
পাৰমাণৱিক বোমাৰ ভাবুকি দিলে ইৰানে
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ ফেব্ৰুৱাৰীঃ নব্য শত্ৰু ইজৰাইল আৰু চিৰশত্ৰু আমেৰিকাক শংকিত কৰি ইৰান পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ দুৱাৰদলিত উপস্থিত হৈছে৷ পাৰমাণৱিক কাৰ্যসূচী শান্তিৰ বাবে বুলি চলি থকা বিশ্বজোৰা ধাৰণাৰ সৈতে ইমানদিনে একে খোজত আগবাঢ়ি থকা দেশখনে এতিয়া পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰিবলৈ জৰুৰী পদক্ষেপ গ্ৰহণ কৰাত সেয়া কেৱল ইজৰাইল-আমেৰিকাৰে নহয়, সমগ্ৰ বিশ্বৰ প্ৰতিও ভাবুকি হৈ পৰিছে৷ দেশখনৰ সেনাবাহিনী ‘ইছলামিক ৰিভ’লিউচনেৰী গাৰ্ড ক’ৰ’ৰ (আই আৰ জি চি) শীৰ্ষ কমাণ্ডাৰে দেশৰ সৰ্বোচ্চ নেতা আয়াতোল্লা খামেনেইক ইৰানৰ পৰমাণু নীতি সলনি কৰিবলৈ তীব্ৰ হেঁচা প্ৰয়োগ কৰিছে৷ দেশৰ পাৰমাণৱিক কাৰ্যসূচী যুদ্ধৰ ক্ষেত্ৰত ব্যৱহূত নহ’ব বুলি সৰ্বোচ্চ নেতাজনৰ ফটোৱা আছিল৷ এতিয়া খামেনেইক সেই ফটোৱা প্ৰত্যাহাৰ কৰিবলৈ কেৱল সেনাই নহয়, সৰ্বদিশৰ পৰা হেঁচা প্ৰয়োগ কৰা হৈছে৷ খামেনেইয়ে ফটোৱা প্ৰত্যাহাৰ কৰাৰ অন্যাৰ্থ হ’ব দেশখনৰ ‘নিউক্লিয়েৰ ডকট্ৰিন’ অৰ্থাৎ পাৰমাণৱিক শক্তি ব্যৱহাৰৰ নীতি সলনি হোৱা৷ খামেনেইয়ে তেওঁৰ ফটোৱা প্ৰত্যাহাৰ কৰিলে ইৰানে নীতি সলনি হোৱাৰ দোহাই দি পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰত বাধা নাথাকিব৷ ইজৰাইল-আমেৰিকাক প্ৰতিৰোধ কৰিবলৈ ইৰানে ‘নিউক্লিয়েৰ ডকট্ৰিন’ সলনি কৰাটো অনিবাৰ্য বুলিয়েই ধাৰণা কৰা হৈছে৷
ইৰানৰ পাৰমাণৱিক শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত শান্তিৰ পৰা যুদ্ধলৈ মনোভাৱ সলনি হোৱাটো নিশ্চিত কৰিছে ৰাষ্ট্ৰসংঘৰ ‘নিউক্লিয়েৰ মনিটৰিং এজেন্সী’য়ে (আই এ ই এ)৷ ভিয়েনাত থকা এই ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি ইৰানে পৰমাণু অস্ত্ৰত ব্যৱহাৰ কৰিব পৰা ইউৰেনিয়ামৰ মজুতকৰণ বিগত বছৰৰ তুলনাত ৫০ শতাংশ বৃদ্ধি কৰিছে৷ ইয়াক ‘ৱেপন গ্ৰেড ইউৰেনিয়াম’ বুলি কোৱা হয়৷ ইৰানৰ হাতত ‘এনৰিচড’ ইউৰেনিয়াম ৬০ শতাংশ আছে, যিটো অৱস্থা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰা এখোজ দূৰত৷ সেই ইউৰেনিয়াম ৯০ শতাংশলৈ ‘এনৰিচড’ বা প্ৰক্ৰিয়াকৰণ কৰিলেই দেশখনে পাৰমাণৱিক অস্ত্ৰ হাতৰ মুঠিতে পাব৷ ইৰানৰ হাতত ৬০ শতাংশ ‘এনৰিচড’ ইউৰেনিয়ামৰ পৰিমাণ এতিয়া ২৭৪.৮ কিলোগ্ৰাম৷ এই তথ্য বিগত ৮ ফেব্ৰুৱাৰীৰ৷ বিগত নৱেম্বৰত দেশখনৰ হাতত তেনে ইউৰেনিয়ামৰ পৰিমাণ আছিল ৯২.৫ কিলোগ্ৰাম৷ ইৰানে ইউৰেনিয়াম ‘এনৰিছ’ (প্ৰক্ৰিয়াকৰণ) কৰাৰ গতি আৰু মজুতকৰণৰ পৰিমাণ দেখি সেয়া পাৰমাণৱিক অস্ত্ৰ তৈয়াৰৰ শেষ প্ৰস্তুতি বুলি ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে প্ৰকাশ কৰিছে৷ এই পৰিমাণৰ ইউৰেনিয়ামেৰে ইৰানে কমেও ৬টা বিধবংসী পৰমাণু অস্ত্ৰ তৈয়াৰ কৰিব পাৰিব আৰু সেয়াই ইজৰাইল-আমেৰিকাৰ প্ৰতি ভাবুকিৰ মূল কাৰণ৷