Logo
image

ৰাজ্যত বিনিয়োগ ৰূপায়ণৰ মূল সমস্যা মাটি, বিদ্যুৎ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ফেব্ৰুৱাৰীঃ  ‘এডভাণ্টেজ আছাম-২.০য়ে এক নতুন অসমৰ ভেটি নিৰ্মাণ কৰিলে৷ প্ৰথমবাৰলৈ ৰাজ্যখনত এক ঔদ্যোগিক পৰিৱেশৰ নিৰ্মাণ হ’ল৷ এই পৰিৱেশটো কেনেদৰে আগুৱাই নিয়ে, সেয়া অসমৰ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব৷ মই মুখ্যমন্ত্ৰী হৈ থাকোঁ-নাথাকোঁ, ৰাজনৈতিক দল থাকক-নাথকক আমি সকলোৱেই এই পৰিৱেশটো আগুৱাই নিব লাগিব৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শুকুৰবাৰে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত এডভাণ্টেজ আছাম-২.০ৰ সফল সমাপ্তি উপলক্ষত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘এতিয়া আমাৰ সন্মুখত সবাটোতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ভূমি৷ মাটি ক’ৰ পৰা দিম৷ গুৱাহাটীত ক’তো মাটি নাই৷ চৰকাৰী মাটি বিচাৰিব লাগিব৷ ৰাইজে মাটি এৰি নিদিয়ে৷ কোনো কোম্পানীয়ে মাটি কিনি উদ্যোগ নাপাতে৷ মাটি বিনামূল্যত দিবই লাগিব৷ ইয়াৰ পাছতে ইনচেনটিভ দিব লাগিব৷ ধনী ৰাজ্যসমূহে ইনচেনটিভ দিবলৈ সমস্যা নহয়৷ ইয়াত বিনিয়োগৰ প্ৰস্তাৱ দিয়াসকলে মধ্যপ্ৰদেশ, ৰাজস্থান, ওড়িশাতো প্ৰস্তাৱ দিছে৷ য’তে তেওঁলোকে বেছি ইনচেনটিভ পাব তালৈকে তেওঁলোক যাব৷ হাইড্ৰ’কাৰ্বন বা কেইটামান খণ্ডতহে আমি ইনচেনটিভ নিদিলেও হ’ব৷ গুজৰাটৰ দৰে ৰাজ্যই উদ্যোগ স্থাপন কৰা প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ দৰমহাৰো এটা অংশ দিয়ে৷ আমি ক’ৰ পৰা পইচা দিম৷ একেদৰে চাবচিটীত বিদ্যুৎ দিয়াৰ ক্ষেত্ৰতো আমাৰ সমস্যা আছে৷ গ্ৰীডত বিদ্যুৎসুলভ যদিও ক্ৰয় কৰিবলৈ যথেষ্ট ধন লাগিব৷ ধনী ৰাজ্যসমূহৰ সৈতে আমি এনেবোৰ দিশত প্ৰতিযোগিতা কৰিব নোৱাৰোঁ৷ তথাপি মই আশাবাদী ৮০ শতাংশ আমি সফল হ’ম৷ অহা ছমাহলৈ কোম্পানীসমূহৰ সৈতে আমাৰ ওৱান টু ওৱান বৈঠক অনুষ্ঠিত হ’ব৷ তেওঁলোকে আমাৰ পৰা কি বিচাৰে, আমি কি দিব পাৰোঁ– এইবোৰ কথা চূড়ান্ত হোৱাৰ পাছতে কথাবোৰ ফাইনেল হ’ব৷ বহু প্ৰস্তাৱ হয়তো আমি ইনচেনটিভ দিব নোৱাৰাৰ বাবেই প্ৰত্যাখান কৰিব লাগিব৷ প্ৰস্তাৱসমূহৰ এতিয়া অগ্ৰাধিকাৰ ভিত্তিত তালিকা প্ৰস্তুত কৰা হ’ব৷’ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়– ‘১৫ আগষ্টত বোমা এটা ফুটালেই আমাৰ সকলো প্ৰয়াস শূন্য হৈ যাব৷ অসমখন আৰু ৫০ বছৰ পিছুৱাই যাব৷ এডভাণ্টেজ আছামৰ জৰিয়তে আমি ৫ লাখ ১৮ বাজাৰ ২০৫ কোটি টকাৰ বিনিয়োগ লাভ কৰিলোঁ৷ অহা চাৰি বছৰ নিৰন্তৰ আমি কাম কৰিব লাগিব৷ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এডভাণ্টেজ আছাম-২.