আমাৰ কথা তেওঁ (হিমন্ত বিশ্ব শৰ্মাই) ভাবিব নালাগে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আমাৰ কথা চিন্তা কৰিব৷’ উল্লেখ্য যে, যোৱা ৫-৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত পশ্চিম বংগৰ বেংগল গ্ল’বেল বিজনেছ ছামিটত ৰাজ্যখনে ৪.৪০ লাখ কোটি টকাৰ বিনিয়োগ লাভ কৰা বুলি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাবী কৰিছে৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে এডভাণ্টেজ আছাম-২.০ত ৬ লক্ষ কোটি টকাৰ প্ৰস্তাৱ পোৱা হৈছে যদিও কেৱল ৰূপায়ণযোগ্য প্ৰস্তাৱহে গ্ৰহণ কৰা হৈছে৷ প্ৰায় ৩৫,০০০ কোটি টকাৰ প্ৰস্তাৱ নাকচ কৰা হৈছে৷ মুঠ ৪.৯১ লাখ কোটি টকাৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰ হৈছে৷ ২.৫ লাখ কোটিৰ বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে৷ ইফালে, বিজেপি শাসিত ৰাজ্য মধ্য প্ৰদেশত যোৱা ২৪-২৫ ফেব্ৰুৱাৰীত অসমৰ সমান্তৰালভাৱে দুদিনীয়াকৈ গ্ল’বেল ইনভেষ্টেটৰ ছামিট অনুষ্ঠিত হৈছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এই ছামিটৰ সামৰণি অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এই ছামিটত প্ৰায় ৩০.৭৭ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা বুলি দাবী কৰিছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে ইয়াৰ ফলত ৰাজ্যখনত ১৭.৩ লাখ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব৷ মুম্বাই, কলকাতা, বেংগালুৰুৰ লগতে জাপান, জাৰ্মান আৰু ইংলেণ্ডৰ পৰা বিনিয়োগ লাভ কৰা বুলি মোহনে দাবী কৰিছে৷ অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ৪.৬১ লাখ কোটি টকাৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰ কৰা বুলি দাবী কৰি ৩০ লাখ কোটিৰো অধিক টকাৰ বিনিয়োগ লাভ কৰা বুলি সামঞ্জস্যহীন অদ্ভূট মন্তব্য কৰিছে৷
আনহাতে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ‘এডভান্টেজ আছাম ২.০’ৰ সৈতে সংগতি ৰাখি খানাপাৰাৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুকলি কৰা প্ৰদৰ্শনীখন পৰিদৰ্শন কৰে৷ এই প্ৰদৰ্শনীখনত দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ প্ৰতিষ্ঠান তথা ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে নিজৰ ঔদ্যোগিক দিশসমূহ প্ৰতিফলিত কৰাৰ লগতে ইয়াত অসমত উদ্যোগ খণ্ডৰ সম্ভাৱনীয়তাৰ দিশসমূহো দাঙি ধৰা হৈছে৷ আনহাতে, প্ৰদৰ্শনস্থলীত অসমৰ কেইবাখনো জিলাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীও প্ৰদৰ্শন কৰা হৈছে৷ আজিৰে পৰা সৰ্বসাধাৰণৰ বাবে মুকলি কৰা এই সু-বৃহৎ প্ৰদৰ্শনীখন অহা ৰ মাৰ্চলৈ চলিব৷ এই প্ৰদৰ্শনী মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৪ ফেব্ৰুৱাৰীত পৰিদৰ্শন কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে আজি প্ৰদৰ্শনীখনৰ ‘অসম–অতীত, বৰ্তমান আৰু ভৱিষ্যত’ শীৰ্ষক পেভেলিয়নত অংশগ্ৰহণ কৰা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠানসমূহৰ বীথিকাসমূহ পৰিদৰ্শন কৰে৷ এই পৰিদৰ্শনৰ পিছত উপস্থিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসমৰ ষ্টাৰ্টআপ, বৃহৎ উদ্যোগ, ক্ষুদ্ৰ-মজলীয়া আৰু লঘূ উদ্যোগ, বনজ উৎপাদন, আত্মসহায়ক গোটৰ সদস্যসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী আদি এই প্ৰদৰ্শনীখনত প্ৰদৰ্শন কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে সৰ্বসাধাৰণ জনতাৰ লগতে বিশেষকৈ ৰাজ্যৰ শিক্ষাৰ্থীসমাজক এই প্ৰদৰ্শনীখন চাবলৈ আহ্বান জনাই কয় যে ইয়াৰ জৰিয়তে তেওঁলোকে অসম সম্বন্ধীয় বহু বিষয় অৱগত হ’বলৈ সক্ষম হ’ব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমৰ ষ্টাৰ্টআপ খণ্ডত শেহতীয়াকৈ বহু উল্লেখনীয় কাম সম্পন্ন হৈছে আৰু এই খণ্ডটোৱে যথেষ্ট অগ্ৰগতি লাভ কৰিছে৷ তেওঁ লগতে সদৰী কৰে যে অসমৰ ষ্টাৰ্টআপ ইনুকিউৱেশ্যন চেণ্টাৰৰ লগত প্ৰত্যক্ষভাৱে জড়িত কৰি ৰাজ্যখনৰ ষ্টাৰ্টআপ খণ্ডটোক আৰু অধিক আগুৱাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে দক্ষিণ কোৰিয়া চৰকাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া চলাই আছে৷ ষ্টাৰ্টআপৰ সৈতে জড়িত ৰাজ্যখনৰ যুৱসমাজৰ প্ৰতিভা প্ৰদৰ্শিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভা অধিক বিকশিত হোৱাত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে ষ্টাৰ্টআপ প্ৰদৰ্শনী অনুষ্ঠিত কৰিব বুলিও তেওঁ কয়৷ এই উপলক্ষ্যত তথ্য-প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, বিধায়ক তৰংগ গগৈৰ উপৰি মুখ্য সচিব ড॰ ৰবি কোটাসহ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে৷