০ উদ্বোধন কৰি সমৱেত সকলো দেশ-বিদেশৰ উদ্যোগপতিকে অসমত মুক্ত মনেৰে বিনিয়োগ কৰিবলৈ আহ্বান জনালে৷ গুজৰাটৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰীয়ে এনে আহ্বান নজনায়৷ দুদিনীয়া ভ্ৰমণসূচীৰে আহি প্ৰধানমন্ত্ৰীয়ে নিৰ্ধাৰিত সময়তকৈ অধিক সময় ছামিটত কটালে৷ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড॰ এছ জয়শংকৰে লগত ৬২খন দেশৰ ৰাষ্ট্ৰদূতক লৈ বিনিয়োগ সন্মিলনত উপস্থিত থাকিল৷ এয়া অভূতপূৰ্ব ঘটনা আছিল৷ এডভাণ্টেজ আছামত সমগ্ৰ দেশৰ ৯,০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল৷ ইয়াৰ ভিতৰত ১,১০০ বিদেশী প্ৰতিনিধিয়ো আছিল৷ ৮৭,২০০ বৰ্গ ফুটৰ এলেকাত প্ৰদৰ্শনী অনুষ্ঠিত হ’ল৷ ইমান ডাঙৰ এৰিয়াত আগতে কেতিয়াও প্ৰদৰ্শনী হোৱা নাছিল৷ এই প্ৰদৰ্শনীখনেও এখন আত্মবিশ্বাসৰ অসমৰ প্ৰতিচ্ছবি দাঙি ধৰিলে৷ অসমৰ ষ্টাৰ্ট আপ যুৱকে ভাৰতীয় সেনাৰ বাবে দ্ৰোন নিৰ্মাণ কৰিছে৷’ এডভাণ্টেজ আছাম ২.০ ত লাভ কৰা বিনিয়োগৰ প্ৰস্তাৱসমূহৰ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনত নামৰূপ সাৰ কাৰখানাৰ ১২ হাজাৰ কোটিটকীয়া নতুন গ্ৰীণ্ড ফিল্ড প্ৰকল্পৰ কথা ঘোষণা কৰে৷ এই প্ৰকল্পৰ নিৰ্মাণ হ’লে অসম ইউৰিয়া প্ৰস্তুতৰ হাব হ’ব বুলিও তেওঁ ঘোষণা কৰে৷ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মুঠ ৮,২০০ কোটি টকাৰ প্ৰকল্প ঘোষণা কৰে৷ গুৱাহাটী ৰে’ল ষ্টেচনৰ উন্নীতকৰণৰ বাবে ৩০০ কোটি টকা খৰচ কৰিব৷ গুৱাহাটী ৰে’ল ষ্টেচনক ৱল্ডৰ্ ক্লাছ আন্তঃগাঁথনিলৈ ৰূপান্তৰ কৰা হ’ব৷ ৰে’ল ষ্টেচনৰ কাষত এখন আই টি পাৰ্ক কৰা হ’ব৷ কোক্‌ৰাঝাৰ-গেলেফু ৰে’ল লাইন নিৰ্মাণৰ বাবে ৩,৫০০ কোটি টকা খৰচ কৰা হ’ব৷ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ২,০০০ কোটি টকাৰ ঘোষণা কৰে৷ ইয়াৰে ১,৮০০ কোটি টকা ৰাজ্যৰ টেলিকমখণ্ডৰ উন্নয়নৰ বাবে খৰচ কৰা হ’ব৷ গুৱাহাটী বিশ্ববিদ্যালয়ত এটা ৫জি ডেভেলপমেণ্ট লেব প্ৰতিষ্ঠা কৰা হ’ব৷ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে অসমত খাৰুৱা তেল অন্বেষণৰ বাবে ১৫,০০০ কোটি টকা ৩ বছৰত বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা পাঁচ বছৰত ৪,৮০০ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে৷ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমত ৮০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰে৷ ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানিয়ে অসমত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰে৷ ৰিলায়েন্সে ডিজিটেল এ আই, হাইপাৰচনিক ডাটা চেণ্টাৰ স্থাপন, গ্ল’ৱেল কাষ্টমাৰ কেয়াৰ স্থাপন আদি দিশত কাম কৰিব৷ ক্লীন আৰু গ্ৰীন এনাৰ্জীৰ দিশতো তেওঁ কাম কৰাৰ আগ্ৰহী৷ মুকেশ আম্বানিয়ে চিবিজি নাইপাৰ বায়’ফুৱেলৰ দিশত কাম কৰিবৰ বাবে কাৰ্বি আংলঙত নাইপাৰৰ খেতি কৰিব৷ ইয়াৰ বাবে কাৰ্বি আংলঙত ১৫ দিনৰ ভিতৰত মাটি দিয়া হ’ব৷ কাৰ্বি আংলং আৰু ডিমা হাচাও হৈছে অসমৰ মাইন্‌ছ এণ্ড মিনাৰেল্‌ছত বৰ্তমান সৰ্বাধিক চহকী জিলা৷ ফুড আৰু বিভাৰেজৰ ক্ষেত্ৰতো ৰিলায়েন্সে কাম কৰাৰ ক্ষেত্ৰত আগ্ৰহী৷ ইতিমধ্যে কেম্পাকলাৰ উৎপাদন আৰম্ভ হৈছে৷ অসমৰ মাটি কঁঠাল, আদা আদিৰ ওপৰতো তেওঁলোক আগ্ৰহী৷ ৰিলায়েন্সে গুৱাহাটীত সপ্ততাৰকা অ’বেৰয় হোটেল নিৰ্মাণ কৰিব, ফিলানট্ৰফিক হিচাপে তেওঁলোক শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰতো কাম কৰাৰ আগ্ৰহী৷ টাটাই জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ লগতে ৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এটা ইলেক্ট্ৰনিক মেনুফেকচাৰিং ইউনিট প্ৰতিষ্ঠা কৰিব৷ ইয়াত ম’বাইল উৎপাদন হ’ব৷ টাটা পাৱাৰে ৩০,০০০ কোটি টকা খৰচ কৰিব৷ জাগীৰোডত টাটাই এখন হোটেল নিৰ্মাণ কৰিব৷ কাজিৰঙাত হোটেলৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে৷ সজন জিণ্ডালে থাৰ্মেল পাৱাৰৰ দিশত কাম কৰাত আগ্ৰহী৷ ৬০০-১২০০ মেগাৱাটৰ তেওঁলোকে বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব৷ চিমেণ্ট ফেক্টৰী নিৰ্মাণ কৰিবলৈও তেওঁলোক আগ্ৰহী৷ বেদান্ত গ্ৰুপৰ অনিল আগৰৱালাই ৫০ হাজাৰ কোটি টকা অসমৰ হাইড্ৰ’কাৰ্বন খণ্ডত বিনিয়োগ কৰিব৷ অইল, অ’এনজিচিৰ পৰিত্যক্ত তৈল খাদত তেওঁলোকে তৈল অন্বেষণ কৰিব৷ ইয়াৰ লগতে অইলে ২০ হাজাৰ কোটি আৰু অ’এনজিচিয়েও ১৫ হাজাৰ কোটি টকা তৈল অন্বেষণত ব্যয় কৰিব৷ সৰ্বমুঠ ৮৫,০০০ কোটি টকা ৰাজ্যৰ তেল অন্বেষণৰ খণ্ডত বিনিয়োগ হৈছে৷ তেল লাভ কৰিলে আমাৰ জিডিপি আৰু বহুত বাঢ়ি যাব৷ গৌতম আদানিয়ে ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব৷ বিমানবন্দৰ, এৰ’চিটী নিৰ্মাণৰ লগতে চিমেণ্ট, ডিফেন্স, ৰোড প্ৰজেক্ট আদিত তেওঁলোকে কাম কৰিবলৈ আগ্ৰহী৷ জুলাইৰ পৰা বিমানবন্দৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ এডভাণ্টেজ আছাম-২.০ প্ৰকল্পসমূহ হৈ উঠিলে দুই লাখ যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ বাট মুকলি হ’ব৷ মেদান্তই গুৱাহাটীত ৫০০ কোটি টকা ব্যয় কৰি এখন লিভাৰ সংৰোপনকে ধৰি জটিল ৰোগৰ চিকিৎসাৰ চিকিৎসালয়, মাতৃ আৰু শিশু চিকিৎসালয় আৰু লেমন টী হোটেল স্থাপন কৰিব বিচাৰিছে৷ তেওঁলোকক গুৱাহাটীত ১৫-২০ বিঘা মাটি লাগে৷ লীলাৱতী হাস্পতালে আমেৰিকাৰ মেঅ’ হাস্পতালৰ সহযোগত আন এখন চিকিৎসালয় স্থাপন কৰিব৷ হেল্‌থ চিটী হাস্পতালে একন আয়ুৰ্বেদিক কলেজ প্ৰতিষ্ঠা কৰিব৷ তেওঁলোকে এখন মেডিকেল কলেজ স্থাপন কৰিবলৈও আগ্ৰহী৷ একেদৰে প্ৰতীক্ষা হাস্পতালৰো বহুকেইটা প্ৰস্তাৱ আছে ৪-৫খন নতুন বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ আহিছে৷ ৪৫খন ননফাইনেন্সিয়েল বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে৷ প্ৰথমবাৰৰ বাবে বিদেশী বিনিয়োগো আমি লাভ কৰিছোঁ৷ উদ্যোগ বিভাগত ৪১০ কোটি, পশুপালনত ৩০০ কোটি, পৰিৱেশ আৰু বনত ২১৮ কোটি আৰু হাইড্ৰ’কাৰ্বন খণ্ডত ২,৬৫০ কোটি, পৰিবহণত ১২০ কোটি টকাৰ বিদেশী বিনিয়োগৰ চুক্তি স্বাক্ষৰ হৈছে৷ মূলতঃ মেনুফেকচাৰিং, হাইড্ৰ’কাৰ্বন আৰু গ্ৰীন এনাৰ্জী খণ্ডত আমি সৰ্বাধিক বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছোঁ৷ নালকোই অসমৰ চৰকাৰী মাধ্যমিক স্কুলসমূহত দক্ষতাৰ শিক্ষা দিব৷ মেডিকেল, ইঞ্জিনিয়াৰিং, স্কীল, নাৰ্চ আদি খণ্ডত আমি এক বৃহৎ ৱৰ্কফ’ৰ্চ সাজু কৰি তুলিব লাগিব৷’ উদ্যোগৰ বাবে আমি ৩০ শতাংশ, কৃষিৰ বাবে ৩০ শতাংশ, ছাৰ্ভিচখণ্ডৰ বাবে ৩০ শতাংশ আৰু মাইন্‌ছৰ বাবে ১০ শতাংশ ভূমি ৰাখিব লাগিব৷ ক’ৰ কৃষিখণ্ডত উদ্যোগ স্থাপন কৰা নহ’ব৷’


ষ্টাৰ্টআপ আন্দোলনে অসমৰ উজ্জ্বল ভৱিষ্যতৰ ইংগিত দিছেঃ  মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ  মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ‘এডভাণ্টেজ আছাম ২.০’ৰ সৈতে সংগতি ৰাখি মুকলি কৰা প্ৰদৰ্শনীখনৰ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ আৰু বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ পেভেলিয়নসমূহ আজি পৰিদৰ্শন কৰে৷ কাইলৈ অৰ্থাৎ, ১ মাৰ্চপৰ্যন্ত চলিবলগীয়া এই প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই   ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগসমূহৰ উদ্ভাৱনী আৰু সৃষ্টিশীল দক্ষতাৰ ভূয়সী প্ৰশংসা কৰে৷ তেওঁ কয় যে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰদৰ্শনীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ নতুন যুগৰ উদ্যোগীসকলৰ উদ্ভাৱনক স্বীকৃতি প্ৰদানৰ দিশতো এনে প্ৰদৰ্শনীসমূহে বিশেষ বৰঙণি যোগায় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ‘এডভাণ্টেজ আছাম ২.০’ৰ সৈতে সংগতি ৰাখি মুকলি কৰা প্ৰদৰ্শনীখনত পানীমেটেকাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ পৰা কাঁহ আৰু পিতলৰ পৰা প্ৰস্তুত মূল্যসংযোজিত অভিনৱ সামগ্ৰী, ৰাজ্যখনৰ চহকী ঐতিহ্যক প্ৰতিফলিত কৰা মুগাৰ পৰা প্ৰস্তুত আ-অলংকাৰ আদিয়ে ক্ৰেতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ নতুন প্ৰজন্মৰ উদ্যোগীসকলৰ উদ্ভাৱনী দক্ষতাই তেওঁক অভিভূত কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰদৰ্শনীখনত অংশগ্ৰহণৰ জৰিয়তে ৰাজ্যৰ বহু যুৱ উদ্যমীয়ে ‘এডভাণ্টেজ আছাম ২.০’ সন্মিলনত অংশগ্ৰহণ কৰা বহিঃৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে ৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কালি এই প্ৰদৰ্শনীখনৰ ‘অসম–অতীত, বৰ্তমান আৰু ভৱিষ্যৎ’ শীৰ্ষক পেভেলিয়নত অংশগ্ৰহণ কৰা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠানসমূহৰ বীথিকাসমূহ পৰিদৰ্শন কৰিছিল৷ আজি তেওঁ প্ৰদৰ্শনীখনত জীৱ ইন্ধন, জৈৱিকভাৱে প্ৰস্তুত স্বাস্থ্য সম্বন্ধীয় আৰু খোৱাকাৰ্যত ব্যৱহৃত সামগ্ৰী, স্থানীয় যুৱ উদ্যোগীয়ে শামুকৰ পৰা আহৰিত মুকুতাৰ দ্বাৰা প্ৰস্তুত গহণা আদি প্ৰদৰ্শন কৰা প্ৰায় ২০০ টা বীথিকা পৰিদৰ্শন কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমত এতিয়া ষ্টাৰ্টআপৰ এক আন্দোলন আৰম্ভ হৈছে৷ আনকি অসমৰ যুৱ উদ্যমীয়ে নিৰ্মাণ কৰা ড্ৰোন সেনা বাহিনীৰ দ্বাৰাও ব্যৱহৃত হৈছে৷ এনেধৰণৰ উদ্যমে এখন উজ্জ্বল অসমৰ ভৱিষ্যৎ প্ৰতিফলিত কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে এনে উদ্যোগীসকলে নিজকে সফলভাৱে প্ৰতিষ্ঠিত কৰাৰ উপৰি বহুজনক সংস্থাপনো দিবলৈ সক্ষম হৈছে৷ এক মাৰ্চপৰ্যন্ত চলিবলগা প্ৰদৰ্শনীখন চাবলৈ ৰাজ্যৰ যুৱচামক পুনৰ এবাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে এই প্ৰদৰ্শনীখনে বহু যুৱ উদ্যমীক অনুপ্ৰেৰণা যোগাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে৷  মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত মুখ্য সচিব ড॰ ৰবি কোটাসহ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে৷

এডভাণ্টেজ অসম এটা ডাঙৰ টুপীঃ  অখিল গগৈ

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদকঃ  ৰাজ্যত এডভাণ্টেজ অসমৰ জৰিয়তে আঢ়ৈ লাখ কোটিৰ বিনিয়োগত সমৰ্থন প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ অৱশ্যে গগৈয়ে ইয়াৰ বিপৰীতে কিন্তু এয়া নিৰ্বচনী টোপ বুলিও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কটাক্ষ কৰিছে৷ আজি কাজিৰঙাৰ অৰ্কিড আৰু জীৱ-বৈচিত্ৰ্য উদ্যানত এডভাণ্টেজ অসম সন্দৰ্ভত সংবাদ মেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয়, অসমত উদ্যোগ হ’ব আমি আশাবাদী, বিজেপি চৰকাৰৰ দ্বাৰা যদি কিবা ভাল কাম হয় হওক৷ তেওঁ কয়, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যেনেদৰে বিনিয়োগৰ বিষয়টো অতিৰঞ্জিত কৰি প্ৰচাৰ কৰিছে সেয়া লক্ষণীয়৷ অসমক ইণ্ডাষ্ট্ৰীৰ হাব কৰি পেলোৱাৰ দৰে অতিমাত্ৰা প্ৰচাৰ চলাইছে, প্ৰচাৰ এনেকৈ চলাইছে যেন তৃতীয় বিশ্বৰ দেশ অসমক আমেৰিকাৰ দৰে কৰি তুলিব৷ এই যি বাহিৰৰ পুঁজি সেয়া বিনিয়োগেৰে অসমখনক বদলাই দিম বুলি ভবা হৈছে যদিও বাহিৰৰ পুঁজিৰে ইণ্ডাষ্ট্ৰী কৰিলে নিয়োগৰ ক্ষেত্ৰত অসমৰ স্থানীয় মানুহে পিয়ন, চকীদাৰ, শ্ৰমিকৰ বাহিৰে আন বিশেষ পদবীত চাকৰি পোৱাৰ সম্ভাৱনা ক্ষীণ বুলি উল্লেখ কৰি গগৈয়ে কয়, উদ্যোগ পৰিচালনাৰ উচ্চ পদবীসমূহৰ বাবে, টেকনিকেল ক্ষেত্ৰত ৮০/৯০ শতাংশ লোক বাহিৰৰ পৰাই আহিব৷ গগৈয়ে কয়, সম্প্ৰতি অসমত নিজস্ব পুঁজিৰ বিকাশ ঘটাব লাগে, অসমৰ যুৱক-যুৱতীক পেচাদাৰী হিচাপে গঢ় দিয়াৰ ব্যৱস্থা কৰিব লাগে, দক্ষতা বিকাশ কৰাব লাগে৷ পেচাদাৰী কৰি তোলাৰ ব্যৱস্থা কৰা নাই, বৰং ধৰ্মীয়-ৰাজনৈতিক বিষয়ত প্ৰাধান্য দিয়াৰ লগতে হিতাধিকাৰী সৃষ্টি কৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয় অসমত পুঁজিৰ বিকাশ হৈছে, স্বাধীনতাৰ পাছত অসমত ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত পুঁজিৰ বিকাশ হৈছে৷ ইয়াৰ বিপৰীতে কিন্তু আৰ্জিত ধনৰ পুনৰ বিনিয়োগ হোৱা নাই৷ উজনিৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উদাহৰণ দি গগৈয়ে কয়, তেওঁলোকে যিখিনি উপাৰ্জন কৰে সেয়া এখন গাড়ী, ইটালীয়ান বাসগৃহ নিৰ্মাণ, বিদেশ ভ্ৰমণ, বিবাহ, সকাম, এনিভাৰ্চেৰী পাৰ্টী, জন্মদিন, ভাওনা, ৰাস আদি পাতি খৰচ কৰিছে, পুনৰ বিনিয়োগ হোৱা নাই৷ গতিকে এইক্ষেত্ৰত পুঁজিৰ বিকাশৰ ব্যৱস্থা হ’ব লাগে বুলিও গগৈয়ে কয়৷ ইফালে, অসমত দ্বিতীয় পুঁজি বিকাশ হৈছে কাৰ্বি আংলং, উত্তৰ কাছাৰ, গোৱালপাৰা, বঙাইগাঁৱত ৰবৰ খেতিৰ দ্বাৰা, যিটো এটা ক্ষুদ্ৰ পুঁজিৰ বিকাশ বুলি উল্লেখ কৰি গগৈয়ে কয় তৃতীয়তে শাক-পাচলিৰ ক্ষেত্ৰখনত মিঞা, মুচলন্ত মানুহসকলৰ মাজত আৰু চতুৰ্থতে ফিছাৰীৰ ক্ষেত্ৰখনতো মুচলন্তসকলে পুঁজিৰ বিকাশ ঘটাইছে৷ সম্প্ৰতি ৰাজ্যত ৩৫লাখ পঞ্জীয়নভুক্ত নিবনুৱা আছে বুলি সদৰি কৰি গগৈয়ে কয়, উদ্যোগীকৰণৰ ক্ষেত্ৰত স্থানীয় নিবনুৱাই চাকৰি পাবলৈ হ’লে অঞ্চলটোৰ যুৱক-যুৱতীৰ মাজত দক্ষতা বিকাশৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ ইফালে, এডভাণ্টেজ অসম ২.০ অসমৰ ৰাজনৈতিক ইতিহাসত ৰাইজক পিন্ধোৱা আটাইতকৈ ডাঙৰ টুপি বুলি মন্তব্য কৰি গগৈয়ে প্ৰশ্ন উত্থাপন কৰে যে, যদিহে এয়া কৰিব বিচাৰিছেই তেন্তে চৰকাৰৰ কাৰ্যকালৰ শেষ সময়ত কিয় কৰিছে, পূৰ্বতেই কিয় নকৰিলে বা নতুন চৰকাৰ গঠন কৰি এডভাণ্টেজ অসম ২.০ অনুষ্ঠিত কৰাৰ কথা কিয় নাভাবিলে৷ সেয়ে এয়া নিৰ্বাচনী টোপ যেনহে লাগিছে বুলিও কটাক্ষ কৰে গগৈয়ে৷  ইফালে, আগন্তুক নিৰ্বাচনৰ বাবে বিৰোধী একত্ৰীকৰণ সন্দৰ্ভত তেওঁ কয় যে, ২০২৬ৰ নিৰ্বাচনৰ বাবে ৰাইজৰ দলে বিজেপিক পৰাভূত কৰিবৰ বাবে কংগ্ৰেছৰ সৈতে বুজাবুজিত আহিব, কিন্তু সেয়া আদৰ্শগত বুজাবুজি হ’ব লাগিব,  সন্মানসহ ‘‘ক’মন মিনিমাম প্ৰ’গ্ৰেম থাকিব লাগিব’’৷ অন্যথা কেৱল কংগ্ৰেছক সকলো সুবিধা কৰি দিয়াৰ ক্ষেত্ৰত আদৰ্শগত অসুবিধা থাকিব বুলি স্পষ্ট কৰি গগৈয়ে কয়, বিগত ২০২১ চনৰ নিৰ্বাচন, পৰৱৰ্তী উপ-নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত আমি কেৱল ব্যৱহাৰ হ’লোঁ৷ আনহাতে, ৬৩পৃষ্ঠাৰ প্ৰশ্নকাকতৰ সন্দৰ্ভত গগৈয়ে কয় যে, এয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত মানসিক অত্যাচাৰৰ বাহিৰে এয়া আন একো নহয়৷ এইবাৰ এইখন চৰকাৰে প্ৰশ্নকাকতত বিশ্ব ৰেকৰ্ড কৰিব বিচাৰিছে নেকি বুলি টিপ্পনীৰে অভিযোগ কৰি কয় যে, প্ৰশ্নকাকতত সাম্প্ৰদায়িক প্ৰশ্ন অন্তৰ্ভুক্ত কৰি বিজেপিৰ সাংস্কৃতিক আগ্ৰাসন চলাব বিচাৰিছে৷ তেওঁ লগতে উল্লেখ কৰে যে, বিজেপিয়ে সম্প্ৰতি যেন নিজা ধৰণে সংবিধান চলাব ধৰিছে৷ ব্যুৰুক্ৰেটছত বিজেপিয়ে আগ্ৰাসন কৰাৰ পাছত এতিয়া শিক্ষানুষ্ঠান বাচি লৈছে বুলিও প্ৰসংগক্ৰমে গগৈয়ে উল্লেখ কৰে৷